কথাবোৰ – মেৰী বৰদলৈ

Pc Get The Friends You Want

কথাবোৰ

মেৰী বৰদলৈ, নগাঁও

কথাবোৰ যদিও
এতিয়া পুৰণি
তথাপিও মোৰ বাবে
চিৰস্বাশত
সন্ধিয়াৰ কথোপকথন বোৰে
বৰকৈ আমনি কৰে
আৰু !আৰু মই সেই
কথোপকথনবোৰক
এটি হাঁহিৰে সম্ভাষণ জনাই
ৰোমন্থন কৰোঁ
দুচকুত সপোনৰ ছবিখন ৰাখি
এতিয়া সময়বোৰ কিজানি
অচিনাকি
তথাপিও সেই
চিনাকি সময়ে দিয়া
মুহূৰ্তবোৰ মোৰ বাবে
আজিও সেই তেতিয়াৰ দৰে
আপোনৰ সুবাস
কথা পাতো
মনৰ ছবিখন দুচকুত ৰাখি
হাজাৰ কথা
কথা দিছিলোঁ এদিন
অপেক্ষা কৰাৰ কথা
পাহৰা নাই সেই কথা
অপেক্ষা কৰিম
সেই দিনটোলৈ
যিটো দিনত
মোৰ সপোনৰ ছবিখনে
ক’ব আহি
যে….
হাজাৰজনৰ মাজৰ
তুমিও মোৰ একমাত্ৰ
অচিন পথৰ
বিশ্বাসী চিনাকি পথিক আছিলা
আজি সন্ধিয়াটিক সুধিছিলোঁ মই
মই বাৰু
কথা পাতিব নাজানো নে
কথা ক’ব নাজানো
নে মই হাঁহিব নাজানো
নে মই….. ?