ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সৰ্প উদ্ধাৰ

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সৰ্প উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত এডাল সাপ দেখা পোৱাক লৈ কিছু সময়ৰ বাবে ছাত্ৰ সকল আৰু কৰ্মচাৰীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়। ছাত্ৰাবাসত সাপটো দেখা পোৱাৰ পিছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড⁰ অজিত হাজৰিকা, সহকাৰী অধ্যাপক ৰূপজ্যোতি চহৰীয়া , ৰঞ্জিত হাজৰিকা ,পৰীণিতা দেৱী, সেৱাব্ৰত বৰপাত্ৰ সহ কেইবাজনো লোকে সাপটো নিৰীক্ষণ কৰে। পিছত বিষয়টো বন্যপ্ৰাণী উদ্ধাৰকৰ্মী চিৰঞ্জীৱ হাজৰিকাক জনোৱা হয়। খবৰ পোৱাৰ লগে লগে চিৰঞ্জীৱ হাজৰিকাই তেওঁৰ দলৰ সৈতে মহাবিদ্যালয়ৰ ছাত্ৰাবাসত উপস্থিত হয়। উদ্ধাৰকাৰী দলটোৱে যথেষ্ট সাৱধানতা অৱলম্বন কৰি সাপটোক কোনো ধৰণৰ আঘাত নোপোৱাকৈ উদ্ধাৰ কৰে। বিশেষকৈ চিৰঞ্জীৱ হাজৰিকাই অতি দক্ষতাৰে সাপটো ধৰি উদ্ধাৰ অভিযান সম্পন্ন কৰে। পিছত সাপটো নিৰাপদ স্থানলৈ লৈ যোৱা হয়। বন্যপ্ৰাণীৰ প্ৰতি সহানুভূতি আৰু সচেতনতা দেখুৱাই সাপটোক হত্যা নকৰি সুৰক্ষিতভাৱে উদ্ধাৰ কৰাত মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলৰ এই পদক্ষেপ অতি প্ৰসংশনীয়।