হৃদয়ৰ একোখনি নদী – ৰুমী কলিতা দত্ত

Pc Pexels

হৃদয়ৰ একোখনি নদী

 ৰুমী কলিতা দত্ত
২নং কেন্দুগুৰি,ধমন,ডিব্ৰুগড়

প্ৰতিজন মানুহৰে বুকুত
থাকে একোখনি নদী
কোনেও নেদেখে তাৰ বৈ যোৱা সুঁতি।
কেতিয়াবা সুখৰ প্লাৱনত
ই দুয়োপাৰ উপচি পৰে
কেতিয়াবা আকৌ নিৰৱে বিষাদৰ বালিচৰ গঢ়ে।
আমিবোৰে দেখোন মাথোঁ
মুখৰ হাঁহিটোকে দেখোঁ,
ভিতৰৰ উচুপনিবোৰক জানো
কেতিয়াবা কিবা সোধোঁ?
প্ৰতিটো অভিমানৰ আঁৰত থাকে
অলপ মৰমৰ ভোক
এটোপাল চকুৰ পানিতে লীন হয়
হাজাৰটা শোক।
ধুনীয়া সাজপাৰ পিন্ধিলেই
 মানুহ সুখী নহয় জানা,
নিভৃত কোণত  থকা মৰমৰ
 নাই কোনো সীমানা।
কেতিয়াবা এটা মিঠা মাতেই
 মচি দিয়ে যুগৰ ভাগৰ
কেতিয়াবা আকৌ এষাৰ
অবুজ কথাই বুকুত তোলে সাগৰ।
আহা, আমি ইজনে সিজনৰ
 হৃদয়ৰ খবৰ লওঁ,
স্বাৰ্থৰ এই পৃথিৱীত অলপ নিঃস্বাৰ্থ হৈ ৰওঁ।
কিয়নো শেষত সকলোৱে
বিচাৰে মাথোঁ একাজলি মৰম
যিয়ে জুৰাব পাৰে জীৱনৰ
আটাইতকৈ কঠিন গৰম।