অসম আৰক্ষীৰ ৭২ বিষয়া জোৱানলৈ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক
ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ এই ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসমৰ ৰাজ্যপালে আৰক্ষী, অগ্নিনির্বাপক আৰু কাৰাগাৰ বিভাগৰ মুঠ ৭২ গৰাকী বিষয়া আৰু কৰ্মচাৰীক দুটা গুৰুত্বপূৰ্ণ পদকেৰে সন্মানিত কৰিছে। মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক আৰু মুখ্যমন্ত্ৰীৰ আৰক্ষী পদকেৰে সন্মানিত কৰা এই ৭২ গৰাকী বিষয়া জোৱান তথা কৰ্মচাৰীক মূলতঃ এইবাৰ বিপদৰ সময়ত আৰু সাধাৰণ কৰ্তব্যত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হৈছে।যিকোনো সংকটৰ সময়ত তথা বান, প্রাকৃতিক দুর্যোগ আৰু জৰুৰীকালীন পৰিস্থিতিত সাহস আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে মুঠ ৩৭ গৰাকীক এইবাৰ মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক প্রদান কৰা হৈছে। এই বিশেষ সেবা পদকপ্রাপ্তসকল হৈছে ক্রমে- দেৱজ্যোতি মুখার্জী (মহাপৰিদৰ্শক, সীমান্ত আৰু অগ্নিনির্বাপক সেৱা), অংকুৰ জৈন (আয়ুক্তালয়ৰ যুটীয়া আয়ুক্ত, গুৱাহাটী), পদ্মনাভ বৰুৱা (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ওদালগুৰি), জয়ন্ত সাৰথি বৰা (আয়ুক্তালয়ৰ উপ-আযুক্ত, যাতায়াত, গুৱাহাটী), মৃণাল ডেকা (অধ্যক্ষ, লোকপ্রিয় বৰদলৈ আৰক্ষী একাডেমী, দেৰগাঁও), সুমিতা শর্মা (সহকাৰী আৰক্ষী মহাপৰিদৰ্শক, প্রশিক্ষণ, অসম), ৰিপুঞ্জয় কাকতি (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ডিমাহাছাও), মৈত্রেয়ী ডেকা (সহকাৰী জিলা আৰক্ষী অধীক্ষক, জালুকবাৰী), দিনেশ কুমাৰ, (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, হামৰেণ, পশ্চিম কাৰ্বি আংলং), নিব্রাংশু হাঁচ (সহকাৰী জিলা আৰক্ষী অধীক্ষক, বোকাখাট, গোলাঘাট), কিৰাট সোনোৱাল (উপ-আৰক্ষী অধীক্ষক, পশ্চিম কাৰ্বি আংলং), পাপৰী চেতিয়া (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, শিৱসাগৰ), আৰ্যন নাথ (উপ-আৰক্ষী অধীক্ষক, চৰাইদেউ), নিৰীক্ষক হৰিমন পাংগিং (আৰক্ষী ৰেডিঅ’ সংস্থা, চৰাইদেউ), উপ-নিৰীক্ষক মানস প্রতিম গগৈ (আৰক্ষী ৰেডিঅ’ সংস্থা, শিৱসাগৰ), সহকাৰী উপ-নিৰীক্ষক ৰিপুল আহমেদ (আৰক্ষী ৰেডিঅ’ সংস্থা, শিৱসাগৰ), সহকাৰী উপ-নিৰীক্ষক মানস প্রতিম বৰা (আৰক্ষী ৰেডিঅ’ সংস্থা, শিৱসাগৰ), হাবিলদাৰ সঞ্জয় মিলি (আৰক্ষী ৰেডিঅ’ সংস্থা, চৰাইদেউ), কনিষ্টবল অংকুৰ সোনোৱাল (আৰক্ষী ৰেডিঅ’ সংস্থা, চৰাইদেউ), উপ-হাবিলদাৰ মানস হাতীবৰুৱা (চৰাইদেউ জিলা আৰক্ষী), অগ্নিনির্বাপক জোৱান অনুজ বৰা (শিৱসাগৰ), অগ্নিনির্বাপক জোৱান মনোজ চৌধুৰী (শিৱসাগৰ), অগ্নিনির্বাপক জোৱান আচিফ আহমেদ (শিৱসাগৰ), জৰুৰীকালীন প্ৰতিকাৰী জ্ঞানদীপ নেওগ (শিৱসাগৰ), অগ্নিনির্বাপক জোৱান কুমাৰ ৰেগন (শিৱসাগৰ), জৰুৰীকালীন প্রতিকাৰী দেৱিছন চুটীয়া (শিৱসাগৰ), অগ্রণী অগ্নিনির্বাপক জোৱান ভদ্রেশ্বৰ তেৰণ (কাৰ্বি আংলং), প্ৰতিকাৰী দলৰ অধিনায়ক হেমকান্ত বৰা (অসম), জৰুৰীকালীন প্রাধিকাৰী কৌস্তভমণি পাটৰ (কাৰ্বি আংলং), জৰুৰীকালীন প্রধিকাৰী আফং ৰংহাং (কাৰ্বি আংলং), জৰুৰীকালীন প্রধিকাৰী ৰাজীৱ ভৰালী (শিৱসাগৰ), জৰুৰীকালীন প্ৰতিকাৰী সুৰেন ওৰাং (শিৱসাগৰ), কৰুণাকান্ত বৰ্মন (জিলা কাৰাগাৰ, কোকৰাঝাৰ)। ইফালে, সাধাৰণ কৰ্তব্যত অসাধাৰণ কৃতিত্বৰ বাবে মুঠ ৩৫ গৰাকীক এইবাৰ মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক প্রদান কৰা হৈছে। এই আৰক্ষী পদকপ্রাপকসকল হৈছে ক্রমে- অখিলেশ কুমাৰ সিং (আৰক্ষী সঞ্চালক, আইন-শৃংখলা শাখা, অসম), পৱিন্দ্ৰ কুমাৰ নাথ (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ভিজিলেঞ্চ, গুৱাহাটী), দেৱাশিস শর্মা (সেনাধ্যক্ষ, ১২ নং অসম আৰক্ষী বাহিনী, জামুগুৰিহাট), লীনা দলে (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, শ্রীভূমি), পেট্রিক ৰংহাং (সেনাধ্যক্ষ, ৯ নং অসম আৰক্ষী বাহিনী, বৰহমপুৰ), উজ্জ্বল প্ৰতিম বৰুৱা (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বাক্সা), ববুল গগৈ (সেনাধ্যক্ষ, ২য় অসম আৰক্ষী বাহিনী, মাকুম), গৌৰৱ কুমাৰ আগৰৱাল (সেনাধ্যক্ষ, বিটিচি, দেৰগাঁও), ৰাজেন্দ্ৰ ওজা (জ্যেষ্ঠ আৰক্ষী অধীক্ষক, ৰাজ্যিক শাখা, কাহিলিপাৰা), ভিকু এল আচুমি (আয়ুক্তালয়ৰ অতিৰিক্ত উপ-আয়ুক্ত, কেন্দ্রীয়, গুৱাহাটী), নীলতপল ডেকা (সহকাৰী জিলা আৰক্ষী অধীক্ষক, টীয়ক, যোৰহাট), পৰমিতা সৰকাৰ (উপ-আৰক্ষী অধীক্ষক, নগাঁও), মানস প্রতিম চৌধুৰী (উপ-আৰক্ষী অধীক্ষক, শ্রীভূমি), বিনন্দ বসুমতাৰী (উপ-আৰক্ষী অধীক্ষক, সীমান্ত শাখা, কোকৰাঝাৰ), নিৰীক্ষক ৰূপম হাজৰিকা (কামৰূপ জিলা আৰক্ষী), নিৰীক্ষক দেৱজিৎ চৌধুৰী (অপৰাধ অনুসন্ধান শাখা, গুৱাহাটী), উপ-নিৰীক্ষক প্রিয়ংকা বুঢ়াগোহাঁই (ওদালগুৰি জিলা আৰক্ষী) উপ-নিৰীক্ষক ৰোশন থাপা (তিনিচুকীয়া জিলা আৰক্ষী), উপ-নিৰীক্ষক অনুপজ্যোতি পাতিৰী (কামৰূপ জিলা আৰক্ষী), উপ-নিৰীক্ষক সঞ্জীৱ কুমাৰ চৌধুৰী (ৰাজ্যিক ৰে’ল আৰক্ষী, পাণ্ডু), হাবিলদাৰ মুজিবুৰ ৰহমান (১০ নং অসম আৰক্ষী বাহিনী, কাহিলিপাৰা), লেঞ্চ নায়ক মতেন হাকমচা (৫ম অসম আৰক্ষী বাহিনী, সোণতিলা, ডিমা হাছাও জিলা), লেঞ্চ নায়ক লালনগাকা দাৰনেই (৫ম অসম আৰক্ষী বাহিনী, সোণতিলা), লেঞ্চ নায়ক উৎপল দৌলাগুপু (৫ম অসম আৰক্ষী বাহিনী, সোণতিলা), লেঞ্চ নায়ক বস্তু লিম্বু (তিনিচুকীয়া জিলা আৰক্ষী), লেঞ্চ নায়ক বিজয় নাথ গগৈ (তিনিচুকীয়া জিলা আৰক্ষী), উপ-হাবিলদাৰ বিদ্যুৎ মৰাণ (তিনিচুকীয়া জিলা আৰক্ষী), উপ-হাবিলদাৰ উৎপল মৰাণ (তিনিচুকীয়া জিলা আৰক্ষী), লেঞ্চ নায়ক বুলন গোহাঁই (ডিব্রুগড় জিলা আৰক্ষী), লেঞ্চ নায়ক অপূর্ব ৰংহাং (আয়ুক্তালয়, গুৱাহাটী), লেঞ্চ নায়ক কল্যাণ বৈশ্য (আয়ুক্তালয়, গুৱাহাটী), লেঞ্চ নায়ক কমল বড়ো (আয়ুক্তালয়, গুৱাহাটী), লেঞ্চ নায়ক হেমন্ত কছাৰী (আয়ুক্তালয়, গুৱাহাটী), লেঞ্চ নায়ক পার্থ দেউৰী (যোৰহাট জিলা আৰক্ষী), লেঞ্চ নায়ক জিতেন চন্দ্র নাথ (নগাঁও জিলা আৰক্ষী), লেঞ্চ নায়ক ভৃগু নন্দন বৰা (নগাঁও জিলা আৰক্ষী)।
