স্বাধীন নে মই
ইভা গন্ধীয়া ফুকন
কোন স্বাধীন কোন পৰাধীন
বুকু ফিন্দাই ক’ব পাৰিমনে
মই স্বাধীন বুলি
মোৰ পদূলিত জোন ওলালে
মই হৈ পৰো গৃহবন্দী
বাহিৰলৈ যোৱাৰ কথা ভাবিলে
মোৰ বুকুখন কঁপি উঠে
নৰপিশাচৰ বিচৰণৰ সময়
কৰ যোৰে কাকুতি- মিনতি কৰিলেও
বাট এৰি নিদিয়াৰ সময়
মানৱতাৰ মুখা পিন্ধা সমাজ নিমাত
চেতনাৰ প্ৰদীপ নুমাল
ক’ত নিহিত হৈ আছে আমাৰ বিবেক
শাসন শোষণৰ বাঘজৰী
শিথিল কৰাৰ কাৰ আছে সাহস
শংকিত হওঁ মুখ খুলি কথা ক’বলৈ
ৰঙাঘৰৰ দুৱাৰখন খোল খায় বুলি
ক’ত লুকাল সভ্যতাৰ স্বাধীনতা
কিমানজনে মনত ৰাখিছোঁ
স্বাধীনতা সংগ্ৰামীৰ আত্ম বলিদানৰ কথা
অৰ্থনৈতিক ভাৱে সবল নহওঁ আজিও
সংকটৰ সময়ত পাতিব লাগে দুহাত
অত্যাচাৰীৰ বাঢ়িছে দুঃসাহস
অনুৰণনত কঁপি উঠে মনৰ দেৱাল
কেনেকৈ কওঁ মই স্বাধীন বুলি।
