অসম আৰক্ষীৰ ১৫ বিষয়া-জোৱানলৈ ৰাষ্ট্ৰপতি মেডেল
ৰঙিলী বাৰ্ত্তাসেৱা- ৮০ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বিভিন্ন সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ পদক বিজয়ীসকলৰ নাম ইতিমধ্য়ে ঘোষণা কৰা হৈছে । দেশৰ ১,০৫৭ গৰাকী বিষয়া-জোৱানক ৰাষ্ট্ৰপতিৰ সাহসিকতা আৰু সেৱা পদকেৰে সন্মানিত কৰা হৈছে। এই তালিকাত অসম আৰক্ষীৰো কেই বাগৰাকী বিষয়া-জোৱানে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰি অসমলৈ বিৰল সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসম আৰক্ষীৰ ১৫ গৰাকী বিষয়া-জোৱানে বিশিষ্ট সেৱা আৰু প্রশংসনীয় সেৱাৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে। এইবাৰ বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখার্জীয়ে। আনহাতে, প্রশংসনীয় সেৱাৰ বাবে ১১ গৰাকী আৰক্ষী, দুগৰাকী অগ্নিনির্বাপক বাহিনীৰ আৰু গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ এগৰাকী জোৱানে এই পদক লাভ কৰিছে। এই প্রশংসনীয় সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে ভি শিৱ প্রসাদ গঞ্জালা (আৰক্ষী মহাপৰিদৰ্শক), শর্মমিষ্ঠা বৰুৱা (সহকাৰী আৰক্ষী মহাপৰিদৰ্শক), শান্তনু কুমাৰ দত্ত (অধিনায়ক), শুভাশীষ বৰুৱা (আৰক্ষী অধীক্ষক), অমিতাভ বসুমতাৰী (আৰক্ষী অধীক্ষক), সুমন চক্রবর্তী (আৰক্ষী অধীক্ষক), অকেৰ আলী) উপ-আৰক্ষী অধীক্ষক), ৰিপণ পাল (লেন্সনায়ক), নন্দা ত্ৰিপুৰা (লেন্সনায়ক), সুৰজিৎ মজুমদাৰ আৰু প্ৰবীণ বৰা (সহকাৰী উপ-পৰিদৰ্শক)। আনহাতে, বিশিষ্ট সেৱাৰ বাবে অগ্নিনির্বাপক বাহিনীৰ ৰাষ্ট্ৰপতি পদক লাভ কৰিছে লীডিং ফায়াৰমেন লোহিত শইকীয়া আৰু সহকাৰী বিষয়া মহম্মদ শাহ আলম শিকদাৰে। ইপিনে, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অসমৰ পৰা পদক লাভকৰা গৰাকী হৈছে প্লাটুন কমাণ্ডাৰ অবিৰম ইছলাৰী।
