আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম কন্যা ৰীমা দাস
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ শেহতীয়া ছবি ‘নট এ হিৰো’ই ২০২৬ চনৰ মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ইণ্ডি ফিল্ম বঁটা লাভ কৰিছে । মেলব’ৰ্নৰ চলচ্চিত্ৰ মহোৎসৱত লাভ কৰা এই বঁটাটো এই শাখাত ৰীমা দাসৰ দ্বিতীয়টো সফলতা । ইয়াৰ পূৰ্বে ২০১৯ চনতো তেওঁ ‘বুলবুল কেন ছিংগ’ ছবিখনৰ বাবে এই একে সন্মান লাভ কৰিছিল ।বর্তমানলৈকে নির্মাণ কৰা তেওঁৰ পাঁচখন পূর্ণদৈর্ঘ্যৰ চলচ্চিত্রই আই এফ এমত প্রদর্শিত হৈছে। আই এফ এফ এমৰ সৈতে তেওঁৰ সম্পর্ক কেৱল তেওঁৰ নিজৰ চলচ্চিত্রসমূহতে সীমাবদ্ধ নহয়। ‘মাই মেলব’ৰ্ন’ নামৰ এন্থোলজী ছবিখনৰো এটা খণ্ড পৰিচালনা কৰিছিল । মেলব’ৰ্নত প্ৰদৰ্শন হোৱাৰ আগতে, ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ‘নট এ হিৰো’ ছবিখনে বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আন্তঃৰাষ্ট্ৰীয় প্ৰথম প্ৰদৰ্শন লাভ কৰিছিল । ছবিখনে এই মহোৎসৱৰ ‘জেনেৰেশ্যন কেপ্লাছ’ শাখাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শিশু জুৰীৰ ফালৰ পৰা ‘ক্ৰিষ্টেল বেয়াৰ বিশেষ উল্লেখ’ সন্মানো অর্জন কৰিবলৈ সক্ষম হৈছিল । পৰিচালক ৰীমা দাসে উল্লেখ কৰে যে, পূৰ্বৰ সফলতাৰ বাবে এই শেহতীয়া স্বীকৃতিটো তেওঁৰ বাবে অতি বিশেষ । তেওঁ এই চলচ্চিত্ৰ মহোৎসৱক নিজৰ চলচ্চিত্ৰ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বৰ্ণনা কৰে । ছবিখনৰ কাহিনীভাগ এজন ১১ বছৰীয়া ল’ৰাক কেন্দ্ৰ কৰি গঢ়ি উঠিছে, যাক চহৰৰ পৰা তেওঁৰ পূৰ্বপুৰুষৰ গাঁৱলৈ লৈ যোৱা হয় । গাঁৱত কটোৱা সময়ে তাক এগৰাকী দূৰসম্পৰ্কীয় পেহী বা মাহী, এটা ঘোঁৰা আৰু গাঁৱৰ এদল শিশুৰ কাষ চপাই আনে, যাৰ সৈতে সি বিভিন্ন ৰোমাঞ্চকৰ অভিযানত লিপ্ত হয় । চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মতে, ছবিখনে শৈশৱৰ স্বাধীনতা আৰু কল্পনাৰ লগতে প্ৰকৃতিৰ সৈতে শিশুৰ থকা গভীৰ সম্পৰ্কক সূক্ষ্মভাৱে পৰীক্ষা কৰিছে । ‘নট এ হিৰো’ ছবিখন ফ্লাইং ৰিভাৰ ফিল্মছ, আকাংগা ফিল্ম এছিয়া আৰু ট্ৰেইনট্ৰিপাৰ ফিল্মছৰ যৌথ প্ৰযোজনাত নিৰ্মাণ কৰা হৈছে । পেৰিছস্থিত প্ৰতিষ্ঠান এমএমএম ছেলছে ছবিখনৰ আন্তঃৰাষ্ট্ৰীয় বিক্ৰীৰ দিশটো পৰিচালনা কৰিছে । ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা দুবাৰকৈ লাভ কৰা চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ছবিত মূলতঃ শৈশৱ, আত্ম-পৰিচয়, কিশোৰ কালৰ পৰা যৌৱনলৈ যোৱাৰ যাত্ৰা আৰু প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক প্ৰতিফলিত হয় ।
