স্বাধীন স্বদেশী
নিৰঞ্জন ঠেঙাল,গোলাঘাট
বাতিৰৰ পাতে পাতে
লুন্ঠনৰ গুঞ্জন,
দেৱশিশুৱো হয় কামাতুৰ
ধৰ্ষণ।
নাৰী-তিৰোতাৰ ভয়
মতা মানুহবোৰে যতে-ততে বসতি
লয়,
কাকো নিচিনে,
মাথোঁ সুখ বিচাৰে,
অতৃপ্তিৰ সুখ।
ৰাতিবোৰ সুযোগ
জীৱন ত্যাগৰ সংগীত?
শক্তিৰ ক্ষমতাবাদীয়ে
দিয়ে দৰিদ্ৰ লোকক শৰীৰৰ গোন্ধ লোৱাৰ
ইংগিত।
নিপিড়িত তিৰোতা,
নিপিড়িত পুৰুষো
মাথোঁ নাম আছে,
পূৰ্বৰ ইতিহাস আছে
স্বাধীন স্বদেশী।
