ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ত নৱাগত আদৰণি সভা সম্পন্ন::মেধাৱী শিক্ষাৰ্থীক অধ্যক্ষৰ বিশেষ মেধাৱী বঁটা প্ৰদান
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় চহৰৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান কানৈ বাণিজ্য মহাবিদ্যালয়ত ২০২৬-২৭ শিক্ষাবৰ্ষত নামভৰ্তি কৰা স্নাতক প্ৰথম ষান্মাসিকৰ নৱাগত শিক্ষাৰ্থীসকলক আদৰণি জনোৱাৰ উদ্দেশ্যে আজি দিনজোৰা কাৰ্যসূচীৰে নৱাগত আদৰণি সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত নৱাগত শিক্ষাৰ্থীসকলৰ উৎসাহপূৰ্ণ অংশগ্ৰহণে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা মহাবিদ্যালয় সংগীতেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। ইয়াৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়দেৱ গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰে। ভাষণত অধ্যক্ষগৰাকীয়ে নৱাগত শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ৰ শৈক্ষিক পৰিৱেশৰ সদ্ব্যৱহাৰ কৰি অধ্যয়নৰ লগতে জীৱনৰ সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা অৰ্জন কৰি উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলিবলৈ আহ্বান জনায়।অনুষ্ঠানৰ মুকলি সভাত উপস্থিত থাকে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা প্ৰাক্তন অধ্যক্ষ ড° ৰঘুনাথ বৰবৰা, চাৰ্টাৰ্ড একাউণ্টেণ্ট তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দ্বাৰা মনোনীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সন্মানীয় সদস্য জ্যোতি প্ৰসাদ কানৈ আৰু আমন্ত্ৰিত অতিথি হিচাপে ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰছ এণ্ড পলিমাৰ লিমিটেডৰ ডেপুটি জেনেৰেল মেনেজাৰ দেবাশীষ গোস্বামী।ড° ৰঘুনাথ বৰবৰাই নৱাগত শিক্ষাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰি তত্ত্বগধুৰ বক্তব্য আগবঢ়ায়। আমন্ত্ৰিত অতিথি দেবাশীষ গোস্বামীয়েও ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। তেওঁ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰছ এণ্ড পলিমাৰ লিমিটেডৰ উদ্যোগত মহাবিদ্যালয় খনত অতি সোনকালে ক’স্ত এন্ড মেনেজমেণ্ট একাউন্টিংৰ নতুন পাঠ্যক্ৰম সংযোজন কৰাৰ কথাও সদৰী কৰে। অনুষ্ঠানত জ্যোতি প্ৰসাদ কানৈয়ে মহাবিদ্যালয়খনত অধ্যয়ন কৰা নিজৰ কলেজীয়া দিনৰ স্মৃতি ৰোমন্থন কৰি শিক্ষাৰ্থী সকলক কলেজীয়া জীৱনৰ আৰম্ভণিৰ পৰাই নিজকে গঢ়ি তোলাৰ বাবে নিষ্ঠাৰে প্ৰচেষ্টা চলাই যাবলৈ আহ্বান জনায়। অনুষ্ঠানত মহাবিদ্যালয়ৰ উপাধ্যক্ষ শৈলেন গগৈ, বেংকিং বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ড° টংক প্ৰসাদ উপাধ্যায় আৰু বাংলা বিভাগৰ মুৰব্বী সহযোগী অধ্যাপক ড° স্বপ্না নাথেও শিক্ষাৰ্থীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায়।অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল বিভিন্ন ষান্মাসিকৰ পৰীক্ষাত সৰ্বোচ্চ নম্বৰসহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক প্ৰদান কৰা ‘অধ্যক্ষৰ বিশেষ মেধাৱী বঁটা’। এইবাৰ দ্বিতীয় ষান্মাসিকৰ আছমিকা মল্লিক চৌধুৰী, চতুৰ্থ ষান্মাসিকৰ প্ৰিয়াংশা ভট্টাচাৰ্য আৰু স্মৰণিকা দাস তথা ষষ্ঠ ষান্মাসিকৰ অক্লিম খানক এই বঁটাৰে সন্মানিত কৰা হয়। সভাৰ পাছত ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা পৰিৱেশিত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত নৱাগত আদৰণি সভাৰ পৰিৱেশ অধিক ৰঙীন আৰু জীপাল হৈ পৰে। মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যা প্ৰীতি গগৈয়ে আঁত ধৰা অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যাপক- অধ্যাপিকা, গ্ৰন্থাগাৰিক, কাৰ্যালয়ৰ কৰ্মচাৰীসহ দুশৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে, অনুষ্ঠানত অপো মোবাইলচ ইণ্ডিয়া প্ৰাইভেট কোম্পানী আৰু জহৰমল এণ্ড ছনছ প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়ায়।উল্লেখ্য যে, ৮০ সংখ্যক স্বাধীনতা দিৱস সপ্তাহ উদযাপনৰ অংশ হিচাপে পুৱা মহাবিদ্যালয়ৰ এন চি চি, এন এছ এছ আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত ডিব্ৰুগড়ৰ ডি টি পি দাইকত চাফাই অভিযান অনুষ্ঠিত কৰা হয়। একেদৰে মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসতো বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
