নলবাৰীত পথ দুর্ঘটনাত মৃত্যু প্রাক্তন আছু নেতাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰীৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ ওচৰৰ জাজিয়াবাৰীত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে পুৱা প্রায় ৬ বজাত সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন যুৱক নিহত হোৱাৰ লগতে এজন যুৱক গুৰুতৰভাৱে আহত হয়। দুর্ঘটনাত নিহত যুৱক দুজন নলবাৰী টিহু লচিমাৰ প্রাক্তন আছু নেতা হর্ষজিত হালৈ আৰু টিহু খলিহাগুৰিৰ প্ৰাক্তন আছু নেতা ব্রজেন বৈশ্য। গুৰুতৰভাৱে আহত যুবকজন টিহু বৰবাৰী ভটাকুছিৰ প্রাক্তন আছু নেতা ভাস্কৰ বৰ্মন বুলি জানিব পৰা গৈছে। উজনিত বান সাহায্য বিতৰণ কৰি তিনিও ধেমাজিৰ পৰা AS-01 DY-3661 নম্বৰৰ ‘মহিন্দ্রা মাৰোজা’ চাৰিচকীয়া বাহনেৰে নলবাৰী টিছৰ নিজ গৃহলৈ আহি থকা সময়তে নিয়ন্ত্রণ হেৰুৱাই জাজিয়াবাৰীত ৰৈ থকা NL-01AJ-9049 নম্বৰৰ ট্ৰেইলাৰত প্রচণ্ড বেগত খুন্দিয়াই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত কৰে। স্থানীয় লোকে ততাতৈয়াকৈ নলবাৰী মেডিকেল কলেজ হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসকে হর্যজিত হালৈৰ মৃত্যু হোৱা বুলি ঘোষণা কৰাৰ লগতে বাকী দুজনৰ অতি সংকটজনক অৱস্থাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কবে। সংকটজনক অৱস্থাত থকা ভাস্কৰ বর্মন আৰু ব্রজেন বৈশ্যক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভর্তি কৰায়। কিন্তু দুপৰীয়াৰ ভাগত ব্রজেন বৈশ্যই শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে একালৰ সক্রিয় আছু নেতা তথা টিহু মহকুমা আন্দোলনত গুলীবিদ্ধ ব্রজেন বৈশ্য আৰু টিহু আছুৰ সদস্য হর্ষজিত হালৈৰ অকাল তথা কৰুণ মৃত্যুত অঞ্চলটোৰ সর্বস্তৰত গভীৰ শোকৰ ছাঁ পৰিছে। দুজনকৈ সৰবৰহী যুৱকৰ মৃত্যুত নিথৰুৱা হৈছে দুটা পৰিয়াল। এসময়ত আছুৰ মঞ্চত বলিষ্ঠ কণ্ঠ তথা চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈ টিছৰ খলিহাগুৰি নিবাসী ব্রজেন বৈশ্যই পৰৱৰ্তী সময়ত অনেক সামাজিক সংগঠনৰে জড়িত হৈ সমাজৰ এক আকর্ষণীয় ব্যক্তিত্ব হিচাপে ধৰা দিছিল। তেওঁৰ নশ্বৰদেহ যেতিয়া টিহু নগৰত উপস্থিত হয় একপ্রকাৰ চৌদিশে কান্দোনৰ ৰোল উঠে। প্রথমে টিহু আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয় প্রাংগণলৈ তেওঁৰ নম্বৰদেহ আনি কেইবাটাও দল-সংগঠনৰ উদ্যোগত অনুষ্ঠিত এক ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠানত টিছৰ প্ৰায়বোৰ সংগঠনৰ প্রতিনিধি, ব্যক্তিবিশেষে শেষ শ্রদ্ধা আপন কৰে। ইয়াৰ পিছত তেওঁ কর্মবত ব্যৱসায়িক প্রতিষ্ঠানৰ সম্মুখলৈ তেওঁব নশ্বৰদেহ অনা হয় আৰু নগৰখনৰ বি অ’ চিৰ সম্মুখত সতীর্থসকলে শেষ শ্রদ্ধা জ্ঞাপন কৰে। পিছত তেওঁৰ নশ্বৰদেহ টিহু নগৰৰ খলিহাগুৰিৰ বাসগৃহলৈ লৈ যোৱা হয় আৰু তাত ওচৰ-চুবুৰীয়া, আত্মীয়ই তেওঁলৈ শেষ শ্রদ্ধা জ্ঞাপন কৰাৰ পিছত টিহু নগৰৰ ৰাজহুৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়। উল্লেখ্য যে ব্রজেন বৈশ্যই মৃত্যুৰ সময়ত তেওঁৰ ৰুগীয়া পিতৃ-মাতৃ তথা পত্নী ডিম্পী বৈশ্যৰ লগতে এগৰাকী কণমানি কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায়। এই দুর্ঘটনাত থিতাতে নিহত হর্ষজিত হালৈৰ নশ্বৰদেহ একেধৰণে দুপৰীয়াৰ ভাগত আগণন গুণমুগ্ধৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়। ঘৰখনৰ একমাত্র পুত্র সন্তান হর্যজিতক হেৰুৱাই নিথৰুৱা হৈ পৰিছে পিতৃ চৰিত হালৈ আৰু মাতৃ।
