ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে সিদ্ধান্ত সমূহ সদৰী কৰে। সিদ্ধান্তসমূহ সদৰী কৰি মুখ্যমন্ত্রী ড° শৰ্মাই প্রকাশ কৰা অনুসৰি কেবিনেটে বিটিচিত উন্নয়নমূলক কামৰ বাবে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ পৰা ৯০০ কোটি টকাৰ প্ৰথম কিস্তি হিচাপে ৪৫০ কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনহাতে কেবিনেটে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিখন পুনৰ আৰম্ভ কৰিবলৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১১৮.৫৮ কোটি টকাৰ অনুমোদন জনায়। এই আঁচনিৰ অধীনত ৪৮,৩৬৬গৰাকী স্নাতক উত্তীর্ণ যুৱক-যুৱতীক পৰৱৰ্তী ১০ মাহৰ বাবে মাহে ২,৫০০ টকাকৈ প্ৰদান কৰা হ’ব। কেবিনেটে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত নতুনকৈ চাকৰি লাভ কৰা প্ৰাৰ্থীৰ পুলিচ ভেৰিফিকেচন নিযুক্তিৰ ছমাহৰ ভিতৰত সম্পন্ন কৰাৰ সিদ্ধান্ত লয়। পুলিচ ভেৰিফিকেচন ৰিপ’ৰ্ট নোপোৱা পর্যন্ত চাকৰি প্ৰভিজ’নেল হৈ থাকিব, পুলিচ ভেৰিফিকেচন সম্পন্ন হোৱাৰ পিছতহে চাকৰি নিয়মীয়াকৰণ হ’ব। ছমাহৰ ভিতৰত পুলিচ ভেৰিফিকেচন সম্পন্ন নহ’লে চাকৰি স্বয়ংক্রিয়ভাবে নিয়মীয়া হৈ পৰিব। কেবিনেটে আজি চিএম ফ্লাইট আঁচনিৰ অধীনত বিদেশী ভাষা শিকাৰ বাবে আগ্রহী যুৱক-যুৱতীক ১.৫০ লাখ টকাৰ বৃত্তি প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে। বিদেশী ভাষাৰ প্ৰশিক্ষণ লোৱা প্রার্থীয়ে প্রথম তিনি মাহৰ প্ৰশিক্ষণৰ অন্তত ৩০ হাজাৰ টকা, ছমাহৰ প্ৰশিক্ষণৰ অন্তত ৩০ হাজাৰ টকা, প্রশিক্ষণ সম্পূৰ্ণ হ’লে ৪০ হাজাৰ টকা আৰু বিদেশত চাকৰি লাভ কৰাৰ পিছত ৫০ হাজাৰ টকা লাভ কৰিব। আজি কেবিনেটত ৰাজ্যিক অ’বিচিৰ তালিকাত থকা অথচ কেন্দ্ৰীয় অ’বিচি তালিকাৰ অন্তর্ভুক্ত নোহোৱা অসমৰ সম্প্রদায়সমূহৰ যোগ্য প্রার্থীক অসম চৰকাৰৰ চাকৰিত আবেদনৰ বাবে নন-ক্রিমী লেয়াৰ প্ৰমাণ-পত্ৰ দিয়াত অনুমোদন জনায়। কেবিনেট বৈঠকে আজি নামৰূপত স্থাপন কৰা ২৫ মেগাৱাটৰ সৌৰ প্ৰকল্পৰ পৰা ২৫ বছৰৰ বাবে শক্তি ক্ৰয়ৰ লক্ষ্যৰে এপিডিচিএল আৰু এপিজিচিএল অইল গ্রীন পাৱাৰ লিমিটেডৰ মাজত হোৱা শক্তি ক্রয় চুক্তি ৰূপায়ণত অনুমোদন জনায়। কেবিনেটে জাগীৰোডত এখন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে এআইডিচি লিমিটেড আৰু ইণ্ডিয়ান হোটেলছ কোম্পানী লিমিটেডৰ মাজত হ’বলগীয়া লীজ এগ্রিমেন্টত অনুমোদন জনায়। কেবিনেটে মৰাণ আৰু মটক সম্প্ৰদায়ৰ ১৮ বছৰ ঊর্ধ্বৰ ব্যক্তিৰ বাবে নতুনকৈ আধাৰ কাৰ্ড লোৱাৰ সময়সীমা ২০২৭ বৰ্ষৰ ৩১ মার্চ পর্যন্ত বৃদ্ধি কৰাত অনুমোদন জনায়। গুৱাহাটীত এৰ’টু’ পলিচ উপগ্ৰহীয় নগৰ প্ৰকল্পৰ বাবে ভূমি অধিগ্রহণ কৰিবলৈ কেবিনেটে প্রথম পর্যায়ত ২,১০০ কোটি টকাৰ ব্যৱহাৰত প্ৰশাসনীয় অনুমোদন প্রদান কৰে। কেবিনেটে বিত্ত আয়োগ আৰু আন উৎসৰ ধন ভিবি-জি-ৰাম জী আঁচনিৰ অধীনত ব্যৱহাৰৰ বাবে ৰাজ্যৰ পঞ্চায়তসমূহক অগ্ৰাধিকাৰ ভিত্তিত কিছু কাম ৰূপায়ণৰ বাবে অনুমোদন জনায়। এই কামসমূহ হৈছে- ইণ্টাৰল ‘কিং পেভাৰ ব্লক পথ, মহিলাই চলোৱা গ্রাম্য হাট, বিদ্যালয় চৌহদৰ দেৱাল, শ্মশান, জিৰণিচ’ৰা, ব্যক্তিগত হিতাধিকাৰী আঁচনি, শৰীৰ চৰ্চাৰ বাবে ব্যৱহাৰ কৰিবলৈ ৰাজহুৱা গৃহ। কেবিনেটে অসম কৃষি আয়কৰ আইন-১৯৩৯ৰ দফাৰ অধীনত জাননী জাৰি কৰি আয়কৰ ৰেহাইৰ সীমা বৃদ্ধিত অনুমোদন জনায়। এই সিদ্ধান্ত অনুসৰি মুঠ কৃষি আয় প্রথম ১০ লাখ টকাত কৃষি আয়কৰ ৰেহাই দিয়া হ’ব।
