কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প

Pc The Hindu

কলম্বিয়াত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে এক শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল কলম্বিয়াক ৷ এই ভূমিকম্পটো ইমানোই শক্তিশালী আছিল যে চুবুৰীয়া দেশসমূহতো ইয়াৰ কম্পন অনুভূত হয় ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.৪ ৷ জানিব পৰা মতে, পশ্চিম কলম্বিয়াত সোমবাৰে অহা ৭.৪ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই ব্যাপক ধ্বংসলীলা চলায়। প্ৰচণ্ড ভূমিকম্পৰ ফলত বহু অট্টালিকা খহি পৰে আৰু বৃহৎ সংখ্যক লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২লৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৭০ জনতকৈ অধিক লোক আহত হৈছে ৷ সম্প্ৰতি বহু লোক ধ্বংসস্তুপৰ তলত পোত যোৱাৰ বিপৰীতে বহু লোকে কথমপি প্ৰাণৰক্ষা কৰে ৷ ডাঙৰ ডাঙৰ অট্টালিকাসমূহ নিমিষতে তাচপাতৰ দৰে খহি পৰে আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয় ৷ আমেৰিকা আৰু কলম্বিয়াৰ ভূ-তাত্ত্বিক জৰীপ বিভাগে প্ৰকাশ কৰা অনুসৰি, বগোটাৰ পৰা প্ৰায় ২৫০ মাইল অৰ্থাৎ ৪০০ কিলোমিটাৰ পশ্চিমে থকা চ’কো অঞ্চলৰ ছান জোছ ডেল পালমাৰ এই ভয়ংকৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল । ভূমিভাগৰ পৰা ৬৬ মাইল অৰ্থাৎ ১০৭ কিলোমিটাৰ গভীৰতাৰ পৰা এই কম্পনৰ উৎপত্তি হৈছিল ৷ চুবুৰীয়া ৰাষ্ট্ৰ ইকুৱেডৰতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে ৷  পেৰেইৰা চহৰত কমেও ১৮ জন আৰু মানিজালেছ চহৰত দুজন লোকৰ মৃত্যু ঘটা বুলি স্থানীয় প্ৰশাসনে জানিবলৈ দিছে ৷ এই ভূমিকম্পটোত কলম্বিয়াৰ কফি খেতিৰ বাবে বিখ্যাত তথা পাহাৰৰ মাজত অৱস্থিত এখন চহৰ মানিজালেছত নব্য গথিক কেথেড্ৰেলৰ এটা টাৱাৰৰ মূল হলটো মুহূৰ্ততে খহি পৰে ৷ পুনৰ ভূমিকম্প অহাৰ আশংকাত স্থানীয় লোকসকলক নিৰাপদ স্থানত থাকিবলৈ প্ৰশাসনে আহ্বান জনাইছে ৷