জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রীৰ

জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্রীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  সোমবাৰে সোণাপুৰৰ কমাৰকুছিস্থিত ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ শেষ বিশ্ৰামস্থলী তথা ‘জুবিন ক্ষেত্ৰ’ৰ নিৰ্মাণ কাৰ্যই ক্ষিপ্ৰতাৰে চলি আছে ৷ সেয়ে ‘জুবিন ক্ষেত্ৰ’ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।’জুবিন ক্ষেত্ৰ’ৰ সম্পৰ্কত মুখ্যমন্ত্ৰী শৰ্মাই কয়,সুৰক্ষা আৰু স্পষ্ট পৰিসীমা নিৰ্ধাৰণৰ দিশটোত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে । বৰ্তমান চলি থকা চৌহদৰ দেৱাল নিৰ্মাণৰ কাম-কাজ চলি আছে । যাতে অক্টোবৰ-নৱেম্বৰ মাহৰ ভিতৰত যিকোনো প্ৰকাৰে ‘জুবিন ক্ষেত্ৰ’ৰ চৌহদৰ সীমাৰ দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি তুলিব পাৰি তাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷ তেওঁ লগতে কয়,”সীমাৰ দেৱাল নিৰ্মাণৰ কাম সমাপ্ত হোৱাৰ লগে লগে মূল যি প্ৰস্তাৱিত মুকলি মঞ্চ, মিউজিয়াম আদিৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ’ব ৷ ইয়াত থাকিব এখন সু-বৃহৎ আৰু আটকধুনীয়া মুকলি মঞ্চ, অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্যক প্ৰতিফলিত কৰিব পৰা এটা অত্যাধুনিক সংগ্ৰহালয় । এই দুয়োটা প্ৰকল্পই ‘জুবিন ক্ষেত্ৰ’ক এক জীৱন্ত সাংস্কৃতিক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব বুলি আশা কৰিছে ।” ইফালে মুখ্যমন্ত্ৰীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়ত সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু অভিযন্তাসকল উপস্থিতি আছিল ৷

আনহাতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সোণাপুৰস্থিত বিজ্ঞান নগৰী, গুৱাহাটীত উপস্থিত হৈ কেন্দ্রটোত চলি থকা কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে বিভাগীয় কর্তৃপক্ষৰ সৈতে এক পর্যালোচনা বৈঠকত মিলিত হৈ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ইয়াৰ পাছতে উপস্থিত সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ১৫০ বিঘাৰো অধিক মাটিত বিজ্ঞান নগৰী, গুৱাহাটীৰ নিৰ্মাণকাৰ্য চলি আছে। পাঁচ মাহৰ পূৰ্বে ইয়াৰ আনুষ্ঠানিক উদ্বোধনৰ পাছত এতিয়া আন কেইবাটাও নতুন সংযোজনৰ কাম চলি থকা বুলি জানিবলৈ দি তেওঁ কয় যে ২০২৭ চনৰ মাৰ্চৰ ভিতৰত ইপূৰ্ণাংগ ৰূপ লাভ কৰিব বুলি তেওঁ আশাবাদী। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে অধিক আকর্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেনোৰামা, সম্মিলন কেন্দ্র, মিউজিকেল ফাউণ্টেইন, পার্কিঙৰ সা-সুবিধা আদি কাম-কাজ হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰপৰা অতিৰিক্ত ১০০ কোটি টকা আগবঢ়োৱা হ’ব বুলিও তেওঁ ঘোষণা কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কাম-কাজসমূহ সম্পূৰ্ণ হৈ উঠিলে ই দেশৰ ভিতৰতে এক অন্যতম উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ’ব বুলি তেওঁ আশা প্রকাশ কৰে। বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলকে ধৰি সকলো বয়সৰ লোককে এই বিজ্ঞান নগৰী দৰ্শনৰ বাবে আহ্বান জনাই তেওঁ কয় যে গুৱাহাটীৰ পৰা এই স্থানলৈ অসম ৰাজ্যিক পৰিবহণ নিগমৰ উৎসর্গীকৃত বাছসেৱা আৰম্ভকৰাৰ বিষয়েও চৰকাৰে বিবেচনা কৰিছে আৰু অতি সোনকালে এই দিশতো এক সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। এই পৰিদৰ্শনৰ সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, কৃষি আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহকপৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায় প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।