হিতাধিকাৰীলৈ পুনৰ  সুলভ মূল্যৰ চেনি-মচুৰ দাইল বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

হিতাধিকাৰীলৈ পুনৰ  সুলভ মূল্যৰ চেনি-মচুৰ দাইল বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ৰেচন কাৰ্ডধাৰীসকললৈ সুখবৰ খবৰ ৷ সোমবাৰ অৰ্থাৎ ১০ আগষ্টৰ পৰা ৰাজ্যৰ প্ৰায় ৭০ লক্ষাধিক হিতাধিকাৰী পৰিয়ালে লাভ কৰিব মাহেকীয়া বিনামূলীয়া ৰেচনৰ লগতে ১ কিলোগ্ৰামকৈ মচুৰ দাইল আৰু চেনি। এই দাইল আৰু চেনিৰ বাবদ তেওঁলোকে দিব লাগিব মাত্ৰ ১০০ টকা । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে  ৰহাৰ কমাৰজান গাঁৱৰ সুৰেন পাটৰৰ সুলভ মূল্যৰ দোকানৰ প্ৰাংগণত আয়োজিত এক কার্যসূচীত সুলভ মূল্যৰ দাইল আৰু চেনি বিতৰণ আঁচনিৰ পুনৰাৰম্ভ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলৰ বাবে বজাৰতকৈ সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণ আঁচনি আজিৰে পৰা পুনৰ আৰম্ভ কৰা হয়। এই আঁচনিখনৰ পুনৰাম্ভণি হোৱাৰ পিছত হিতাধিকাৰীসকলে প্রতি কিলোগ্রাম মচুৰ দাইল ৭০ টকা আৰু চেনি ৩০ টকাত লাভ কৰিব। বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত মচুৰ দাইল আৰু চেনিৰ যোগানে ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালসমূহৰ পুষ্টিগত সুৰক্ষা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। এই আঁচনিৰ জৰিয়তে সমগ্ৰ অসমৰ ৭০ লাখৰো অধিকপৰিয়ালৰ প্ৰায় ২,৪৮,১১,৬৪৫ গৰাকী ব্যক্তি উপকৃত হ’ব। নগাঁও জিলাৰ ৩,৮৫,২৯৯টা পৰিয়ালৰ ১৫,৮৩,০৮০ গৰাকী ব্যক্তিক এই আঁচনিয়ে সামৰি ল’ব। ৰহা সমষ্টিৰ ৬১,৬১৪টা পৰিয়ালৰ ২.৩৬ লাখ গৰাকী ব্যক্তি আঁচনিখনৰ পৰা উপকৃত হ’ব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে বিধানসভা নিৰ্বাচনৰ পিছত বাজেট অধিৱেশন নোহোৱালৈকে পূৰ্বৰ চৰকাৰে গ্ৰহণ কৰা প্ৰায়বোৰ আঁচনি বন্ধ হৈ আছিল। জুলাই মাহত বাজেট গৃহীত হোৱাৰ পিছত যোৱা ১ আগষ্টত অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ’ল। ৬ আগষ্টত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ কৰা হৈছে। আজি ৰহা সমষ্টিৰ পৰা সুলভ মূল্যত মচুৰ দাইল আৰু চেনি বিতৰণৰ আঁচনিও পুনৰ আৰম্ভহৈছে। উজনিৰ বান পৰিস্থিতিৰ বাবে এই অনুষ্ঠান অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে কাৰিকৰী অসুবিধাৰ বাবে সদ্যহতে নিমখ দিয়া হোৱা নাই যদিও কিছুদিনৰ ভিতৰতে সুলভ মূল্যত নিমখ যোগান ধৰা হ’ব। তেওঁ কয় যে প্রতি মাহৰ ১ৰপৰা ১০ তাৰিখৰ ভিতৰতপালন কৰা অন্নসেৱা সপ্তাহত ৰাইজে বিনামূলীয়া চাউল লাভকৰাৰ লগতে সুলভ মূল্যত দাইল আৰু চেনি ক্ৰয় কৰিবপাৰিব। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া প্রতিশ্রুতি অনুসৰি সুলভ মূল্যত মিঠাতেল দিয়াৰ বাবে চৰকাৰে পদক্ষেপ ল’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ লগতে অৰুণোদয় আঁচনিৰপৰা বাদ পৰি যোৱা পৰিয়ালসমূহক আঁচনিখনত অন্তর্ভুক্ত কৰাৰ বাবে কাম আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে। উজনি অসমত হোৱা প্রলয়ংকৰী বান পৰিস্থিতিৰ মোকাবিলা কৰাত চৰকাৰখন ব্যস্ত থকা হেতুকে বহু কাম স্থবিৰ হৈপৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বান পৰিস্থিতি এতিয়া উন্নত হৈছে আৰু সেয়ে চৰকাৰে ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰিব পৰাকৈ জনকল্যাণমূলক কাম-কাজসমূহ আৰম্ভ কৰিব। ৰাইজক সুলভ মূল্যত দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনিখনৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা সমবায় সমিতি আৰু সুলভ মূল্যৰ দোকানসমূহক মুখ্যমন্ত্রীয়ে ধন্যবাদ জ্ঞাপন কৰে। ৰাইজৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অনাগত দিনত ৰাজ্যৰ দুখীয়া ৰাইজক ইয়াতকৈও বেছি সহায় কৰিবলৈ চৰকাৰ যত্নৱান হ’ব। তেওঁ ৰহা সমষ্টিৰ উন্নয়নৰ বাবে অনাগত ৫ বছৰত বহুখিনি কাম হাতত লোৱাৰ আশ্বাস দিয়ে। এই সভাত মুখ্যমন্ত্ৰীক সংগ দিয়ে মন্ত্রী পীযূষ হাজৰিকা, কৌশিক ৰায়, বিধায়ক শশীকান্ত দাস, ৰূপক শৰ্মা, জিতু গোস্বামীকে ধৰি কেইবাগৰাকী জনপ্রতিনিধি, বিশিষ্ট ব্যক্তি আৰু উচ্চপদস্থ বিষয়া উপস্থিত থাকে।