কোনো কাৰণতে অসমৰ ভূমি এৰি নিদিওঁ :মুখ্যমন্ত্রী

কোনো কাৰণতে অসমৰ ভূমি এৰি নিদিওঁ :মুখ্যমন্ত্রী

ৰঙিলী বাৰ্ত্তাসেৱা- অসম-অৰুণাচল সীমান্তত পুনৰ সংঘটিত হৈছে গুলীচালনাৰ ঘটনা। অৰুণাচলী দুর্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে। সোমবাৰে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তবর্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো। ইতিমধ্যে অৰুণাচলী দুর্বৃত্তৰ গুলীত আহত হৈছে অসমৰ ৮ জনকৈ ব্যক্তি। অসম-অৰুণাচল সীমান্তবর্তী গোগামুখৰ মিমাং অঞ্চলত অসমৰ মাটি বেদখল কৰাক লৈ অৰুণাচলীক বাধা দিয়াৰ সময়তে সংঘটিত গুলীচালনাৰ ঘটনাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্ৰীৰ হুংকাৰ- কোনো কাৰণতে অসমৰ মাটি এৰি দিয়া নহ’ব। ৰহাত এক অনুষ্ঠানত অংশগ্ৰহণৰ পাছতেই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্রী ড° শর্মাই এই সন্দর্ভত কয়- বিষয়টোক লৈ ইতিমধ্যে অসমৰ মুখ্য সচিব আৰু অৰুণাচলৰ মুখ্য সচিবৰ মাজত আলোচনা হৈছে। ঘটনাক লৈ আৰক্ষী সঞ্চালকপ্ৰধানেও আলোচনা কৰি আছে। প্রথমতে উত্তেজনা হ্রাস কৰিব লাগিব আৰু পৰিৱেশটোৰ বাবে কোন দায়ী, তাৰ বিষয়ে আমি নিশ্চিতভাবে অনুসন্ধান কৰি ব্যৱস্থা ল’ব লাগিব। মুখ্যমন্ত্রীয়ে কয়- মই অসম আৰক্ষীক নির্দেশ দিছোঁ। কোনো কাৰণতে যাতে অসমৰ মাটি আমি ক’তো এৰি দিবলগীয়া নহয়। ইতিমধ্যে ঘটনাস্থলীলৈ নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰা হৈছে।