ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৰজমিন পৰিদৰ্শন

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ দাবীত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ চৰজমিন পৰিদৰ্শন: নদীৰ মাজৰ পৰা পৰিদৰ্শন প্ৰায় তিনি কিলোমিটাৰ পৰ্যন্ত

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-   ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নতুনকৈ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় মহানগৰলৈ। মাইজান, ঠাকুৰবাৰীকে ধৰি নদীপৰীয়া অঞ্চলত অব্যাহত থকা খহনীয়াৰ প্ৰকৃত পৰিস্থিতি পৰ্যবেক্ষণ কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবীত আজি চৰজমিন পৰিদৰ্শন কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে।পুৱা প্ৰায় ১০ বজাত মাইজানৰ পৰা যন্ত্ৰচালিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুলৈ গৈ সাংবাদিক সংগঠনটোৰ প্ৰতিনিধি দলটোৱে খহনীয়াগ্ৰস্ত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইৰ নেতৃত্বত অনুষ্ঠিত এই পৰিদৰ্শনত সহকাৰী সম্পাদক মুক্তামণি হাজৰিকা, সাংবাদিক খগেন দত্ত, ভিডিঅ’ সাংবাদিক দিনেশ দাস, মুন্না ঘাটোৱাল, চন্দন ৰজককে ধৰি কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে। দলটোক ডিব্ৰুগড় নগৰ গঢ়াখহনীয়া প্ৰতিৰোধ সমিতিৰ উদয় শংকৰ মহন আৰু দিব্যজ্যোতি গগৈয়েও সহযোগ কৰে। প্ৰতিনিধি দলটোৱে প্ৰথমে ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষত থকা কঢ়াই স্পাৰ পৰিদৰ্শন কৰে। শেহতীয়াকৈ যিটো স্থানত ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই আতংকৰ সৃষ্টি কৰিছিল, সেই স্থানৰ পৰা নদীৰ বুকুত নামি খহনীয়াৰ প্ৰকৃত ৰূপ পৰ্যবেক্ষণ কৰে দলটোৱে।পঞ্চাশৰ দশকত নিৰ্মাণ কৰা এই স্পাৰটো বৰ্তমান ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতৰ ফলত কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে, সেই দিশসমূহো পৰ্যবেক্ষণ কৰা হয়। ইয়াৰ পিছতে প্ৰতিনিধি দলটোৱে এক নম্বৰ স্পাৰ অভিমুখে গৈ ঠাকুৰবাৰী অঞ্চলৰ খহনীয়াস্থলী পৰিদৰ্শন কৰে। নদীৰ বুকুৰ পৰা প্ৰায় দুই কিলোমিটাৰ পৰ্যন্ত নদীৰ সোঁতৰ গতি, খহনীয়াৰ বিস্তৃতি আৰু নগৰ সুৰক্ষা বান্ধৰ ওপৰত ইয়াৰ সম্ভাব্য প্ৰভাৱৰো পৰ্যালোচনা কৰে সাংবাদিকৰ দলটোৱে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি ব্ৰহ্মপুত্ৰৰ প্ৰৱল খহনীয়াই ডিব্ৰুগড় মহানগৰবাসীৰ মাজত নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ মাইজান আৰু ঠাকুৰবাৰীকে ধৰি নদীপৰীয়া অঞ্চলসমূহত অব্যাহত থকা খহনীয়াই ডিব্ৰুগড় নগৰৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।চৰজমিন পৰিদৰ্শনৰ অন্তত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰাই কয় যে, খহনীয়া আৰম্ভ হোৱাৰ পিছত জিঅ’ বেগ পেলাই সাময়িক প্ৰতিৰোধৰ ব্যৱস্থা কৰিলেই সমস্যাৰ স্থায়ী সমাধান নহয়। ইতিমধ্যে জিঅ’ বেগ স্থাপন কৰা বহু স্থানত পুনৰ খহনীয়া হোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁতে বহু জিঅ’ বেগ উটুৱাই লৈ গৈছে। ডিব্ৰুগড়ক দীৰ্ঘদিন ধৰি সুৰক্ষা দি অহা শিলৰ স্পাৰসমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে জিঅ’ বেগৰ পৰিৱৰ্তে প্ৰয়োজন অনুসৰি শিলৰ ব’ল্ডাৰ ব্যৱহাৰ কৰি অধিক শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ বাবে চৰকাৰক আহ্বান জনায় মনজিৎ বৰাই। অনতি বিলম্বে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে ডিব্ৰুগড় বাসীৰ বাবে বিপদ অধিক ভয়াৱহ হ’ব পাৰে বুলিও তেওঁ আশংকা প্ৰকাশ কৰে। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে ব্ৰহ্মপুত্ৰৰ বৰ্তমানৰ খহনীয়াৰ ভয়াৱহতা প্ৰত্যক্ষ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে মাইজান-ঠাকুৰবাৰীৰ পৰা আইথান পৰ্যন্ত ডিব্ৰুগড়ৰ নৈপৰীয়া অঞ্চলসমূহ এতিয়া সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়।পঞ্চাশৰ দশকত ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষত নিৰ্মাণ কৰা সাতটা স্পাৰে বিগত বহু দশক ধৰি নগৰখনক সুৰক্ষা দি আহিছে যদিও সময়ৰ লগে লগে সেই স্পাৰসমূহ দুৰ্বল হৈ পৰা বুলি উল্লেখ কৰে ৰাতুল বুঢ়াগোহাঁয়ে। সেয়ে পুৰণি স্পাৰসমূহৰ ক্ষমতা বৃদ্ধি কৰাৰ লগতে প্ৰয়োজন অনুসৰি নতুন স্পাৰ নিৰ্মাণৰ দাবী জনায় তেওঁ। প্ৰচণ্ড ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত কেৱল জিঅ’ বেগ বা কংক্ৰিটৰ পাৰক’পাইনে স্থায়ী সমাধান দিব নোৱাৰে বুলি উল্লেখ কৰি নদীৰ পাৰত শিলৰ ব’ল্ডাৰ আৰু তাঁৰৰ জালিৰে শক্তিশালী প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলাৰ বাবেও তেওঁ জলসম্পদ বিভাগক আহ্বান জনায়।সাংবাদিকৰ দলটোৱে চৰজমিন পৰ্যবেক্ষণৰ সময়ত জলসম্পদ বিভাগৰ অভিযন্তা সকলৰ সৈতেও মত বিনিময় কৰে। নদীৰ সোঁতৰ বৈজ্ঞানিক অধ্যয়ন কৰি ইয়াৰ গতি নগৰৰ বিপৰীত দিশে ঘূৰাই নিয়াৰ বাবে প্ৰয়োজনীয় বৈজ্ঞানিক ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে সংগঠনটোৱে।আজিৰ পৰিদৰ্শনৰ জৰিয়তে সংগ্ৰহ কৰা তথ্য আৰু পৰিস্থিতিৰ বাস্তৱ পৰ্যালোচনাৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীলৈ পুনৰ স্মাৰকপত্ৰ প্ৰেৰণ কৰি ডিব্ৰুগড়ৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ দাবী জনাব বুলি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ নেতৃত্বই জানিবলৈ দিয়ে।