দয়া আৰু ক্ষমা – নমিতা দাস

Pc Unsplash

দয়া আৰু ক্ষমা

নমিতা দাস,শুৱালকুছি

দয়া আৰু ক্ষমা নিজৰ সীমাবদ্ধতাৰ মাজত থাকি হে কৰা উচিত, নহলে নিজৰ জীৱনেই বিপদাপন্ন হয়
কেতিয়াবা —-

দয়া আৰু ক্ষমা মানুহৰ ছয় ৰিপুৰ অন্যতম।এই ৰিপু মানুহৰ মনত অন্তঃৰ্নিহিত হৈ থকে ।সেয়ে দয়া আৰু ক্ষমাই এজন ব্যক্তিক মহান কৰি তোলে, কাৰণ মানুহ হৈছে জীৱ শ্ৰেষ্ঠ। গতিকে বিবেক বিবেচনাৰে দয়া, ক্ষমাৰো অধিকাৰী এই মানৱজীৱন । কিন্ত বৰ্তমান সময়ত মানুহৰ মাজত এই ৰিপু খুবেই কমকৈ ক্ৰিয়া কৰা দেখা যায়।কিন্তু সম্প্ৰতি এই সমাজত দয়া আৰু ক্ষমাৰ মাজেৰে নিজৰ জীৱন অতিবাহিত কৰি তোলে অনেক হৃদয়বান লোকে ।

সেইদৰে জনক নন্দিনী সীতামাতাৰ দয়া ওপজাৰ বাবেই নিজৰ জীৱনৰ বিপদ সংকুল লক্ষ্মণ ৰেখাডাল পাৰ কৰিছিল। আৰু তেতিয়াই তেওঁৰ জীৱন বিপদাপন্ন হৈ পৰিছিল ।সেইদৰে দাতা কৰ্ণও নিজৰ দেহৰ ৰক্ষা কবচ কাণৰ কুণ্ডলী খুলি দান দিয়াৰ বাবে মৃত্যু বৰণ কৰিব লগা হৈছিল ।

বৰ্ত্তমান সমাজত দয়া-ক্ষমাৰ স্থান প্ৰায় নোহোৱাৰ দৰেই।সেয়ে দয়া আৰু ক্ষমা নথকা বাবেই আজিৰ সমাজত ব্যভিচাৰ, অত্যাচাৰ, হাই-কাজিয়া অতি তীব্ৰতৰ ভাবে স্থান পাইছে । সৰু সৰু কথাতে মানুহে মানুহক হত্যাৰ দৰে মহাপাপ কৰিব পাৰে । ভাই -ভনীৰ মাজত সম্পৰ্কৰ শিথিলতা আহি পৰিছে । বৃদ্ধ পিতৃ-মাতৃৰ প্ৰতি দয়া মৰম নোহোৱা হৈ ৰাজপথত এৰি যাব পৰা হৈছে। ইমানবোৰৰ পিছতো মানুহৰ হৃদয়ৰ কোনোৱা খিনিত এতিয়াও দয়া আৰু ক্ষমাই স্থান পায়, একেবাৰে নোহোৱা হৈ যোৱা নাই । সেয়ে হয়তো এতিয়াও অনাথ শিশু সকলক নিজৰ কৰি ৰখা হৃদয়বান মানুহ আছে । ৰাষ্টাৰ দাতিত এৰি যোৱা বৃদ্ধ জনক নিজৰ ঘৰলৈ নি পিতৃ-মাতৃৰ স্থান দিয়া লোকো এই পৃথিৱীতে আছে ।এই মানব দৰদী ব্যক্তি সকল আছে বাবেই পৃথিৱীখন এতিয়াও আৱৰি আছে সুন্দৰতাৰে ।

সেয়ে মানুহৰ কৰ্ম-নিষ্ঠা, কৰ্ম-নিপুনতাৰ দৰদক এচামে যিদৰে সুবিধা লয় তেনেকৈ দয়া আৰু ক্ষমাৰো সুবিধা গ্ৰহণ কৰে ।যেনেকৈ মাৰীচৰ বাবে সুবিধা লৈছিল লঙ্কাধিপতি ৰাৱণে । মাৰীচ আছিল লঙ্কাধিপতি ৰাৱণ ৰজাৰ মোমায়েক। তেওঁ যিকোনো ৰূপ ধাৰণ কৰিব পাৰিছিল।সেয়েহে সেই সুযোগ ল’লে ৰাৱণে।আকৌ পাশাখেলত পিতামহ ভীষ্মৰ ক্ষমা দানে দুৰ্যোধন, দুঃষাসনক অপকাৰ্যত লিপ্ত হবলৈ আৰু বেছি মনোবল দিছিল । এয়াই নহয় ৰজা ধৃতৰাষ্ট্ৰৰো পুত্ৰৰ প্ৰতি থকা অত্যাধিক প্ৰেমে আৰু গান্ধাৰীৰ পতিভক্তিৰ ত্যাগে নিজৰ পুত্ৰৰ জীৱন ধংসৰ পথলৈ লৈ গৈছিল ।

আনহাতে বৰ্তমান সমাজ ব্যৱস্থাৰ আমোল পৰিবৰ্তন হলেও আজিৰ সমাজত চলিবলৈ দয়া আৰু ক্ষমাৰ মাপ কাঠিৰ মাজত সীমাবদ্ধ ৰখাৰ প্ৰয়োজন । অত্যাধিক সকলোতে বেয়া । বাৰে বাৰে কৰা দয়াই অভ্যাসত পৰিণত কৰে ।ফলত যাক দয়া কৰা হয় সেইজন নিষ্কৰ্মা আৰু এলেহুৱা হবলৈ ধৰে । সময় সুবিধা পালে নাগপাশৰ দৰে মেৰিয়াই ধৰে দয়াকৰা ব্যক্তিগৰাকীৰ জীৱনত ।সেইদৰে অত্যাধিক ক্ষমা দানেও সুযোগ আৰু সুবিধা গ্ৰহণ কৰে। ভুলৰ প্ৰায়চিত্ত কৰাৰ পৰিবৰ্তে আকৌ ন উদ্দমেৰে ভুল কৰিবলৈ মনত পোখা মেলে ।তাৰফলত ক্ষমা কৰা ব্যক্তি গৰাকীকে বিপদত পেলায় ।

অতিমাত্ৰা কৰা দয়া আৰু ক্ষমাৰ কিছুমান ভুলে বৰ্তমান সময়ত সন্তান সকলকো অধিক ক্ষতি সাধন কৰিছে আৰু সন্তানক বিপথে পৰিচালিত কৰিছে । সৰুৰে পৰা মাত্ৰাধিক মৰমে তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ পৰিবৰ্তে ক্ষমা কৰাৰ ফলত একেটা ভুলকে বাৰে বাৰে কৰি পিছলৈ অভ্যাসত পৰিণত হয় পৰে।পাছলৈ সেই অভ্যাস ত্যাগ কৰিব নোৱাৰা হৈ চিৰস্থায়ী হয় ।তদ্ৰুপ ঘৰখন আৰ্থিকভাবে কিমান সুচল সেইটো নভৱাকৈ সন্তানৰ অভাব অভিযোগ বোৰ তেওঁলোকৰ মনৰ ইচ্ছাবোৰ পুৰণ কৰাৰ যি হাবিয়াস সেই হাবিয়াসৰ ফলতো তেওঁলোকৰ তাগিদা বৃদ্ধি হয়।এটা সময়ত অভিভাবকে নভৱা গধুৰ তাগিদা দিবলৈ সুবিধা লয় সন্তানে। সন্তানৰ তাগিদা পূৰণ কৰিব নোৱাৰিলে অসৎ উপায়ো অবলম্বন কৰিবলৈ কুণ্ঠাবোধ নকৰে । তেতিয়াই সমাজত কিছুমান অপকৰ্মৰ সৃষ্টি হয় ।