বানৰ দিনলিপি – অলকা বুজৰ বৰুৱা

Pc Jansatta

বানৰ দিনলিপি

অলকা বুজৰ বৰুৱা
টিহু টাউন ৩ নং ৱাৰ্ড,নলবাৰী

ডাৱৰে যেতিয়া ক’লা চিয়াঁহীৰে
আকাশলৈ বিষাদৰ চিঠি লিখে
অশান্ত হৈ পৰে আকাশৰ হৃদয়
টোপাটোপে নিগৰে অশ্ৰু,
পৃথিৱীৰ বক্ষত।
উন্মাদ হৈ পৰে নদী,
হেৰাই যায় তাৰ সকলো সীমাৰেখা
প্ৰলয়কাৰী ধুমুহাই
ঢাহি – মুহি ক্ষত বিক্ষত কৰে
মানুহৰ সপোনৰ ভেটি।
নিমিষতে হেৰাই যায়
গাওঁ , ঘৰ,পথাৰ , ঈশ্বৰৰ অপূৰ্ব সৃষ্টি
ধাননিত লুকাই যায় শস্যৰ হাঁহি
পথাৰবোৰ হৈ পৰে একোখন সাগৰ
পানীৰ বুকুত ক’ৰবাত হেৰাই যায়
ঈশ্বৰৰ অস্তিত্বও
মাকৰ বুকুৰ মাজত কঁপি উঠে
ভৱিষ্যতৰ ৰৌদ্ৰজ্বল জোনাক।
তথাপিও –
ধুমুহাৰো এদিন অন্ত আছে,
অন্ধকাৰৰো আছে শেষ সীমা
বোকাৰ বুকু ফালি
আকৌ জী উঠিব সপোন
পাহি মেলি হাঁহিব
সেউজীয়া আশাৰ পদুম
আকৌ নতুন জীৱনৰ বীজ সিঁচিব
মাটিৰ বুকুত পুনৰ পোখা মেলিব।
সংকল্পৰ নাওখন আকৌ পাল তৰি
ভৱিষ্যতৰ পথত যাত্ৰা কৰিব
কাৰণ –
বান কেতিয়াও জীৱনৰ
শেষ অধ্যায় নহয়
প্ৰতিটো বানৰ আঁৰত লুকাই থাকে
এটি নতুন প্ৰভাতৰ সম্ভাৱনা।