মুখ্যমন্ত্রী ড° শৰ্মাৰ সৈতে নেপালীখুঁটি পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বানে বিধ্বস্ত কৰা উজনি অসমৰ নাজিৰাৰ বিহুবৰ-নেপালীখুঁটিৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ কেবিনেট মন্ত্রী অশোক সিংঘল, মন্ত্রী পীযূষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক তৰংগ গগৈ আৰু নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আহি নাজিৰাৰ চণ্টক পূজা খেলপথাৰত হেলিকপ্টাৰেৰে অৱতৰণ কৰি তাৰ পৰা প্ৰায় এক কিঃমিঃ গাড়ীৰে আহি বিহুবৰত উপস্থিত হৈ ইয়াৰ পৰা ট্ৰেক্টৰত উঠি নেপালীখুঁটিলৈ ৰাওনা হয়। সৰ্বস্বান্ত হৈ পৰা নেপালীখুঁটিৰ বানে ধোৱাই নিয়া অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে জৰ্জৰিত সমস্যা সন্দর্ভত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্রী নাড্ডাই। বান পৰিস্থিতিৰ বুজ লোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাই স্থানীয় ৰাইজ আৰু সাংবাদিকসকলক উদ্দেশ্যি কয় যে আজি মই শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ নেপালীখুঁটিত অহাৰ সুযোগ পালোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে মই চাইছোঁ যে এই বানৰ বাবে কিমান লোকচান হৈছে। যি ফালৰ পৰা নদী বৈ আহিছে ইয়াৰ পৰাই বহুসংখ্যক গাঁৱৰে ক্ষতি হৈছে। বহুত বেছি লোকচান হৈছে। লোকচান সা-সম্পত্তিৰো হৈছে, গৰু-ম’হৰো হৈছে। আনকি মানুহৰ সম্পত্তিৰো বহুত লোকচান হৈছে। এই দুখৰ সময়ত আমি সকলো আপোনালোকৰ লগত আছোঁ। ভাৰত চৰকাৰ আপোনালোকৰ লগত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰসংগৰে কেন্দ্ৰীয় মন্ত্ৰী নাড্ডাই কয়, প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সময়ত উজনি অসমৰ বান পৰিস্থিতিৰ খবৰ লৈ আছে ৷ তেওঁ সকলো সহযোগিতা প্ৰদান কৰিব বুলি আশ্বাস দিছে ৷ প্ৰধানমন্ত্ৰীয়ে বানৰ বাস্তৱ পৰিস্থিতিৰ বুজ ল’বলৈ মোক পঠিয়াইছে ৷ বানৰ ফলত হোৱা সকলো ক্ষতি হোৱাত বন্যাৰ্তক সাহাৰ্য আৰু উদ্ধাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰপৰা সকলো ধৰণৰ ব্যৱস্থা লোৱা হ’ব ৷ কেন্দ্ৰীয় চৰকাৰ অসমৰ ৰাইজৰ লগত আছে ৷ কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাই লগতে কয়, মই ইয়াত সকলো পৰিস্থিতিৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনা কৰিছোঁ। গধূলি বহি আগলৈ কেনেদৰে পৰিকল্পনা কৰা হৈছে, তাৰ বিষয়ে আলোচনা কৰিম। মই ইয়াকে ক’ব বিচাৰোঁ যে মুখ্যমন্ত্ৰীৰ সাহায্যৰ কামসমূহ যি দিশৰ পৰা আৱশ্যক তাৰ বাবে বহুত তৎপৰতাৰে আৰু এক্টিভ হৈ সময়লৈ লক্ষ্য ৰাখি অতি ক্ষিপ্ৰতাৰে ইয়াত সাহায্য পঠিওৱাৰ ব্যৱস্থা কৰিছে। আৰু সাহায্যৰ কাম অতি ক্ষিপ্ৰতাৰে চলি আছে বুলি কৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, ক্ষয়-ক্ষতি ইমান বেছি হৈছে যে এয়া স্বাভাৱিক কৰাত কিছু সময় লাগিব। তথাপি মই আপোনালোকক প্রধানমন্ত্রী মোদীৰ ফালৰ পৰা এই বিশ্বাস দিব বিচাৰোঁ যে ভাৰত চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ অভাৱ নাথাকিব। লাগিলে সেয়া আর্থিক সহায়ৰ কথা হওক, সংস্থাপনৰ কথা হওক, ক্ষতিপূৰণৰ কথা হওক বা গৰু-ম’হ আদিৰ যি লোকচান হৈছে তাৰ ক্ষতিপূৰণেই হওক সকলো কথা সম্পূর্ণৰূপে আপোনালোকৰ ওচৰ পাবহি বুলিও কেন্দ্ৰীয় মন্ত্রী জে পি নাড্ডাই উল্লেখ কৰে। ‘আৰু মই পুনৰ ক’ম যে এই দুখৰ সময়ত আমি সকলো আপোনালোকৰ ওচৰত থিয় হৈ আছোঁ। হিমন্ত দাই সকলো কথা চিন্তা কৰি আছে আৰু কৰিব। আর্থিক দৃষ্টিৰ পৰা ৰাজ্য চৰকাৰেও নিজৰ সম্পদ নিয়োজিত কৰিছে, কিন্তু কেন্দ্ৰৰ ফালৰ পৰাও কোনো অভাৱ হ’বলৈ দিয়া নহ’ব, এই কথাত মই আপোনালোকক বিশ্বাস দিব পাৰোঁ’ বুলিও কয় কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে। ইফালে, কেন্দ্রীয় মন্ত্ৰীৰ সহিতে বান অধ্যুষিত অঞ্চলটো পৰিদৰ্শন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, আজি আমাৰ কেন্দ্ৰীয় মন্ত্রী নাড্ডাই এই গোটেই অঞ্চলটো নিজ চকুৰে চাইছে। প্রধানমন্ত্রীয়ে তেখেতক পঠিয়াইছে আৰু তেখেতে নিজ চকুৰে বন্যাক্রান্ত ৰাইজৰ দুৰ্দশা দেখিছে। আৰু মই নিশ্চিত যে তেখেতে প্রধানমন্ত্রীক গোটেই কথাখিনি ক’ব আৰু আমি এই দুৰ্ভগীয়া ৰাইজক সহায় কৰিব পাৰিম। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাহিৰে বাহিৰে নাগালেণ্ডৰ মনলৈ যাত্ৰা কৰে আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীসহ মন্ত্ৰী-বিধায়কৰ দলটো নাজিৰাৰ বামুণপুখুৰীৰ বানাক্ৰান্ত অঞ্চলৰ ৰাইজৰ সমস্যাৰ বুজ ল’বলৈ ৰাওনা হয়।
