জে পি নাড্ডাৰ সৈতে বান পৰিস্থিতিৰ যুটীয়া পর্যালোচনা মুখ্যমন্ত্ৰীৰ

জে পি নাড্ডাৰ সৈতে বান পৰিস্থিতিৰ যুটীয়া পর্যালোচনা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অহা কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই যুটীয়াভাৱে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অসমৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত শেহতীয়াকৈ হোৱা প্রলয়ংকৰী বানক বিশেষ গুৰুত্ব প্রদানেৰে হোৱা এই পর্যালোচনা বৈঠকত চলিত বাৰিষাত অসমৰ বিভিন্ন জিলাত পৰা বানৰ প্ৰভাৱ, বানপীড়িতক সাহায্য প্রদান, পুনর্বাসনৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে সেই সন্দৰ্ভত বিস্তৃত পর্যালোচনা কৰা হয়। বৈঠকৰ আৰম্ভণিতে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এল এছ ছাংচনে পাৱাৰ পইন্ট প্রেজেন্টেচনযোগে চলিত বাৰিষাত অসমত বানৰ কবলত পৰা জিলা, বানত প্ৰভাৱিত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা আৰু পোহনীয়া জীৱ-জন্তুৰ সংখ্যা, প্লাৱিত হোৱা কৃষিভূমিৰ পৰিমাণ, বন্যাক্রান্ত লোকৰ উদ্ধাৰ আৰু তেওঁলোকক সাহায্য প্রদানৰ বাবে গ্রহণ কৰা ব্যৱস্থা, ৰাজ্যপাল আৰু মুখ্যমন্ত্রীকে ধৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰী, উচ্চপদস্থ বিষয়াবর্গই কৰা বান পৰিস্থিতিৰ তদাৰক আৰু পৰ্যালোচনা সন্দর্ভত বিস্তৃত ব্যাখ্যা আগবঢ়ায়। বৈঠকত মুখ্যমন্ত্রী ড° শর্মাই উজনি অসমত শেহতীয়াকৈ হোৱা প্রলয়ংকৰী বান আৰু ইয়াৰ ফলত হোৱা ধন-জনৰ ক্ষতি ব্যাপক আছিল বুলি মন্তব্য কৰি ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি নিধি (এনডিআৰএফ)ৰ নীতি কিছু শিথিল কৰি অধিকসংখ্যক লোক যাতে উপকৃত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৈঠকত উপস্থিত থকা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাক আহ্বান জনায়। তেওঁ কয় যে চাৰিওখন জিলাত শেহতীয়া বানত হোৱা স্থায়ী ক্ষতিৰ বিষয়ে জৰীপ কৰিবলৈ বিষয়া-কৰ্মচাৰীসকলক অহা ৭আৰু ৮ আগষ্টত প্রশিক্ষণ দিয়া হ’ব আৰু ৯ আগষ্টৰ পৰা জৰীপকাৰ্য আৰম্ভ হ’ব। বান পৰিস্থিতি সন্দর্ভত প্ৰথম দিনাৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বান পৰিস্থিতিৰ বুজ লৈ আছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও বান পৰিস্থিতি, উদ্ধাৰ অভিযান আৰু সাহায্য প্রদান সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সৈতে সঘনে যোগাযোগ কৰি আছে। অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে দেখুওৱা এনে আন্তৰিকতাৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। অক্টোবৰৰ মাজভাগ পর্যন্ত অসমত বানৰ শংকা থাকে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শর্মাই জিলা আয়ুক্তসকলক যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ বৈঠকত পৰামৰ্শ দিয়ে। আনহাতে, বৈঠকত দিয়া বক্তব্যত কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কয় যে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি নিধিৰ নীতি শিখিল কৰা সন্দৰ্ভত দিয়া প্ৰস্তাৱ তেওঁ প্রধানমন্ত্রী আৰু কেন্দ্ৰীয় বিত্তমন্ত্রীক অৱগত কৰিব। ৰাষ্ট্ৰীয় দুর্যোগ সঁহাৰি নিধিৰ নীতি শিথিল কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ সংকটকালত কেন্দ্ৰীয় চৰকাৰে সৰ্বতোপ্ৰকাৰে সহায় আগবঢ়াব। তেওঁ উজনি অসমত হোৱা বানৰ সময়ত উদ্ধাৰ অভিযান আৰু সাহায্য প্রদানত অসম চৰকাৰে প্ৰদৰ্শন কৰা ক্ষিপ্রতা আৰু তৎপৰতাৰ শলাগ লয়। পর্যালোচনা বৈঠকত মন্ত্রী কেশৱ মহন্ত, অশোক সিংহল, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তৰংগ গগৈৰ উপৰি জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব ছৈয়দ্দিন আব্বাচীৰ লগতে লোকনির্মাণ, জনস্বাস্থ্য কাৰিকৰী, জলসিঞ্চন, জলসম্পদ আদি বিভাগৰ উচ্চপদস্থ বিষয়া-অভিযন্তাসকল উপস্থিত থাকে। তদুপৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ জিলা আযুক্ত আৰু আন বিষয়াসকল ভিডিঅ’ কনফাৰেঞ্চযোগে এই বৈঠকত উপস্থিত থাকে।