প্লাবন
মিতালি বৰঠাকুৰ,
মালিগাওঁ, আদৰ্শ কলনী, গুৱাহাটী
নৈ খনে বাৰে বাৰে কিয় পাৰ ভাঙে !
ৰাতিৰ নিৰ্জনতাত কাল ধুমুহা হৈ কিয় আহি
সৰ্বস্বান্ত কৰে নিৰীহ জনগণক
আলৈ অথানি পশু ধন
বানৰ বুকুত উটি যায় কত সপোন
জাহ যায় খেতি – পথাৰ কষ্টৰ ফচল
শুই থকা শিশু বুকুত সাৱটি
মাতৃৰ হিয়া ভগা কৰুণ চাৱনি
কিয় বাৰে বাৰে গতি সলাই নৈ খনে !
অনাহাৰ অনিদ্ৰাত আবাল বৃদ্ধ বনিতা
আজি নিৰাপদ স্থান বিচাৰি।
মথাউৰী ভাঙি নিমিষতে চূৰমাৰ কৰে
কত আৱাস ভূমি
হাজাৰ জনৰ চকুত চকুপানী
কোন হ’ব তেওঁলোকৰ দুখৰ সমভাগী !
ৰজা – প্ৰজা সকলো সুখ নিদ্ৰাত নাযাবা
হাতে হাত ধৰি যৎকিঞ্চিৎ হ’লেও
সহায়ৰ হাত আগবঢ়াই কৃপা কৰা
বানপীড়িত লোকৰ দুখৰ ৰজনী
প্ৰকৃতিৰ তাণ্ডবক ৰোধিব নোৱাৰিলেও
মন কৰিলে চন কৰিব পাৰি
হাজাৰ জনৰ দুখৰ পৰিধি নাশি
নাহিবি নাহিবি আকৌ প্লাবন
চূৰমাৰ কৰি সুখৰ সপোন
খঢ়াই নিদিবি তই
নদীৰ দুয়ো পাৰ ওন্দোলাই
নোৱাৰো নোৱাৰো ৰোধিব কুলাই পাচিয়ে নধৰা
অজস্ৰ দুখৰ কৰুণ বিননি।
