ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য 

ডিব্ৰুগড়ৰ জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন ট্ৰাষ্টৰ বানাক্ৰান্ত ৰাইজক সাহাৰ্য 
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান জাকাত এণ্ড ইমদাদ ফাউণ্ডেচন শিৱসাগৰ, নাজিৰা, চৰাইদেউ জিলাৰ শিলসাকোঁ, কেন্দুগুৰি, চন্তক, বিহুবৰ আদি বিভিন্ন ভিতৰুৱা অঞ্চলত দুদিনকৈ গৈ সেই অঞ্চলৰ বানাক্রান্ত ৰাইজৰ মাজত  চিৰা, গুৰ, বিস্কুত, গাখীৰ পেকেট,ছাৰ্ফ,চাবোন, ডেটল, মহ খেদোৱা ধূপ, ফেনাইল, টুথব্ৰাছ , বিচনাচাদৰ, গাৰু, পিন্ধা কাপোৰ আদি বিতৰণ কৰে।   উল্লেখযোগ্য যে ২০০৮ চনতে গঠিত হোৱা ডিব্ৰুগড়ৰ এই অনুষ্ঠানটোৱে সমাজৰ দুখীয়া, অসহায় লোকৰ মাজত ঘৰ সজাই দিয়া , মেৰামতি কৰা, অভাৱগ্ৰস্ত ছাত্ৰ ছাত্ৰীক মেডিকেল, ইঞ্জিনিয়াৰিং, ওকালতি আদি পঢ়াত সহায় কৰা, শিক্ষানুষ্ঠানত কম্পিউটাৰৰ যোগান ধৰা,দিয়া, চিলাই মেচিন, ৰিক্সা, ঠেলা, মোবাইল দোকান দিয়া, বিভিন্ন বেমাৰত আক্ৰান্তক চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, দুখীয়া হিতাধিকাৰীক দুৰ্যোগৰ সময়ত ঘৰে ঘৰে গৈ চাউল দাইল, আটা , তেল, চেনি, মিঠাতেল আদি আগবঢ়াই আহিছে । তদুপৰি ইমদাদ ফাণ্ডৰ পৰা অন্যান্য ধৰ্মাম্বৱলম্বী লোক ঘাইকৈ শিক্ষাৰ্থী সকলক সময়ে সময়ে আৰ্থিক ভাৱে সহায় কৰি আহিছে।  বান সাহাৰ্য বিতৰণৰ ক্ষেত্ৰত ঘাইকৈ অনুষ্ঠানটিৰ সম্পাদক নাচিৰ চুলতান আৰু দুগৰাকী ট্ৰাষ্টি নাচিৰ আহমেদ আৰু শ্বাহনাজ ৰহিমে বিশেষ ভূমিকা পালন কৰে।