তুমি মোৰ পূৰ্ণতা – শচীন্দ্ৰ কুমাৰ দাস

Pc Unsplash

তুমি মোৰ পূৰ্ণতা 

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

তোমাৰ অবিহনে মোৰ এই জীৱন,
যেন এটি আধৰুৱা কবিতা—
যাৰ প্ৰতিটো শব্দই উচুপি উঠে,
বিচাৰি তোমাৰ আলফুল ঠিকনা।

মোৰ প্ৰতিটো তপত উশাহত তুমি,
মোৰ প্ৰতিটো নীৰৱ অনুভৱত তুমি;
মই সমগ্ৰ পৃথিৱীখন হেৰুৱাই পেলাব পাৰোঁ,
মাথোঁ তোমাক হেৰুৱাৰ ভাবনাই মোৰ আত্মা কঁপাই তোলে।

তুমিহীন প্ৰতিটো পল যেন একো একোটা যুগ,
তোমাৰ অবিহনে মই কেৱল এটি উকা শৰীৰ;
তোমাৰ দুচকুত মই কেৱল নিজক চাব বিচাৰোঁ,
প্ৰতিটো সুখ-দুখত মই ছাঁ হৈ থাকিব বিচাৰোঁ তোমাৰ।

বুকুৰ সমস্ত মৰমেৰে সাবটি ৰাখিম তোমাক,
হেৰাই যাব নিদিওঁ কোনোদিন মোৰ জীৱনৰ পৰা;
তুমি মোৰ জীৱনৰ প্ৰথম আৰু শেষ প্ৰেম,
মোৰ উশাহ থকালৈকে তুমি সোমাই থাকিবা মোৰ বুকুৰ মাজত।