বিৰতিৰ সময়ত আৰক্ষী জোৱানৰ বিনোদন – শংকৰ দেৱ

Pc Magnific

বিৰতিৰ সময়ত আৰক্ষী জোৱানৰ বিনোদন

শংকৰ দেৱ,  দেৰগাঁও

জাতি ধৰ্ম ভেদে অসমৰ বিভিন্ন জিলাৰ পৰা গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণৰ বাবে অহা নিযুক্তি প্ৰাপ্ত জোৱানসকলৰ মাজত বিৰতিৰ সময়ত পালন কৰা পৰম্পৰাগত হাঁহি-ধেমালিৰ  পৰম্পৰা বহুকালৰে পৰাই চলি আহিছে।

প্ৰশিক্ষণাৰ্থী আৰক্ষী জোৱানসকলে ব্যস্ততা পূৰ্ণ দৈনিক কাৰ্যসূচী, শৃংখলাবদ্ধতা আৰু কৰ্তব্যনিষ্ঠাৰে প্ৰতিদিনে তেওঁলোকে কঠোৰ অনুশীলন, দৌৰ, অস্ত্ৰ চালনা আৰু শাৰীৰিক কৰ্মত ব্যস্ত হৈ থাকিব লগীয়া হয়।  আহৰি নোপোৱা এই কঠোৰ প্ৰশিক্ষণৰ মাজতেই তেওঁলোকৰ ক্ষন্তেক বিৰতিৰ সময়কণ হৈছে তেওঁলোকৰ বাবে এক শান্তিপূৰ্ণ নিশ্বাস লোৱাৰ অৱকাশ। এই সময়ত দেখা যায়, জোৱানসকলে পৰম্পৰাগত হাঁহি-ধেমালিৰ মাধ্যমেৰে নিজৰ মনৰ ক্লান্তি দূৰ কৰি আনন্দৰ পৰিৱেশ সৃষ্টি কৰি লয়।

দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণত থকা জোৱানসকলে সাধাৰণতে বিৰতিৰ সময়ত বিহু নৃত্য, লোকগীত, হুচৰি, ঢোল-পেপা বজোৱা আদি সাংস্কৃতিক ধেমালিৰে আনন্দ উপভোগ কৰে। অনেক জোৱানে একেলগে কণ্ঠ সংগীত, কবিতা পাঠ, চুটি চুটি ভাওনা-নাট প্ৰদৰ্শন আদি বিনোদনমূলক কাৰ্যসূচীও পালন কৰে। কেতিয়াবা দেশভক্তি মূলক গীতৰ সুৰেৰে সমগ্ৰ প্ৰশিক্ষণ প্ৰাংগণ মুখৰিত কৰি তোলে।

এই ধৰণৰ হাঁহি-ধেমালিয়ে কেৱল আনন্দৰ পৰিৱেশ সৃষ্টিয়েই নকৰে,  ই ভাতৃত্ব, ঐক্য আৰু দলগত মনোভাৱ গঢ়ি তোলাতো সহায় কৰে। ঘৰ পৰিয়াল, বন্ধুবৰ্গ দূৰতে এৰি কঠোৰ দায়িত্ব আৰু প্ৰশিক্ষণৰ কাৰ্যসূচীৰ চাপৰ পাছত এনে ক্ষন্তেকৰ কিছু আনন্দই তেওঁলোকক মানসিকভাৱে সতেজ আৰু প্ৰফুল্ল কৰি তোলে। লগতে, ই অসমীয়া সমাজৰ লোকসংস্কৃতিৰ পৰম্পৰা সংৰক্ষণৰ এক সুকোমল দৃষ্টান্তও ধৰি ৰখাত সহায় কৰে বুলি ক’ব পাৰি।

এই পৰম্পৰাগত হাঁহি-ধেমালি দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰৰ সামাজিক জীৱনৰ এক অভিন্ন অংশ ৰূপে পৰিণত হৈছে। ই জোৱানসকলৰ মাজত সাহস, মনোবল আৰু কৰ্তব্য পালনৰ অনুপ্ৰেৰণা জগায়।দায়িত্ব, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে জড়িত জীৱনধাৰা হৈছে এজন আৰক্ষী জোৱানৰ জীৱনশৈলী। দিনৰ অধিকাংশ সময় তেওঁলোক কৰ্তব্য পালনত ব্যস্ত থাকিলেও, বিৰতিৰ সময়ত তেওঁলোকে নিজৰ মানসিক ক্লান্তি দূৰ কৰিবলৈ পৰম্পৰাগত হাঁহি-ধেমালি তথা আনন্দময় আচৰণত যুক্ত হয়। এই হাঁহি-ধেমালি কেৱল মাত্ৰ বিনোদনৰ মাধ্যমেই নহয়, ই একতা, ভাতৃত্ব আৰু মনোবল বৃদ্ধিৰো সঁজুলি।

এই ধৰণৰ হাঁহি-ধেমালিয়ে তেওঁলোকৰ মাজত সহযোগিতা, দলগত মনোভাৱ আৰু মানসিক শান্তি সৃষ্টিত সহায় কৰে। কৰ্তব্যৰ কঠোৰ চাপৰ মাজতো এনে  সামান্য বিনোদনে তেওঁলোকক নতুন শক্তি যোগায়। লগতে, জোৱানসকলৰ মাজত অসমীয়াৰ জাতীয় সংস্কৃতি সংৰক্ষণৰ এক প্রচেষ্টা ৰূপেও ই এক মূল্যবান দিশ তথা সংস্কৃতিৰ এক জীৱন্ত প্ৰতিচ্ছবি  ই তেওঁলোকৰ কেৱল হাস্য-বিনোদনেই নহয়, সাহস, ভাতৃত্ব আৰু দেশসেৱাৰ মানসিকতা বঢ়াবলৈও অনুপ্ৰেৰণা যোগায়।