অন্ধ্রপ্রদেশত বিমান বন্দৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

অন্ধ্রপ্রদেশত বিমান বন্দৰ উদ্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগপুৰমত আল্লুৰী সীতাৰামা ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰে। প্ৰায় ৫,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই নতুন বিমানখনৰ জৰিয়তে উত্তৰ অন্ধ্ৰ অঞ্চলৰ যোগাযোগ ব্যৱস্থা আৰু অর্থনৈতিক বিকাশ ত্বৰান্বিত হ’ব। এই উদ্ধোধনী অনুষ্ঠানে প্ৰধানমন্ত্ৰীগৰাকীয়ে কংগ্রেছক কটাক্ষ কৰি কয় দেশৰ বিমান বন্দৰসমূহৰ নাম পূর্বে এটা পৰিয়ালৰ লোকসকলৰ নামত ৰখা হৈছিল। কিন্তু আমি সেই পৰম্পৰা সলনি কৰি দিছো।  বিমান বন্দৰ নামকৰণৰ পুৰণি নীতিৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়- ‘আমাৰ চৰকাৰে দেশৰ সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলৰ নামত গুৰুত্বপূৰ্ণ পৰিকাঠামোসমূহৰ নামকৰণ কৰিছে। অযোধ্যাৰ বিমান বন্দৰৰ নাম মহর্ষি বাল্মীকিৰ নামেৰে আৰু পঞ্জাবৰ বিমান বন্দৰৰ নাম সন্ত ৰবিদাসৰ নামেৰে ৰখা হৈছে। অন্ধ্রপ্রদেশৰ এই নতুন বিমান বন্দৰৰ নাম ৰখা হৈছে স্বাধীনতা সংগ্রামী আল্লুৰি সীতাৰাম ৰাজুৰ নামেৰে।’ বিগত এক দশকত ভাৰতৰ বিমান পৰিসেৱাৰ যিসমূহ পৰিবৰ্তন হৈছে, তাৰো খতিয়ান দিয়ে মোডীয়ে। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে দেশত ৭৪টা বিমান বন্দৰ আছিল, কিন্তু বৰ্তমান ইয়াৰ সংখ্যা ১৬৬লৈ বৃদ্ধি হৈছে। ইয়াৰ ফলত যোগাযোেগ ব্যৱস্থাৰ ব্যাপক সম্প্ৰসাৰণ হোৱা বুলি উল্লেখ কৰে তেওঁ। অন্ধ্রপ্রদেশৰ এই নতুন বিমান বন্দৰটো প্রায় পাঁচ হেজাৰ কোটি টকা ব্যয়েৰে জি এম আৰ গ্ৰুপে নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ যাত্ৰী পৰিবহণৰ ক্ষমতা হৈছে বছৰি প্ৰায় ৬০ লাখ। আগত দিনত এই ক্ষমতা বছৰি চাৰি কোটিলৈ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে। প্রায় ৩,৮০০ মিটাৰ দীঘল ৰানৱে’ বিশিষ্ট বিমানবন্দৰটো ব’য়িং, ড্রিমলাইনৰ দৰে আধুনিক ৱাইড ব’ডি বিমান চলাচলৰ বাবে উপযোগী। বিমান বন্দৰটোত ১৭ আগষ্টৰ পৰা বাণিজ্যিক বিমানৰ সেৱা উপলভ্য হ’ব।