মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ কোটি টকা আগবঢ়ালে গৌতম আদানিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ৪ জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰি তাণ্ডৱলীলা চলোৱাৰ পিছতে ভিন্নজনে ভিন্ন ধৰণেৰে সহায়ৰ হাত আগবঢ়াইছে । মন্ত্ৰী, বিধায়কৰ আৰম্ভ কৰি বলীউডৰ অভিনেতাৰ পৰা উদ্যোগপতিলৈকে সকলোৱে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অৰ্থ প্ৰেৰণ কৰিছে । শেহতীয়াকৈ অসমৰ বানাক্ৰান্তসকলৰ সহায়ৰ বাবে দেশৰ প্ৰখ্যাত উদ্যোগপতি গৌতম আদানিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ১১ কোটি টকাৰ অনুদান। উদ্যোগপতিগৰাকীৰ উদাৰ অনুদানত আন্তৰিকতাৰে কৃতজ্ঞতা জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে কয় যে অসমৰ বানপীড়িতৰ সহায়ৰ বাবে গৌতম আদানিয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ কোটি টকাৰ উদাৰ অনুদান আগবঢ়োৱা খবৰটো হঠাতে জানিবলৈ পালোঁ। সদায়ে প্ৰচাৰৰ পৰা আঁতৰি নীৰৱে কাম কৰি অহা উদ্যোগপতিগৰাকীয়ে এইবাৰো অকল আর্থিক সহায় আগবঢ়োৱাতেই সীমাবদ্ধ নাথাকি বানপীড়িত হাজাৰ হাজাৰ পৰিয়ালৰ কাষত সময়মতে সহায় আগবঢ়াবলৈ বিভিন্ন মাধ্যমেৰে সামগ্ৰী সংগ্ৰহৰ দিশতো নীৰৱে কাম কৰিছে। অসমৰ উন্নয়নৰ যাত্ৰাত বিনিয়োগ কৰাৰ ক্ষেত্ৰত উদ্যোগপতিগৰাকীয়ে দেখুওৱা আস্থা আৰু সাহসৰ কথা উনুকিয়াই মুখ্যমন্ত্রী ড° শর্মাই কয় যে সংকটৰ এই সময়ত অসমৰ জনসাধাৰণৰ প্ৰতি একেই দায়বদ্ধতা আৰু সহমর্মিতা প্ৰদৰ্শন কৰিছে গৌতম আদানিয়ে। বিশিষ্ট উদ্যোগপতিগৰাকীৰ লগতে অসমৰ বন্যার্তলৈ সাহায্য আগবঢ়োৱাত পিছ পৰি ৰোৱা নাই বলীউডৰ জনপ্রিয় অভিনেতা আয়ুষ্মান খুৰানা আৰু কার্তিক আৰিয়ানে। দুয়োগৰাকী অভিনেতাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এক কোটিকে মুঠ দুই কোটি টকা আগবঢ়াইছে।
