প্ৰকৃতিৰ ধ্বংস লীলাত মানুহৰ মানবতা বোধ
নমিতা দাস,শুৱালকুছি
এইবাৰৰ বানপানীয়ে প্ৰমান কৰিলে অসমৰ সম্পদ বুলি ভবা কেবল প্ৰাকৃতিক সম্পদ, নদী, পাহাৰ তেল চাহপাতেই নহয় অসমৰ মানুহৰ মনবোৰো প্ৰাকৃতিক সম্পদৰ দৰেই চহকী । এই চহকী অসমৰ লোক সকলে কোনো দুৰ্যোগৰ সময়ত যেতিয়া এক লগ হয় তেতিয়া কোনো দুৰ্যোগেই পৰাস্ত কৰিব নোৱাৰে । ইজনে আনজনৰ দুখত সমভাগি হৈ কান্ধ পাতি ঠিয় হৈ এটা পৰিয়াল হৈ পৰে ।
মানুহে মানুহৰ বাবে বুলি আকৌ এবাৰ প্ৰমান কৰি দিলে কোনো চৰকাৰী সহযোগলৈ ৰৈ নাথাকি নিজে নিজে প্ৰতিজন লোক ওলাই আহিল । অসমত প্ৰতিবাৰে হৈ থকা বানপানী এইবাৰ যেন অন্য ৰূপ ল’লে হথাতে অহা পানীয়ে মানুহ , জীৱ, জন্তু পথাৰ, ঘৰ সকলো মুহুৰ্ততে বুৰাই পেলালে চকুৰ প্ৰচাৰতে সকলো শেষ হৈ গল । প্ৰকৃতিৰ এই ধ্বংস লীলাই মানুহৰ মাজত যে মানবতাৰ অন্য এক চানেকী ইতিহাসৰ পাতত দেখিবলৈ পোৱা যাব সেইটো ধুৰূপ । বাঢ়নী পানীৰ বিধ্বংসী বানে উটুৱাই নিয়া মানুহ কেইজন কি ধৰ্মালম্বীৰ সেই কথা বিচাৰ কৰাৰ প্ৰয়োজন বোধ কৰা নাই। কেবল আগুৱাই গৈ সহায় কৰিব লাগে,বচাব লাগে । সেউজ পথাৰখন অন্তহীন জলৰাখীত পৰিণত হৈ হাজাৰ হাজাৰ লোকৰ ঘৰ দুৱাৰ জলমগ্ন হোৱাত ওখ ঠাই বিচাৰি নামঘৰ, ৰাষ্টা, মথাউৰীলৈ ধপলিয়াই আহিব লগা হৈছে। উপায় নাপায় গছত উঠি প্ৰাণৰক্ষা কৰা কণমানী আৰু মহিলা পুৰুষ উভয়ৰ সেই মৰ্মান্তিক মুহুৰ্তবোৰত তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে নিজৰ জীৱনৰ বিপন্নতাৰ কথা একাসৰীয়াকৈ থৈ উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিল লোকসকল । পানীৰ কবলত পৰি থকা আৰ্তজনক সহায় কৰিব লাগে এটাই যেন মন্ত্ৰ। দেখুৱাই দিলে আজি মানুহে মানুহৰ বাবে ।বান প্ৰিড়িত সকলৰ দুখত দুখী হৈ সমগ্ৰ অসমবাসী শোকত ম্ৰিয়মান এয়াই মানবতাৰ ছবি, সেই ছবি আঁকি দেখুৱালে সমগ্ৰ অসমবাসীয়ে । বৰ্ত্তমান উশৃঙ্খল বুলি ভাবি থকা যুব প্ৰজন্মৰ লোক সকলো ৰৈ নাথাকিল ওলাই আহিল । তেওঁলোকৰ সহমৰ্মিতা নথকা, ভাতৃত্ববোধ নথকা, দুৰ্বল মানসিকতাৰ বাবে দেশৰ ভবিষ্যত অন্ধকাৰ , বোকাত নৃত্য কৰি সামাজিক দায়বদ্ধতা নুবুজা বুলি ভবা কথা মিছা বুলি প্ৰমাণিত কৰিলে । দিন-ৰাতি এক কৰি ভোক পিয়াহৰ থকা চিন্তা নকৰিলে এজনে আনজনক লৈ যি নিদৰ্শন দেখুৱালে সেই মানবতা বোধে দেখুৱাই দিলে মানুহে মানুহৰ বাবে।
প্ৰমানিত হল যেএতিয়াও মানুহৰ হৃদয় আছে , সহানুভুতি আছে, সেয়ে অসমৰ চুকে কোনে সোমাই থকা সকলো লোক ওলাই আহিল যোনে যেনেকৈ পাৰে বানাক্ৰান্ত সকলৰ ওচৰলৈ চাউল, দাইল, চাবোন, বিস্কুত, বিশুদ্ধ খোৱাপানী, ঔষধ যেনেকৈ পাৰে তেনেদৰে সহায়ৰ হাত আগবঢ়িলে ।
ৰাজনীতি, ভাষা,ধৰ্মকলৈ , সামাজক ভাগ ভাগ কৰি ভাই ভাইৰ মনত হিংসাৰ ভাব ৰোপন কৰা অসমখনত বানপানীৰ দুৰ্যোগে সকলোকে এক কৰি পেলালে । ঐক্যবোধ জগায় তুলিলে চিনাকি-অচিনাকি বুলি কোনো কথা নাই নিজৰ পাতৰ ভাত মুঠি ক্ষুধাৰ্ত জনৰ লগত ভগাই খোৱাৰ মানবতা বোধ । প্ৰকৃতিয়ে কৰা অন্যায়ৰ বিৰুদ্ধে যুজ দিবলৈ এখন হৃদয়ে আনখন হৃদয়ৰ ভাষা বুজি মানবতাৰ জয়গান গাবলৈ ওলাই আহাৰ মানবতাবোধ ।
কিছু বছৰ পিছত মানুহৰ ঘৰ দুৱাৰ পুণৰ নিৰ্মিত হব , গোহালিত গৰু ভৰি পৰিব, পথাৰ সেউজ হৈ সোনগুটি উভৈনদী হব । বানপানীৰ ক্ষয়-ক্ষতিৰ কোনো চিন নাথাকিব, কিন্ত বানৰ বিভীসিকাত নিজৰ জীৱন তুচ্ছ জ্ঞান কৰি অচিনাকি মানুহ জনক সহায় কৰিবলৈ আগবাঢ়ি যোৱাজনৰ কথা যদি মানুহে মনত ৰাখে সেই মধুৰ ক্ষণটো হব আটাইতকৈ মুল্যবান ।কাৰণ মানুহৰ হৃদয়ত গঢ়ি উঠা সভ্য মানসিকতা কোনো অট্টালিকা, বা আৰামদায়ক কোঠাই গঢ়ি তুলিব নোৱাৰে । মানুহৰ হৃদয়ত গঢ়ি উঠা বিশ্বাস, সহমৰ্মিতা , এজনে আনজনৰ প্ৰতি থকা দায়িত্ববোধে গঢ়ি উঠে মনবতা ।
এই বানপানী শুকাই যোৱাৰ লগে লগে মানুহৰ মনৰ মানতাবোধ যেন শুকাই নাযায় । আজিৰ দৰেই অসমত চিৰ প্ৰবাহমান হৈ থাকক এইম নবতাবোধ ।
