ক্ৰন্দশী শাওণ
মিতালি বৰঠাকুৰ
মালিগাওঁ ( আদৰ্শ কলনী ), গুৱাহাটী
মেঘনন্দিনীৰ চকুত এচমকা অঞ্জন
পদূলি চিকুণাই থওঁ
সৰিব টোপ টোপ বৰষুণ
বুকুত বাজি উঠিব ভালপোৱাৰ মালিতা
মনত পৰিব আইতাৰ সেই সাধু কথাৰ দিনলৈ
সাউদৰ পুতেকে নাও মেলি যায়
সোণৰ কুঠাৰ ৰূপৰ কুঠাৰ জলকুঁৱৰীৰ সাধু
উটুৱাই দিম এচলোঁ পানীত কাগজৰ নাও
শৈশৱ ঘূৰি নাহে তথাপি স্মৃতিকে আওৰাও
টোপাল টোপাল বৰষুণত মেলি দিও দুহাত
সোঁৱৰণী হৈ ভাঁহি আহে দুচকুৰ পতাত
শেতেলিত পৰি শৈশৱ খেপিয়াও
সময় বলুকাত সকলো হেৰায়
পানীপোতাত বৰষুণৰ টোপ টোপ শব্দ
মেৰিয়াই থওঁ শৈশৱ আৰু সোঁৱৰণীৰ
অলেখ সোণসেৰীয়া পৃষ্ঠা
বলুকাত বিয়লিৰ লিখিত ছন্দ।
