বিষাদ-মহিমা
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
মই সুধিছোঁ অসীম নীলিমাক—
কিহৰ বাবে আজি তোমাৰ এই অতল নীলাৰ বিষাদ?
মহা সমুদ্ৰৰ দৰেই তোমাৰ এই বিশাল হৃদয়ৰ বিস্তাৰ,
যাৰ গভীৰতাৰ কোনো অন্ত নাই, সীমা নাই।
তথাপিও সেই অসীমত আজি কিহৰ এই মেঘঘন ছাঁ?
বুকুৰ গভীৰতাত জমা হোৱা বেদনা যে বৰ গধুৰ;
অৱশেষত সেই ব্যাকুল আবেগৰ পুঞ্জীভূত মেঘ,
অশ্ৰুৰ শাওণ হৈ নামি আহে দুচকুত ধাৰাসাৰ।
