উজনিৰ বান
ইভা গন্ধীয়া ফুকন
শাওণৰ এহালিচা বোকা পথাৰত
মুঠি মুঠি কঠীয়াৰে গোছি গোছি ৰোৱা
মেঘমল্লাৰ ৰাগিনীত
হালধীয়া সপোনে পাখি মেলাৰ পৰত
হঠাতে অহা পানীৰ ধলে গৰকি মোহাৰি মষিমূৰ
সহস্ৰজনৰ অজস্ৰ সপোন
অকল্পনীয়, অবৰ্ণনীয়, মৰ্মন্তুদ , ভয়াৱহ ছবি
কাহানিও মুখামুখি নোহোৱা এনে পৰিস্থিতি
ইতিহাসত নোহোৱা পানীৰ ধল
যোগাযোগ হৈছে বিছিন্ন
উজনিৰ ৰেল, বাছ নামনিলৈ যাব নোৱাৰা অৱস্থা
ছিঙিছে ৰেলপথ, স্থলপথ পানীৰ তলত
ক্ষণিকতে বুৰালে পথাৰ, ঘৰ- বাৰী
ঘৰৰ আচবাব লামলাকুট
সকলো পানীৰ তলত
বানাক্ৰান্তৰ হাহাকাৰ
প্ৰশাসনে কৰিছে যোগাৰ নাৱৰ
সস্তম উদ্ধাৰ বাহিনী
বন্যাৰ্তই সাজিছে কলগছৰ ভূৰ
শিশু গৰ্ভৱতী প্ৰসূতিৰ বিলৈ
ৰুগীয়া,বৃদ্ধক আনিছে দাংকোলা কৰি
দুই কিশোৰী সহ কেইবাজনৰ মৃত্যুৰ বাতৰি
কোনোবা আকৌ ঘৰৰ চাদত উঠিবলৈ যাওঁতে
ধল পানীত যায় উটি
হায় ! নগালেণ্ডৰ পৰা বৈ অহা কালৰূপী বান
খোৱা পানী এটুপি পাবলৈ টান
বিস্কুট ,খিচিৰিৰে সামৰিছে পেটৰ ভোক
পানী শুকালেও কি হ’ব বানাক্ৰান্তৰ
আপোন ঘৰখন পুনৰ সজাবলে
থাকিবনে উদ্যম ।
