বংশৰৰ বিশ্বজিৎ বৈশ্যক “নৃত্যম গন্ধৰ্ব সন্মান-২০২৬” প্ৰদান
শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী কাহিলীপাৰাস্থিত জ্যেতিচিত্ৰবন ফিল্ম ষ্টুডিওত ২৭ জুলাই ত “ৰিডম ইভেন এণ্ড এন্টাৰটেইনমেন্ট প্ৰায়ভেট লিমিটেডে” বিভিন্ন প্ৰতিযোগিতাৰে আয়োজন কৰা এক গাম্ভীর্যপূৰ্ণ অনুষ্ঠানত ৩০ নং হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত বংশৰৰ উদীয়মান অভিনেতা তথা জনপ্ৰিয় নৃত্য কৰিঅ’গ্ৰাফাৰ বিশ্বজিৎ বৈশ্যক “নৃত্যম গন্ধৰ্ব সন্মান-২০২৬” প্ৰদান কৰা হয়। অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৰ্শক ৰাইজক আপ্লুত কৰে। বিশ্বজিৎ বৈশ্যই বিভিন্ন সময়ত বিভিন্ন সন্মানেৰে সন্মানিত হৈ বংশৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে।তেওঁৰ তত্ত্বাৱধানত প্ৰশিক্ষন লোৱা ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বিশ্বজিৎ ৰ সফলতাৰ বাবে বংশৰ অঞ্চলত এক সাংস্কৃতিক পৰিৱেশৰ সৃষ্টি হৈছে।
