ডিব্ৰুগড়ৰ কেবাটাও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত বানপীড়িতলৈ সাহাৰ্য
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ কেবাটাও সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানে শিৱসাগৰ, চৰাইদেউ আদিত বিভীষিকা সৃষ্টি কৰা বানপীড়িতৰ কাষত কৃষক মুক্তি সংগ্ৰাম সমিতি, অনুসূচিত জাতি সংযুক্ত মৰ্চা, খিলঞ্জীয়া পৰিষদ, সংগ্ৰামী যুৱ পৰিষদ,অনুসুচিত জাতি সংগঠন সমূহৰ লগতে লুইত পৰীয়া লোক সাংস্কৃতিক কলা কেন্দ্ৰ ডিব্ৰুগড়ৰ উদ্যোগত- বানৰ তাণ্ডৱত ক্ৰমাৎ দিশহাৰা হৈ পৰা ভুক্তভোগী ৰাইজৰ কাষত থিয় দিছে। সামাজিক সংগঠনকেইটাৰ যৌথ উদ্যোগত চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চল গাঁৱৰ বানপীড়িত ৰাইজৰ মাজত এক বান সাহায্য বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা লক্ষ্যৰে-আজি ডিব্ৰুগড় পৰা যাত্ৰা কৰা সঁজাতি দলটোৰ নেতৃত্বলোৱা বিপিন বৰাই -প্ৰকৃত লোক সকলক যাতে এই সাহাৰ্য্য দিব পাৰে তাৰ প্ৰতি লক্ষ্যৰাখি প্ৰায় -২০ জনীয়া এটা প্রতিনিধি দলে দূর্গম অঞ্চলটোত উপস্থিত হৈ সাৰ্হায্য সামগ্ৰীসমূহ বিতৰণ কৰে বুলি সংবাদ মাধ্যামক জনায়। দুর্দশাগ্রস্ত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত অত্যন্ত প্রয়োজনীয় খাদ্য সামগ্ৰী আৰু নিত্যব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰিবলৈ চাউল, দাইল, আলু, বিস্কুত, চাবোন, মহ খেদা ধূপ, প্রয়োজনীয় অ’আৰএছ, মমবাতি, বস্ত্ৰৰ টোপোলা, ৫,০০০ খোৱাপানী বটল, চিৰা-মুড়ি বিতৰণ কৰে। ইয়াৰ উপৰি মহিলাসকলৰ বাবে প্রয়োজনীয় সামগ্রী, সৰু ল’ৰা-ছোৱালীৰ বাবে গাখীৰৰ পেকেট, চকলেট, নেমু, আৰু মহামাৰী প্ৰতিৰোধৰ বাবে ব্লিচিং পাউদাৰ আদি লৈ ৰাওনা হৈছে। আনহাতে আগন্তুক দিনসমূহতো সংগঠনৰ ফালৰ পৰা দুৰ্যোগপীড়িত লোকসকলৰ কাষত থিয় দি সেৱামূলক কাৰ্যসূচী অব্যাহত ৰাখিব।
