বানাক্ৰান্তলৈ প্রতিজন বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত

Pc NDTV

বানাক্ৰান্তলৈ প্রতিজন বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ সিদ্ধান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ভয়ংকৰ বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি শাসক-বিৰোধী সকলো বিধায়কে এমাহৰ দৰমহা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। আনহাতে অসম বিধানসভা সচিবালয়ৰ বিষয়া-কর্মচাৰীসকলেও এদিনৰ দৰমহা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব।  উল্লেখ্য যে, এইপ্রলয়ংকৰী বানত সকলো হেৰুৱাই অসহায় হৈ পৰিছে লাখ লাখ বনাক্রান্ত। প্রলয়ংকৰী বানে সকলোৰে সা-সম্পত্তিৰ লগতে যেন উটুৱাই নিয়ে জীয়াই থকাৰ সপোন। বর্তমান পানী কমিছে যদিও এইসকল লোকৰ যন্ত্রণা, দুখ-দুর্দশা আৰু দুর্যোগ কমা নাই। এই দুর্যোগৰ সময়ত সকলোৱে, বিশেষকৈ বিভিন্ন দল-সংগঠনে মুক্ত মনে সহায়-সহযোগিতা আগবঢ়াইছে। সাধাৰণ ৰাইজে এইসকল বন্যার্তৰ দুৰ্যোগৰ সমভাগী হৈসহায় সাহায্য আগবঢ়াইছে। কিন্তু চৰকাৰৰ সহায়-সাহায্যক লৈ বিভিন্ন প্রশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে মঙলবাৰে অসম বিধানসভাৰ শাসক-বিৰোধী উভয়ৰে প্ৰতিগৰাকী সদস্যই উজনি অসমৰ বানাক্ৰান্তসকলক সহায়ৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে মঙলবাৰে প্ৰশ্নত্তোৰ কালৰ পিছতে শূন্যকালীন ঘণ্টাত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে অসম বিধানসভাৰ চলিত ষষ্ঠদশ বাজেট অধিৱেশন ২৯ জুলাইত সমাপ্ত কৰাৰ কথা ঘোষণা কৰি কয় যে বানপীড়িত লোকসকলৰ ওচৰলৈ যাতে অসম বিধানসভাৰ সদস্যসকলে গৈ পৰিস্থিতিৰ বুজ ল’ব পাৰে আৰুপ্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়াব পাৰে, সেই উদ্দেশ্যৰে এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। ইয়াৰ উপৰি, বানপীড়িত লোকসকলৰ সহায়ৰ উদ্দেশ্যে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস আৰু উপাধ্যক্ষ ডাঃ হাব্বে টেৰণে এমাহৰ দৰমহা, লগতে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ এদিনৰ দৰমহা অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়োৱা হ’ব বুলিও অধ্যক্ষগৰাকীয়ে ঘোষণা কৰে। অধ্যক্ষগৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আনকি বিধায়কসকলেও তেওঁলোকৰ এমাহৰ দৰমহা বানপীড়িত লোকসকলৰ সাহায্যার্থে আগবঢ়োৱাৰ কথা সদনক জনায়। একেদৰে এ আই ইউ ডি এফৰ বিধায়ক মজিবুৰ ৰহমানে এক মাহৰ দৰমহাৰ সৈতে দুই লাখ টকা দিয়াৰ কথাও সদনত ঘোষণা কৰে। কংগ্ৰেছৰ বিৰোধী দলপতি বাজেদ আলী চৌধুৰীয়েও কয় যে ইতিমধ্যে কংগ্ৰেছ দলৰ প্ৰতিনিধি দল উজনিৰ বানাক্ৰান্ত এলেকালৈ গৈ সহায়ৰ হাত আগবঢ়াইছে। এতিয়া কংগ্ৰেছৰ আটাইকেইগৰাকী বিধায়কে বানাক্ৰান্তৰ বাবে এক মাহৰ দৰমহা প্ৰদান কৰিব। একেদৰে অসম গণ পৰিষদ, বি পি এফ আৰু তৃণমূল কংগ্ৰেছ দলৰ বিধায়কসলকেও এমাহৰ দৰমহা বানাক্ৰান্তৰ সহায়ৰ বাবে আগবঢ়াব বুলি সদনত ঘোষণা কৰে।