বানপীড়িতলৈ বৃহৎ অর্থ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

বানপীড়িতলৈ বৃহৎ অর্থ সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ কিছু কিছু অঞ্চলত হোৱা বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ ৷ মঙলবাৰে সন্ধিয়া ফেচবুক লাইভৰ জৰিয়তে ৰাজ্যৰ বান পৰিস্থিতি আৰু এইক্ষেত্ৰত চৰকাৰৰ কৰণীয় ব্যৱস্থাসমূহৰ বিষয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৰাইজক অৱগত কৰে ৷ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানপীড়িত প্রতিটো পৰিয়ালকে পোন্ধৰ হাজাৰকৈ টকা দিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্রী ড° শর্মাই ফে’চবুক লাইভ যোগে এই কথা ঘোষণা কৰি কয়, ‘বানত সকলো হেৰুওৱা লোকসকলক এতিয়া কিছু নগদ ধনৰ প্রয়োজন হৈছে। যাতে তেওঁলোকে নিজৰ ঘৰখন ঠিক কৰিব পাৰে, এসাজ কাপোৰ কিনিব পাৰে। সেয়েহে অহা চাৰি-পাঁচ দিনৰ ভিতৰত বানত গুৰুতৰভাৱে ক্ষতিগ্রস্ত প্রতিটো পৰিয়ালকে পোন্ধৰ হাজাৰকৈ টকা তৎকালীনভাবে বেংক একাউন্টযোগে প্রদান কৰা হ’ব। এই পোন্ধৰ হাজাৰ টকা সকলোৱেই পাব আনকি চৰকাৰী কৰ্মচাৰীয়েও পাব। প্রায় এক লাখ লোকক এই সাহায্য প্রদান কৰা হ’ব।’ আনহাতে মঙলবাৰৰ পৰা জিলা আয়ুক্তসকলে আন কৰ্মচাৰীসকলৰ সৈতে লগ লাগি এই ধন প্ৰদানৰ বাবে তালিকা প্রস্তুত কৰিব বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, ‘অন্তর্বর্তীকালীন সাহায্য হিচাপে এই ধন দিয়া হ’ব। একেদৰে তিনি আগষ্টৰ পৰিৱৰ্তে অহা এক আগষ্টতে অৰুণোদয়ৰ ধন দিয়া হ’ব। বহুতে কৈছে এইবাৰ অৰুণোদয়ৰ ধন দিব নালাগে। সেই ধন চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। কিন্তু আমি ইমান ডাঙৰ পদক্ষেপ ল’ব খোজা নাই। ইয়াৰ পৰিৱৰ্তে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ অৰুণোদয় হিতাধিকাৰীক ২৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছোঁ। বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অলপ টকা কমকৈ দিম। ইয়াৰ বাবে ৰাইজে বেয়া নাপাব।’ মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্র-ছাত্রীক বিনামূলীয়াকৈ ইউনিফর্ম আৰু পাঠ্যপুথি প্ৰদানৰ কথাও ব্যক্ত কৰে। তেওঁ কয়, ‘শিৱসাগৰ, চৰাইদেউৰ স্কুলৰ শিক্ষাৰ্থীক ইউনিফর্ম দিয়াৰ বাবে এসপ্তাহৰ ভিতৰত ধন মুকলি কৰি দিম। পূৰ্বৰ দৰেই সমান ধন দিয়া হ’ব। একেদৰে অহা এক তাৰিখৰ পৰা বিদ্যালয়সমূহলৈ বিনামূলীয়া পাঠ্যপুথি আকৌ প্ৰেৰণ কৰা হ’ব।’ প্রণিধানযোগ্য যে ছাত্র-ছাত্রীসকলৰ বাবেও ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এক বৃহৎ সিদ্ধান্ত। সেই অনুসৰি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলক এক হাজাৰ টকাকৈ, স্নাতক পর্যায়ত পঢ়ি থকাসকলক তিনি হাজাৰ টকাকৈ আৰু এম এ পঢ়ি থকাসকলক পাঁচ হাজাৰ টকাকৈ কিতাপ পত্ৰ ক্ৰয় কৰাৰ বাবে এককালীন সাহায্য দিয়া হ’ব। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা এই ধন দিয়া হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে এই ধনৰ উপৰি বানত যিসকলৰ চার্টিফিকেট, মার্কশ্বিট ক্ষতি হৈছে, তেওঁলোকে নতুন চার্টিফিকেট বা মার্কশ্বিটৰ বাবে আৱেদন কৰিব পাৰিব। এই ক্ষেত্ৰত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকে মাচুল দিব নালাগে। আনহাতে বানত কাৰ কাৰ ঘৰ ভাঙি পৰিল, কাৰ কাৰ পশু ধন, তাঁতশাল, কৃষিভূমি, মীন পালনৰ পুখুৰী আদি নষ্ট হ’ল সেয়া সমীক্ষা তিনি তাৰিখৰ পৰা চলোৱা হ’ব। ইয়াৰ পাছত পৰৱৰ্তী সময়ত সম্পূৰ্ণ ক্ষতিপূৰণ আদায় দিয়া হ’ব। উল্লেখযোগ্য যে বানত মৃত্যু হোৱা আৰু নিৰুদ্দেশ হোৱা পৰিয়ালসমূহকো দিয়া হ’ব বিশেষ আর্থিক সাহায্য। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘বানত মৃত্যু হোৱা লোকসকলৰ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে সাহায্য দিয়াৰ নিয়ম। কিন্তু বহু কেইজন লোকৰ মৰণোত্তৰ কৰিব পৰা নগ’ল। সেয়েহে আমি সিদ্ধান্ত লৈছোঁ, এতিয়াৰে পৰাই বানত মৃত্যু হোৱা লোকক সাহায্য দিয়াৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ প্রয়োজন নাই। চক্র বিষয়াই এখন প্রমাণ-পত্র দিলেই তৎকালীনভাৱে চাৰি লাখ টকাকৈ লাভ কৰিব। ইয়াৰ উপৰি বানত মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্তভাৱে পাঁচ লাখ টকাকৈ লাভ কৰিব। অৰ্থাৎ মৃতসকলৰ পৰিয়ালে মুঠ ন লাখকৈ টকা লাভ কৰিব।’ ইফালে বানত এইবাৰ নাজিৰাত সাত গৰাকী লোক সন্ধানহীন হৈ আছে বুলি জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী নিয়ম মতে শৰীৰ নাপালে সাহায্য দিব নোৱাৰি। সেয়েহে আমি সিদ্ধান্ত লৈছোঁ এমাহলৈকে সন্ধান নাপালে মৃত্যু হোৱা বুলি তেওঁলোকৰ পৰিয়ালকো চৰকাৰী সাহায্য আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন প্ৰদান কৰা হ’ব। আনহাতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বহু লোকে যোৱা ১৮ জুলাইৰ পাছত ধন দিছে বুলি জনাই তেওঁ কয় যে কম কম পৰিমাণৰ ৪৬১০ গৰাকীয়ে ধন দিছে। এনেদৰে প্রায় ৬০ লাখ টকা জমা হৈছে। অৱশ্যে কিছু সংখ্যকে বৃহৎ পৰিমাণৰ ধনো দিছে। এনেদৰেও ২৬ কোটি ৫৮ লাখ টকাও লাভ কৰিছোঁ। চৰকাৰী নীতি-নিয়মে ঢুকি নোপোৱাসকলক আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন দিম। ইফালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিক লৈ একাংশ লোকে বিৰূপ মন্তব্য কৰাক লৈ তেওঁ কয়, ‘কিছু লোকৰ কথা শুনিলে কেতিয়াবা মনটো বেয়া লাগি যায়। যোৱা পাঁচ বছৰত এই ধনেৰে হাজাৰ হাজাৰ কেঞ্চাৰ ৰোগীৰ মুখত হাঁহি বিৰিঙিছে। প্রত্যক্ষভাবে সহায় কৰিব পাৰিলে ভাল। কিন্তু যিসকলে প্রত্যক্ষভাবে নোৱাৰে তেওঁলোকে এনেদৰে দিয়ে। বহুতে আকৌ হিচাপ বিচাৰিছে। আমাৰ হিচাপ দিয়াত আপত্তি নাই।’ মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ‘এই সময়ত ৰাজনীতি আৰু সমালোচনাৰ পৰা ঊর্ধ্বত থাকি বানাক্রান্তসকলক সহায় কৰিব পাৰোঁ তাৰেই প্ৰচেষ্ট হাতত ল’ব লাগে।’ ইফালে আন্তঃগাঁথনি উন্নয়নৰ বাবেও ধন দিব ৰাজ্য চৰকাৰখনে। আজি টিউবৱেল প্ৰদানৰ বাবে ধন দিয়াৰ কথা জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিছোঁ ক্ষতি হোৱা সকলো ৰাজহুৱা সম্পত্তি নিষ্ঠা আৰু সততাৰে মেৰামতি তথা নতুনকৈ নিৰ্মাণ কৰা হ’ব। আনহাতে আজিও শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বহু লোকৰ ঘৰৰ পৰা পানী ওলোৱা নাই বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে সকলোতকৈ অধিক ক্ষতিগ্রস্ত হৈছে এই চৰাইদেউ আৰু শিৱসাগৰ জিলা। ইয়াৰ উপৰি যোৰহাট আৰু গোলাঘাটৰ লোকো বানৰ কবলত পৰিছে। এই জিলা কেইখনত ৬১ গৰাকী লোকৰ মৃত্যু হৈছে। শিৱসাগৰত ৩০ গৰাকী, চৰাইদেউত ২০ গৰাকী, যোৰহাটত ন গৰাকী আৰু গোলাঘাটত দুই গৰাকীৰ মৃত্যু হৈছে। আনহাতে ৭৪ হাজাৰ পশু ধনৰ মৃত্যু হৈছে। ৭৩ হাজাৰ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। মন্ত্ৰী বিমল বড়া, সুশান্ত বৰগোহাঁই আৰু কেশৱ মহন্তই তাতে শিবিৰ পাতি কাম কৰি আছে। সেনা, আৰক্ষী, স্বেচ্ছাসেৱকপ্রায় এক হাজাৰে কাম কৰিছিল। প্ৰায় ২৯ হাজাৰ লোকক উদ্ধাৰ কৰা হয়। ইফালে বান সাহায্যৰ পৰিয়াল একোটাকৈ সাহায্য কীট দিয়াৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় বিভিন্ন দল-সংগঠনে সাহায্য প্ৰদান কৰাৰ লগতে উদ্ধাৰ অভিযান চলাই আছে। সকলোকে ধন্যবাদ দিছোঁ। একেদৰে চৰকাৰৰ ক’ৰবাত যদি ত্রুটীও হৈছে তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এতিয়া আমাৰ কাম হৈছে দুখৰ সমভাগী হোৱা, হাতত হাত ধৰি আমি হেৰুওৱা জীৱনৰ চন্দ পুনৰ এবাৰ ওভতাই লৈ অনা।