গুৱাহাটীৰ কৃত্ৰিম বানপানী: প্ৰাচীন সভ্যতাৰ শিক্ষা আৰু আমাৰ ব্যৰ্থতা – শচীন্দ্ৰ কুমাৰ দাস

Pc NDTV

গুৱাহাটীৰ কৃত্ৰিম বানপানী: প্ৰাচীন সভ্যতাৰ শিক্ষা আৰু আমাৰ ব্যৰ্থতা

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

অসমৰ প্ৰাণকেন্দ্ৰ তথা উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ স্বৰূপ গুৱাহাটী মহানগৰী বৰ্তমান সময়ত এক ভয়াৱহ সংকটৰ গৰাহত। বাৰিষা কালত মাত্ৰ আধা ঘণ্টা বা এঘণ্টাৰ এজাক মুষলধাৰ বৰষুণতেই চহৰখনৰ লাইফলাইন স্বৰূপ জি.এছ. ৰোড, আৰ.জি. বৰুৱা ৰোড (জু-ৰোড), অনিল নগৰ, নবীন নগৰ আদি অঞ্চলসমূহ সাগৰ সদৃশ হৈ পৰে। এই সমস্যা প্ৰাকৃতিক নহয়— ই সম্পূৰ্ণ মানৱসৃষ্ট আৰু আমাৰ ত্ৰুটিপূৰ্ণ চহৰীকৰণৰ এক কৰুণ প্ৰতিচ্ছবি।

ভৌগোলিকভাৱে গুৱাহাটী এখন বাটি বা বেচিনৰ দৰে অৱস্থিত, যাৰ এফালে শক্তিশালী ব্ৰহ্মপুত্ৰ নদী আৰু বাকী তিনিফালে পাহাৰে ঘেৰি আছে। প্ৰকৃতিয়ে চহৰখনক বানৰ পৰা ৰক্ষা কৰিবলৈ দীপৰ বিল, শিলসাকো বিল, বৰচলা বিল আদিৰ দৰে প্ৰাকৃতিক জলাশয় আৰু ভৰলু, বাহিনী, বশিষ্ঠ আদিৰ দৰে প্ৰাকৃতিক নদী উপহাৰ দিছিল। এইবোৰে অতিৰিক্ত বৰষুণৰ পানী ধৰি ৰখা ‘স্পঞ্জ’ আৰু পানী নিষ্কাশনৰ স্বাভাৱিক মাধ্যম হিচাপে কাম কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ, অনিয়ন্ত্ৰিত নগৰীকৰণ আৰু ভূমি মাফিয়াৰ কৱলত পৰি এই সকলোবোৰ প্ৰাকৃতিক জলাশয় আৰু নদী আজি তীব্ৰ বেদখলৰ বলি হৈছে। পাহাৰ বা ওখ ঠাইৰ পৰা পানী স্বাভাৱিকভাৱে তললৈ নামি অহাৰ যি প্ৰাকৃতিক ঢাল আছিল, সেইবোৰক ভেটি বৰ্তমান যধে-মধে বহুতল অট্টালিকা নিৰ্মাণ কৰা হৈছে। ফলত পানী ওলাই যোৱাৰ স্বাভাৱিক পথসমূহ সম্পূৰ্ণৰূপে অবৰুদ্ধ হৈ পৰিছে।

আজিৰ পৰা প্ৰায় ৫,০০০ বছৰ পূৰ্বৰ প্ৰাচীন সিন্ধু সভ্যতাৰ (হৰপ্পা আৰু মহেঞ্জোদাড়ো) পৰা আজিৰ আধুনিক গুৱাহাটীয়ে ল’বলগীয়া বহুত শিক্ষণীয় দিশ আছিল। সেই প্ৰাচীন কালত কোনো আধুনিক কম্পিউটাৰ মডেলিং, উপগ্ৰহ প্ৰযুক্তি বা চিমেণ্ট-কংক্ৰিটৰ ইমান প্ৰয়োগ নাছিল। তথাপিও তেওঁলোকৰ চহৰসমূহত পোৰা ইটাৰে নিৰ্মিত অতি সুন্দৰ ভূগৰ্ভস্থ নলা ব্যৱস্থা আছিল, যিবোৰ ওপৰৰ পৰা ঢকা আছিল আৰু চাফা কৰিবলৈ নিৰ্দিষ্ট দূৰত্বত ‘মেনহোল’ৰ ব্যৱস্থা আছিল। তেওঁলোকে পানীৰ স্বাভাৱিক ঢাল আৰু নিষ্কাশন ব্যৱস্থাক প্ৰথম প্ৰাধান্য দিহে ঘৰ-দুৱাৰ আৰু পথসমূহ সাজিছিল। কিন্তু একবিংশ শতিকাৰ অত্যাধুনিক প্ৰযুক্তি আৰু অভিযান্ত্ৰিক জ্ঞান থকাৰ পিছতো আমাৰ গুৱাহাটী মহানগৰীত কোনো বৈজ্ঞানিক আৰু সংবদ্ধ নলা প্ৰণালী (Integrated Drainage System) গঢ়ি নুঠিল। আমাৰ ইয়াত “প্ৰথমে ঘৰ বা ওখ অট্টালিকা সজা, পিছত নলাৰ কথা চিন্তা কৰা” নীতি চলিছে, যিটো চৰম দুৰ্ভাগ্যজনক।

কেৱল চৰকাৰ বা প্ৰশাসনক দোষ দিলেই এই সমস্যাৰ স্থায়ী সমাধান নহয়, কাৰণ ইয়াত নাগৰিক সমাজৰো এক ডাঙৰ ব্যৰ্থতা লুকাই আছে। একাংশ লোকৰ চৰম অসচেতনতাৰ বাবে প্লাষ্টিকৰ বটল, পলিথিন বেগ আৰু ঘৰুৱা জাৱৰ-জোঁথৰ পোনপটীয়াকৈ চহৰৰ নলা-নৰ্দমাত পেলোৱা হয়, যিয়ে পানীৰ সোঁত সম্পূৰ্ণ বন্ধ (Blockage) কৰি দিয়ে। ইয়াৰ উপৰি পাহাৰসমূহ কাটি ধ্বংস কৰাৰ ফলত অহা বোকাই চহৰৰ মূল ড্ৰেইনসমূহ পুতি পেলায়, যাৰ ফলত নলাবোৰৰ পানী কঢ়িওৱা ক্ষমতা একেবাৰে হ্ৰাস পায়।

এই জ্বলন্ত সমস্যাৰ পৰা চিৰদিনৰ বাবে পৰিত্ৰাণ পাবলৈ হ’লে মেট্ৰ’ চহৰসমূহৰ দৰে এক শক্তিশালী ‘ভূগৰ্ভস্থ ড্ৰেইনেজ মাষ্টাৰ প্লেন’ জৰুৰীভাৱে কাৰ্যক্ষম কৰিব লাগিব। চিলচাকো আৰু দীপৰ বিলৰ দৰে জলাশয়সমূহ সম্পূৰ্ণ বেদখলমুক্ত কৰি সেইবোৰৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰিব লাগিব। নিৰ্মাণ আইন উলংঘা কৰি পানীৰ সোঁত বন্ধ কৰা অট্টালিকাসমূহৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ ল’ব লাগিব। একে সময়তে মুকলি ড্ৰেইনত প্লাষ্টিক বা আৱৰ্জনা পেলোৱা লোকৰ বিৰুদ্ধে চিচিটিভিৰ জৰিয়তে নিৰীক্ষণ কৰি গধুৰ বিত্তীয় জৰিমনা বিহাৰ নিয়ম কৰিব লাগে।

চৰকাৰী বিভাগসমূহৰ (GMC, GMDA) দূৰদৰ্শী পৰিকল্পনা, প্ৰাচীন সিন্ধু সভ্যতাৰ দৰে উন্নত অভিযান্ত্ৰিক কৌশলৰ প্ৰয়োগ আৰু সৰ্বোপৰি নাগৰিক সমাজৰ সজাগতা তথা দায়িত্ববোধৰ অবিহনে ঐতিহ্যমণ্ডিত গুৱাহাটী মহানগৰীক এই কৃত্ৰিম বানৰ অভিশাপৰ পৰা মুক্ত কৰা সম্ভৱ নহয়।