ডিব্ৰুগড় বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ‘সতীৰ্থ ৮৬’ৰ শিৱসাগৰৰ আৰ্তজনৰ কাষত সামগ্ৰী বিতৰণ

ডিব্ৰুগড় বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ‘সতীৰ্থ ৮৬’ৰ শিৱসাগৰৰ আৰ্তজনৰ কাষত সামগ্ৰী বিতৰণ

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-   মহা প্লাৱনৰ ফলত শিৱসাগৰ আৰু চৰাইদেউ জিলাত দিখৌ নদীয়ে যি অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিলে, সেয়া নিজ চকুৰে নেদেখিলে কেতিয়াও বিশ্বাস স কৰিব নোৱাৰি। এতিয়াও দুয়োখন জিলাত জনজীৱনৰ লগতে ঘৰচীয়া জীৱ জন্তুৰ এক বুজাব নোৱাৰা যাতনা।সেয়ে এই লোক সকলক কিছু সকাহ দিবলৈ ডিব্ৰুগড়ৰ ‘চৰকাৰী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰৰে গঠিত ‘সতীৰ্থ-৮৬’ নামৰ সংস্থাটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ কিছু কিছু অঞ্চলত চাউল,দাইল,নিমখ,পেড,বিস্কুত, পানীৰ বটল,কাপোৰসহ  অত্যাবশ্যকীয় সামগ্ৰী বিতৰণ কৰে। বিশেষকৈ শিৱসাগৰ জিলাৰ শিলাকুটী গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১ নং কোঁৱৰগাঁওৰ বানপীড়িত প্ৰায় ২০০ পৰিয়ালৰ মাজত সাহায্য প্ৰদান কৰা হয়।এই অনুষ্ঠানত সহপাঠীসকলৰ সমূহীয়া গোট ‘সতীৰ্থ-৮৬’ৰ কিছু সংখ্যক সদস্য আৰু কেইগৰাকীমান সতীৰ্থৰ পত্নী ক্ৰমে সোণালী বৰুৱা, দুৱৰী চুতীয়া,পিংকি খাটী, সংগীতা অধিকাৰী, বুলবুলি বৰগোহাঁই আৰু কন্যা সকল ক্ৰমে অনুপ্ৰিয়া, দ্বীপান্বিতা, প্ৰিয়া আদিৰ স’তে সৰ্বমুঠ ৩৩  গৰাকীয়ে এই বান সাহাৰ্য্যত সহযোগীতা আগবঢ়ায়। এই মহিলা আৰু নতুন প্ৰজন্মৰ জীয়ৰী সকলে বানৰ এনে ৰূপ কাহানিও প্ৰত্যক্ষ কৰা নাই বুলি অভিমত প্ৰকাশ কৰি সামগ্ৰিক পৰিস্থিতি প্ৰত্যক্ষ কৰি গভীৰ মৰ্মাহত হোৱা বুলিও প্ৰকাশ কৰে।কেৱল সিমানেই নহয়,এই বান সাহায্যত বিশেষভাবে সহযোগ কৰা সতীৰ্থৰ আন এগৰাকী সদস্য আছিল দ্বিজেন কুমাৰ দাস। যিগৰাকী আছিল স্কাউটচ এণ্ড গাইডচৰ ট্ৰুপ লিডাৰ, লগতে আছিল স্কাউট মাষ্টাৰ জেমছ টিৰ্কী, স্কাউট চাজিদুৰ ৰহমান,ৰাহিল আলি,সোভম দাস আৰু গাইদচ্ কবিতা দাস, নিশা ৰবি দাস আৰু কাজক ৰবি দাসে সামগ্ৰী সমূহ প্ৰদান কৰাত সহযোগিতা আগবঢ়ায়। স্থানীয় নেতৃত্বসম্পন্ন লোক ক্ৰমে দেৱ প্ৰসাদ গগৈ আৰু মৃদুল চেতীয়াই স্থান নিৰ্ণয় কৰা আৰু সামগ্ৰী সমূহ যথাস্থানত দিয়াত বিশেষভাবে উদ্যোগ গ্ৰহণ কৰে।পৰৱৰ্তী কালত এনেধৰণৰ সহায়-সহযোগিতা অব্যাহত ৰাখিব বুলিও ‘সতীৰ্থ- ৮৬’ৰ সদস্য সকলে সদৰী কৰে।