এটি সুগন্ধী ৰঙা গোলাপ – শচীন্দ্ৰ কুমাৰ দাস

Pc Pixabay

এটি সুগন্ধী ৰঙা গোলাপ

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

এটি সুগন্ধী ৰঙা গোলাপৰ সজীৱ পাপৰি,
সৰি সৰি পৰিছিল এই নিথৰ গাত;
আবেগৰ তীব্ৰ ব্যাকুলতাত নীৰৱে বৈছিল,
দুনয়ন উপচাই দুধাৰি কৰুণ অশ্ৰুপাত।
পলকতে মৰহি যোৱা সেই ৰঙিন স্বপ্নৰ দৰেই,
ধূলিস্যাৎ হৈ গ’ল হৃদয়ৰ গোপন হেঁপাহবোৰ;
স্মৃতিৰ দাপোণত এতিয়া কেৱল ছাঁ হৈ ৰ’ল,
কেতিয়াবাই হেৰাই যোৱা সেই অতীতৰ দিনবোৰ।

বিষাদৰ ক্ৰন্দনময় বুকুত ভাঁহি উঠিছিল,
ভগ্ন হৃদয়ৰ একোখনি তপ্ত দীৰ্ঘশ্বাস;
নিষ্ঠুৰ স্বাৰ্থপৰতাৰ কোবাল ধুমুহাত মৰহিল,
প্ৰাণ জুৰোৱা প্ৰেমৰ সেই অমিয় সুবাস।
য’ত আছিল মাথোঁ বিশ্বাস আৰু নিভাজ মৰম,
তাত এতিয়া কেৱল প্ৰতাৰণাৰ তীব্ৰ হাহাকাৰ;
অকলশৰীয়া বুকুখনে নীৰৱে কঢ়িয়াই ফুৰিছে,
ভঙা সপোনৰ এক অসহ্য আৰু গধুৰ ভাৰ।

বীতৃষ্ণাৰ কুঁৱলীৰ আঁৰত হেৰাই গৈছিল,
জীৱন জীয়াই ৰখাৰ সমস্ত আকুল তৃষ্ণা;
অৱশেষত মোৰ সমগ্ৰ চিত্ত মথি মোহাৰি,
চিৰকাললৈ সমাপ্ত হ’ল মোৰ জীৱনৰ প্ৰেম-গাথা।
চকুৰ সমুখত এতিয়া কেৱল ধূসৰ শূন্যতা,
নাই কোনো আশা, …
এটি সুগন্ধী গোলাপৰ কৰুণ মৃত্যুৰ দৰেই,
থমকি ৰ’ল মোৰ জীৱনৰ শেষ সান্ত্বনা।