কাৰ্টুন আৰু ভিডিঅ’ গেম শিশুৰ মানসিক উৎকৰ্ষৰ সাৰথি নে ব্যাধি?
কল্পনা দত্ত
নুনমাটি,গুৱাহাটী
সময়ৰ সোঁতত শৈশৱৰ সংজ্ঞা আৰু সঁজুলিবোৰ আচৰিত ধৰণে সলনি হৈছে। আমাৰ পুৰণি প্ৰজন্মৰ শৈশৱটো য’ত চোতালৰ ধূলি-বালি, গছৰ ছাঁ, জোনাক নিশাৰ সাধুকথা আৰু মুকলি পথাৰৰ লৰা-ধপৰাৰ মাজত প্ৰাণৱন্ত হৈ আছিল; আজিৰ নৱপ্ৰজন্ম বা শিশুসকলৰ শৈশৱটো ঠিক তাৰ বিপৰীতে টেলিভিছনৰ ৰঙীন কাৰ্টুন চিৰিয়েল বা ম’বাইল-কম্পিউটাৰৰ ভিডিঅ’ গেমৰ এক কৃত্ৰিম আৱেষ্টনীৰ মাজলৈ সংকুচিত হৈ পৰিছে। আজিকালি প্ৰায় প্ৰতিখন ঘৰৰে এটা অতি সাধাৰণ ছবি—ব্যস্ত অভিভাৱকে শিশুটিক অলপ শান্ত কৰি ৰাখিবলৈ বা ভাত কেইটা খুৱাবলৈ হাতত ম’বাইলটো তুলি দিয়ে। কিন্তু ইয়াৰ মাজতে এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লুকুৱাই আছে— এই কাৰ্টুন বা ভিডিঅ’ গেমসমূহে শিশুৰ মানসিক উৎকৰ্ষ সাধনত সঁচাকৈয়ে সহায় কৰিছে নে ই তেওঁলোকৰ কোমল মনটোক এক যান্ত্ৰিক জড়তালৈ ঠেলি দিছে নেকি বাৰু?
ই এক গভীৰ প্ৰশ্ন?
কৌতূহল আৰু বৈজ্ঞানিক একাগ্ৰতাৰ সাৰথি ডিজিটেল মাধ্যমক আমি পোনপটিয়াকৈ সম্পূৰ্ণ বৰ্জন বা গৰিহণা দিব নোৱাৰোঁ। আধুনিক শিক্ষা আৰু মনস্তত্ত্ব বিজ্ঞানৰ কিছুমান গৱেষণাই দেখুৱাইছে যে যদিহে বিষয়বস্তু শিক্ষামূলক হয়, তেন্তে কাৰ্টুন আৰু ভিডিঅ’ গেমে শিশুৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধিত ইতিবাচক ভূমিকা ল’ব পাৰে।
সেয়েহে শিশুৰ ক্ষেত্ৰত সহায়ক হোৱা কিছু বিষয়বস্তু তলত দিয়া হ’ল —
১/কল্পনাশক্তি আৰু ভাষাৰ বিকাশঃ— এনিমেছন চিনেমা বা কিছুমান চিৰিয়েলে শিশুৰ কল্পনাক ডেউকা দিয়ে। মহাকাশ, বন্যপ্ৰাণী বা পঞ্চতন্ত্ৰৰ সাধু ভিত্তিক কাৰ্টুনবোৰে তেওঁলোকৰ শব্দভাণ্ডাৰ বৃদ্ধি কৰাৰ লগতে নতুন ভাষা শিকাৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলে।
২/কৌশলগত সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাঃ— বিশেষকৈ কিছুমান পাজল (Puzzle) বা কৌশলভিত্তিক ভিডিঅ’ গেমে শিশুৰ সমস্যা সমাধানৰ ক্ষমতা বৃদ্ধি কৰে। কম সময়ৰ ভিতৰত কেনেকৈ খেলত লক্ষ্যত উপনীত হ’ব লাগে, তাৰ বাবে মগজুৱে যি খৰতকীয়া বিশ্লেষণ কৰিবলগীয়া হয়, সিয়ে শিশুৰ ‘ৰিফ্লেক্স’ আৰু মানসিক সজাগতা তীক্ষ্ণ কৰি তোলে।
প্ৰতিটো মুদ্ৰাৰে এটা ওলোটা পিঠি থকাৰ দৰে, এই মাধ্যমৰ অতিৰিক্ত ব্যৱহাৰ আৰু আসক্তিয়ে শিশুৰ মনস্তত্ত্বৰ ওপৰত এক ভয়ংকৰ আৰু দীৰ্ঘম্যাদী কু-প্ৰভাৱ পেলাই আহিছে।যিটো আটাইতকৈ চিন্তনীয় বিষয়।
১/আক্ৰমণাত্মক আচৰণ আৰু হিংস্ৰতা— আজিকালিৰ বহুতো ভিডিঅ’ গেম বা আধুনিক কাৰ্টুনত প্ৰচুৰ পৰিমাণে কটা-কটি, যুদ্ধ বা উগ্ৰ ধাউতি দেখুওৱা হয়। শিশুৰ কোমল অবচেতন মনে এই দৃশ্যবোৰক অতি স্বাভাৱিক বুলি গ্ৰহণ কৰে আৰু লাহে লাহে তেওঁলোকৰ বাস্তৱ আচৰণতো এক খিংখিঙিয়া, জেদী আৰু আক্ৰমণাত্মক ভাব ফুটি উঠে।
২/একাগ্ৰতাৰ অভাৱ — টিভিত বা মোবাইলত চেকেণ্ডে চেকেণ্ডে সলনি হোৱা তীব্ৰ পোহৰ আৰু দ্ৰুত দৃশ্যবোৰ চাই থকাৰ বাবে শিশুৰ স্বাভাৱিক মন সংযোগ কৰাৰ ক্ষমতা কমি যায়। ইয়াৰ ফলত তেওঁলোকে পৰৱৰ্তী সময়ত কিতাপৰ পাতত বা শ্ৰেণীকোঠাৰ পাঠত দীৰ্ঘসময় ধৰি মনোযোগ ধৰি ৰাখিব নোৱাৰে।
৩/সামাজিক আৰু শাৰীৰিক স্থবিৰতা— বাস্তৱ জগতখন এৰি এই ভাৰ্চুৱেল পৃথিৱীত বিলীন হৈ থকাৰ বাবে শিশুসকল লাহে লাহে আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ পৰা আঁতৰি এক আৱেগিক শূন্যতাৰ মাজত ডাঙৰ হয়। খেলপথাৰৰ অভাৱে তেওঁলোকক কায়িকভাৱে দুৰ্বল কৰাৰ লগতে মেদবহুলতা আৰু অনিদ্ৰাৰ দৰে শাৰীৰিক ৰোগৰ ফালে ঠেলি দিয়া পৰিলক্ষিত হয়।
দুয়োটা দিশ চালি- জাৰি চায় এক সমতুল্য বিশ্লেষণ আগবঢ়োৱা হ’ল —
নিয়ন্ত্ৰণ এতিয়া কাৰ হাতত আছে?
দেখা যায় যে কাৰ্টুন বা ভিডিঅ’ গেম নিজে কেতিয়াও সম্পূৰ্ণ অপৰাধী নহয়। ই শিশুৰ বাবে মানসিক উৎকৰ্ষৰ সাৰথি হ’ব নে এক মানসিক ব্যাধি হ’ব—তাৰ চাবিকাঠি আচলতে নিয়ন্ত্ৰণকাৰী বা অভিভাৱকসকলৰ হাততহে থাকে। প্ৰযুক্তিবিদ্যা এক উত্তম সঁজুলি হ’ব পাৰে, কিন্তু তাক কেতিয়াও শিশুৰ ‘অভিভাৱক’ বা ‘একমাত্ৰ সংগী’ হ’বলৈ দিব নোৱাৰি।ইয়াত পৰিয়ালৰ ভূমিকা আটাইতকৈ গুৰুত্বপূৰ্ণ।
প্ৰথমতে, শিশুৰ টিভি বা ম’বাইল চোৱাৰ সময়সীমা দিনটোত ১ ঘণ্টাতকৈ বেছি হ’ব নালাগে।
দ্বিতীয়তে, তেওঁলোকে কি চাই আছে বা কি গেম খেলি আছে, তাৰ ওপৰত তীব্ৰ নিৰীক্ষণ থাকিব লাগে। হিংস্ৰ খেলৰ সলনি শিক্ষামূলক আৰু গঠনমূলক এনিমেছন বা বাচি দিব লাগে।
সামৰণিত উল্লেখ কৰিব বিচাৰোঁ —
শিপা আৰু প্ৰযুক্তিৰ সমন্বয় ডিজিটেল মনোৰঞ্জন আধুনিক যুগৰ এক বাস্তৱতা, ইয়াক সম্পূৰ্ণৰূপে নুই কৰা অসম্ভৱ। কিন্তু এটি শিশুৰ প্ৰকৃত আৰু সুস্থ মানসিক উৎকৰ্ষ তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁ প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে নিজৰ মাটি, সংস্কৃতি আৰু প্ৰকৃতিৰ উশাহ ল’বলৈ সুযোগ পাব। ম’বাইলৰ কৃত্ৰিম স্ক্ৰীনখনৰ বাহিৰেও যে কিতাপৰ পাতত এক অপূৰ্ব পৃথিৱী আছে, আইতাক-ককাকৰ কোলাত সঁচা মৰম আৰু সাধুকথাৰ যাদু আছে, সেয়া শিশুটিক অনুভৱ কৰোৱাব লাগিব। যেতিয়া আমি ডিজিটেল মাধ্যমৰ গঠনমূলক ব্যৱহাৰ আৰু বাস্তৱ জীৱনৰ আৱেগিক শিক্ষাৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিম, তেতিয়াহে আমাৰ অনাগত প্ৰজন্মৰ মানসিক আৰু বৌদ্ধিক বিকাশ আচল অৰ্থত সুন্দৰ আৰু সুৰক্ষিত হৈ উঠিব।
