ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ ‘কুঁহি’ৰ পাঁচদিনীয়া সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেবজিৎ বৰা

ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ ‘কুঁহি’ৰ পাঁচদিনীয়া সামৰণি অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেবজিৎ বৰা: অসমীয়া ভাষাৰ নাম ফলকত ক’লা ৰং ঘঁহিলেই সকলো সমস্যাৰ সমাধান নহয়

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষাৰ নাম ফলকত ক’লা ৰং ঘঁহিলেই সকলো সমস্যাৰ সমাধান নহয়৷ ভাষিক সমস্যাবোৰ সমাধানৰ বাবে আমি সকলোৱেই ভুল বুজা বুজি আঁতৰ কৰিব পাৰিব লাগিব৷ কোনো বিষয়ে যাতে আমাৰ সমাজত বিদ্বেষ ভাৱৰ সৃষ্টি কৰি ভাই-ককাইৰ মাজত দ্বন্দ্ব-খৰিয়াল লগাব নোৱাৰে তাৰ বাবে আমি সতৰ্ক হ’ব লাগিব”৷ ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ‘কুঁহি’ উপ-সমিতিৰ উদ্যোগত, ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত আৰু মানকটা শতদল শাখা সাহিত্য সভাৰ আতিথ্যত মানকটা কছাৰীবাৰীস্থিত শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ‘কুঁহি’ অনুষ্ঠান আৰু শিশু ভাওনা সমাৰোহৰ দেওবাৰে সফল সামৰণি পৰা মুকলি সভাত মুখ্য অতিথি ৰূপে  অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম সাহিত্য সভা প্ৰধান সম্পাদক   দেৱজিৎ বৰাই এইদৰে কয়৷ ভাষণ প্ৰসংগত বৰাই লগতে কয়—চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰলয়ংকাৰী বানপানীৰ উৎস উলিয়াবলৈ চৰকাৰী পক্ষৰ দায়িত্ব আছে ৷ ডাৱৰ বিস্ফোৰণ যদি সত্য হয় তেন্তে সেয়াও নিশ্চিত কৰিব লাগে ৷ যদি পাহাৰ ধ্বংসৰ কাৰণে এনেধৰণে বানপানী আহিছে সেয়া নিশ্চিত হ’ব লাগে৷ নহ’লে পৰৱৰ্তী সময়ত পুনৰ বানৰ বিভীষিকাৰ পৰা জিলা কেইখনৰ ৰাইজ ৰক্ষা নপৰিব৷ ভাষণ প্ৰসংগত বৰাই আৰু কয় যে বান ক্ষতিগ্ৰস্ত সকলক উপযুক্ত ক্ষতি পূৰণ দিবলৈ সকলোকে আহ্বান জনায়৷ ২২ জুলাইৰ পৰা ২৬ জুলাইলৈ অনুষ্ঠিত হোৱা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আজি পুৱা স্মৃতি তৰ্পণ কৰে-ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি বদন গগৈয়ে।  সাম্প্ৰতিক প্ৰলয়ংকৰী বানত প্ৰাণ হেৰুৱা ব্যক্তিসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়াই। আনহাতে আজিৰ অনুষ্ঠানতে সুধাকণ্ঠ ড°ভূপেন হাজৰিকা আৰু অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰে-কেন্দ্ৰীয় কুঁহি অনুষ্ঠানৰ উপ-সভাপতি ভীমবৰ পাটিৰ আৰু ডিব্ৰুগড় জিলা উপ-সভাপতি প্ৰশান্ত নেওগে।  শিশু-কিশোৰৰ মাজত ভাষা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি অনুৰাগ জগাই তোলাৰ লক্ষ্যৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় ‘কুঁহি’ উপ-সমিতিয়ে আয়োজন   অনুষ্ঠানত শিশু-কিশোৰৰ মাজত  প্ৰতিদিনে সন্ধিয়া শিশু ভাওনা পৰিৱেশন কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰে। কেন্দ্ৰীয় “কুঁহি” উপ সমিতিৰ  কাৰ্যকৰী সভাপতি মৃনাল হাজৰিকাৰ সভাপতিত্বত দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা ‘কুঁহি’ উপসমিতিৰ আহ্বায়ক প্ৰশান্ত শইকীয়াই আঁতধৰা সভাত আদৰণি ভাষণ আগবঢ়ায় কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নোমল চন্দ্ৰ গগৈ। সভাত অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক ড° শান্তনু লহকৰৰ লগতে মোহন মৰাণ,তিনিচুকীয়া জিলা প্ৰতিনিধি অসম সাহিত্য সভা। পৰমেশ্বৰ নলবৰীয়া,প্ৰাক্তন ডিব্ৰুগড় জিলা প্ৰতিনিধি,অসম সাহিত্য সভা,তিনিচুকীয়া জিলা শাখা সম্পাদক অৰূপ শইকীয়া,প্ৰসেনজিৎ কুমাৰ গোস্বামী,প্ৰাক্তন সভাপতি ডিব্ৰুগড় জিলা সভাপতি, বিশিষ্ট শিশু সাহিত্যিক আৰধনা দত্ত,অসম সাহিত্য সভা দুলিয়াজান অধিবেশনৰ আদৰণী সমিতিৰ সম্পাদক ব্ৰজেন গগৈ, অসম সাহিত্য সভা কৰ্ণধাৰ সমিতিৰ সদস্য আদিত্য গোস্বামী, ড° শশীকান্ত শইকীয়া, আহ্বায়ক, আন্তঃ ৰাজ্য-বিদেশ মৈত্রীবন্ধন উপসমিতি,গৌতম গগৈ, আহ্বায়ক, যুৱ সংসদ, সূৰজ দত্ত, উপ সভাপতি, যুৱ সংসদ, অনীতা গগৈ, উপসভাপতি, যুৱ সংসদ, জ্যোতিপ্রসাদ কানৈ, সদস্য, শৈক্ষিক সমিতি, মনজিৎ বৰা, সদস্য, শৈক্ষিক সমিতি লগতে অসম   সাহিত্য কেন্দ্ৰীয় সাংগঠনিক – কাৰ্যকৰীৰ লগতে ভাওনাৰ বিষয়ববীয়া আৰু বহু সংখ্যক সাহিত্যপ্ৰেমী উপস্থিত থাকে। বিয়লি অনুষ্ঠিত ‘কুঁহি’ অনুষ্ঠানত শিশু আৰু কিশোৰ- কিশোৰীসকলে দলীয় নৃত্য, বাদ্য, অভিনয়, কবিতা আবৃত্তি, সংগীত, সুৰ সমলয় আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে মৃণাল হাজৰিকা আৰু প্ৰশান্ত শইকীয়াৰ সম্পাদনাত “ভাওনাৰ ঐশ্বৰ্য” আৰু অনিমা কোঁচ গগৈ আৰু কুসুম সোনোৱাল শইকীয়াৰ সম্পাদনাত “ডিব্ৰুগড় জিলা সাহিত্য সভা পত্ৰিকা” উন্মোচন কৰা হয়।