সর্বানন্দ সোণোৱালৰে ফোনযোগে ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে প্রধানমন্ত্রী মোদীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে একেৰাহে দ্বিতীয় দিনা ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ ল’লে। কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোনোৱালৰ সৈতে কথা পাতি অসমৰ বাৰ্তালাপ কৰি প্রধানমন্ত্রী মোদীয়ে সাম্প্ৰতিক বান পৰিস্থিতিৰ পর্যালোচনা কৰে। সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে প্রধানমন্ত্রী মোদীয়ে ফোনযোগে মোৰ সৈতে কথা পাতি অসমৰ বান পৰিস্থিতি সন্দৰ্ভত সবিশেষ খবৰ লয়। সম্প্রতি মই ডিব্ৰুগড়ত উপস্থিত থাকি বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্রস্ত লোকসকলৰ কাষত থিয় দিছোঁ। প্রধানমন্ত্রী মোদীয়ে সদায়ে অসমক বিশেষ গুৰুত্ব প্রদান কৰি আহিছে। তেওঁৰ তৎপৰতাত কেন্দ্ৰীয় চৰকাৰৰ এক আন্তঃমন্ত্ৰালয় দলে ইতিমধ্যে অসমত উপস্থিত হৈ ক্ষতিগ্রস্ত জিলাসমূহত দ্রুতগতিত পৰিস্থিতিৰ মূল্যায়ন আৰম্ভ কৰিছে। মোদী চৰকাৰে অসমৰ জনসাধাৰণৰ সৈতে দায়বদ্ধতাৰে কাষত আছে আৰু উদ্ধাৰ, সাহায্য তথা পুনৰ সংস্থাপনৰ বাবে প্রয়োজনীয় সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ দৃঢ় আশ্বাস প্রদান কৰিছে। অসমবাসীৰ প্ৰতি আন্তৰিকতা, উদ্বিগ্নতা, নিৰন্তৰ খবৰ লোৱা আৰু অটল সমৰ্থনৰ বাবে প্রধানমন্ত্রী মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে কেন্দ্রীয় মন্ত্রী সোণোৱালে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কালি প্রধানমন্ত্রী মোদীয়ে ফোনত বার্তালাপ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লৈছিল।
