এভাৰেষ্ট আৰোহণ কৰা অসমৰ প্ৰথম মহিলাক মুখ্যমন্ত্ৰীৰ সম্বর্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মাউণ্ট এভাৰেষ্ট জয় কৰি অসমৰ ইতিহাসত নতুন অধ্যায় ৰচনা কৰা অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰূপামণি গড়ক অসম আৰক্ষীত উপ-পৰিদৰ্শক পদত নিযুক্তি প্রদানৰো প্ৰস্তাৱ দিয়ে। তাৰ উপৰি মুখ্যমন্ত্ৰীয়ে পৰ্বতাৰোহীগৰাকীৰ লখিমপুৰৰ বাসগৃহৰ পৰা লীলাবাৰী হাইস্কুললৈ যোৱা এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নতুনকৈ নিৰ্মাণ কৰি ‘ৰূপামণি গড় পথ’ নামেৰে নামকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও সদৰী কৰে। একেটা অনুষ্ঠানতে এই ঐতিহাসিক অভিযানৰ সফল নেতৃত্ব দিয়া আইটিবিপিৰ সহকাৰী কমাণ্ডেণ্ট ভনীতা তিমুংপীক উক্ত অভিযানটোৰ সফল নেতৃত্ব বহন কৰা অসমৰ আন এগৰাকী গৌৰৱ তথা ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনী (আই টি বি পি)ৰ সহকাৰী কমাণ্ডেণ্ট ভণিতা তিমুংপীকো আনুষ্ঠানিকভাৱে সম্বর্ধনা জনোৱা হয়। দুয়োগৰাকী পর্বতাৰোহীৰ এই অসাধাৰণ কৃতিত্বৰ স্বীকৃতিস্বৰূপে অসম চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীয়ে ৰূপামণি গড়লৈ ১০ লাখ টকা আৰু ভণিতা তিমুংপীলৈ ২ লাখ টকাৰ চেক আগবঢ়ায়। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে লখিমপুৰ জিলাৰ বগীনদী অঞ্চলৰ ন-গাঁও পথাৰ গাঁৱৰ সুপুত্ৰী ৰূপামণিয়ে নিজৰ অদম্য সাহস, শৃংখলা আৰু কঠোৰ পৰিশ্ৰমৰ বলত সমগ্ৰ অসমলৈ এক অনন্য গৌৰৱ কঢ়িয়াই আনিছে। অত্যন্ত দুর্গম আৰু হিমশীতল পৰিৱেশত দেশৰ সীমা সুৰক্ষাৰ দায়িত্ব পালন কৰা ভাৰত-তিব্বত সীমা আৰক্ষী বাহিনীত ২০২১ চনত যোগদান কৰা এইগৰাকী সাহসী কন্যাই যোৱা ২১ মে’ত আই টি বি পিৰ মহিলা এভাৰেষ্ট অভিযানৰ সদস্য হিচাপে সফলতাৰে পৃথিৱীৰ সৰ্বোচ্চ শিখৰ জয় কৰি নাৰীশক্তি আৰু আত্মবিশ্বাসৰ এক অনন্য নিদর্শন দাঙি ধৰিছে বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ‘নাৰীশক্তি বন্দন’ কাৰ্যসূচীৰ অধীনত আই টি বি পিৰ এই বিশেষ মহিলা এভাৰেষ্ট অভিযানৰ সিদ্ধান্ত গ্রহণ কৰা হৈছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১১গৰাকী মহিলাকে ধৰি মুঠ ১৪জনীয়া অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰিছিল অসমৰে কন্যা তথা আই টি বি পিৰ সহকাৰী কমাণ্ডেণ্ট ভণিতা তিমুংপীয়ে। পৰ্বতাৰোহণৰ ক্ষেত্ৰত জীৱনৰ বহু দশক উৎসৰ্গা কৰা ভণিতা তিমুংপীয়ে ইতিমধ্যে ৩০টাতকৈও অধিক হিমালয়ৰ শৃংগ আৰোহণ কৰিছে আৰু তেওঁৰ অভিজ্ঞতাৰ ফলতে যোৱা ২১ মে’ত এই অভিযান সফল হৈছিল বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রীয়ে কয় যে ভণিতা তিমুংপীৰ এই প্ৰচেষ্টাৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়েও তেওঁক প্রশংসা-পত্র প্রদান কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীৰ সদস্যা হিচাপে তেওঁ আফ্রিকা মহাদেশতো সেৱা আগবঢ়াইছে। ৰূপামণি গড়ৰ এই অসাধাৰণ সাফল্যক চিৰস্মৰণীয় কৰি ৰখাৰ উদ্দেশ্যে হাতত লোৱা এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ বিশেষ উদ্যোগত পৰ্বতাৰোহীগৰাকীৰ বাসগৃহৰ পৰা লীলাবাৰী হাইস্কুললৈ যোৱা এক কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নতুনকৈ নিৰ্মাণ কৰি ‘ৰূপামণি গড় পথ’ নামেৰে নামকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিজৰ ভাষণত মুখ্যমন্ত্ৰীয়ে এভাৰেষ্ট আৰোহণৰ ইতিহাস আৰু মানৱীয় সাহসিকতাৰ বিষয়েও বিস্তৃতভাৱে আলোকপাত কৰে। ১৯৫৩ চনৰ ২৯ মে’ত এডমাণ্ড হিলাৰী আৰু টেনজিং নর্গেই প্রথমবাৰৰ বাবে এভাৰেষ্ট জয় কৰাৰ কথা সোঁৱৰণ কৰি তেওঁ কয় যে মানুহৰ বিফলতাই মানুহৰ সফলতাৰ স্তম্ভ। ১৯২১ চনত প্ৰথমবাৰ আৰু তাৰ পিছত দ্বিতীয়বাৰ বিফল হোৱাৰ পিছতো ১৯২৪ চনত তৃতীয়বাৰৰ বাবে এভাৰেষ্ট জয় কৰিবলৈ গৈ মৃত্যুক সাবটি লোৱা ব্রিটিছ পৰ্বতাৰোহণকাৰী জৰ্জ মেলৰীৰ অদম্য সাহসৰ কথা তেওঁ শ্ৰদ্ধাৰে সোঁৱৰে। মৃত্যুৰ ৭৫ বছৰৰ পিছত বৰফৰ মাজত মেলৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে মেলৰীৰ স্মৃতিত আয়োজিত সভাত তেওঁৰ সতীর্থই এভাৰেষ্ট শৃংগক উদ্দেশ্যি কোৱা এষাৰ বাক্য উদ্ধৃত কৰে- ‘তুমি আমাক তিনিবাৰ পৰাস্ত কৰিলা। কিন্তু এদিন আমি তোমাক পৰাস্ত কৰিমেই। কাৰণ তুমি এতিয়া যিমান ওখ, তাতকৈ বেছি ওখ কেতিয়াও হ’ব নোৱাৰা, কিন্তু আমি মানুহ, আমি সদায় ওখ হৈ গৈয়েই থাকিম।’ অসমৰ পৰ্বতাৰোহণৰ এক সুদীর্ঘ ইতিহাসৰ স্মৃতিচাৰণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৬৮ চনত ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই ‘অসম পৰ্বতাৰোহণ সংস্থা’ৰ জন্ম দি এই যাত্ৰাৰ পাতনি মেলিছিল। ১৯৭০ চনৰ ২৮ ছেপ্টেম্বৰত ৰোহিণী কুমাৰ ভূঞাই খগেন্দ্ৰনাথ বৰাৰ সৈতে ৬,৩৫২ মিটাৰ উচ্চতাৰ বেথাৰতলী ছাউথ শৃংগত সফলতাৰে আৰোহণ কৰি হিমালয়ত প্রথম অসমীয়া পতাকা উৰুৱাইছিল। তাৰ মাত্র পাঁচ দিন পিছত, ৩ অক্টোবৰত অজিত শৰ্মা আৰু ভগৎ সিঙে মৃগথুনী শৃংগ আৰোহণ কৰিছিল। ১৯৭৪ চনত ‘দ্য এডভেঞ্চাৰ্ছ’ নামেৰে অসমৰ দ্বিতীয়টো পৰ্বতাৰোহণকাৰী সংস্থাৰ জন্ম দিয়া ৰোহিণী কুমাৰ ভূঞাই ১৯৭৯ চনৰ ৫ অক্টোবৰত কেদাৰনাথ ড’ম শৃংগৰ পৰা উভতি অহাৰ পথত তুষাৰ ধুমুহাত মৃত্যুবৰণ কৰে। ইয়াৰ পিছত নেছিম আখতাৰৰ নেতৃত্বত ‘এডভেঞ্চাৰ্ছ ফ’ৰাম অৱ ইউথ’ আৰু ১৯৮৫ চনত ‘এক্সপ্ল’ৰাৰ্ছ’ নামৰ সংস্থাৰ জন্ম হয়। মুখ্যমন্ত্রীয়ে লগতে উল্লেখ কৰে যে ২০১২ চনত প্রণয় বৰদলৈয়ে এভাৰেষ্টৰ ৩ নম্বৰ শিবিৰৰ পৰা উভতি আহিবলগীয়া হোৱাৰ পিছত ২০১৩ চনৰ ১৯ মে’ত তৰুণ শইকীয়াই প্রথম অসমীয়া হিচাপে এভাৰেষ্ট জয় কৰে আৰু একে বছৰৰে ২৫ মে’ত মনীষ কুমাৰ ডেকাই এই সফলতা অর্জন কৰে। ২০১৫ চনত ৰাজ্য চৰকাৰৰ অনুপ্ৰেৰণাত নন্দ দুলাল দাস, হেনৰী ডেভিদ টেৰণ, খৰছিং তেৰাঙে এভাৰেষ্ট আৰোহণ কৰাৰ পাছত সেই বছৰতে নৱ কুমাৰ ফুকনেও এভাৰেষ্ট আৰোহণ কৰে বুলি তেওঁ অৱগত কৰে। মুখ্যমন্ত্রীয়ে কয় যে ইমানবোৰ সফল অভিযানৰ পিছতো কোনো অসমীয়া মহিলাই এভাৰেষ্ট জয় কৰিব পৰা নাছিল, যাৰ বাবে ৰূপামণি গড়ৰ এই সাফল্য ইতিহাসৰ পাতত সোণালী আখৰেৰে জিলিকি থাকিব। মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ নৱপ্ৰজন্মক পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক অভিযানত অংশগ্ৰহণ কৰিবলৈ বিশেষভাৱে আহ্বান জনাই কয় যে অসমৰ পৰ্বতাৰোহীয়ে কাঞ্চনজংঘা অভিযানৰ বাবেও প্রচেষ্টা চলাইছে যদিও হিমালয়ৰ বুকুত এতিয়াও বহুতো শৃংগ আৰোহণ কৰিবলৈ বাকী আছে। তেওঁ কয় যে দেশ-বিদেশৰ পৰ্বতাৰোহীৰ দৰে অসমীয়া যুৱক-যুৱতীসকলেও এই শৃংগসমূহ জয় কৰাৰ প্ৰয়াস কৰিব লাগিব আৰু উঠি অহা প্রজন্মই ক্রীড়া তথা পর্বতাৰোহণক এক সুন্দৰ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব লাগিব, য’ত চৰকাৰেও সকলোধৰণৰ উৎসাহ যোগাব। এই প্রসংগত মুখ্যমন্ত্রীয়ে শেহতীয়াকৈ আৰম্ভ হোৱা কমনবেল্থ গেমছৰ ‘মাৰ্চপাষ্ট’ত অসম কন্যা লাভলীনা বৰগোহাঁয়ে হাতত পতাকা লৈ ভাৰতীয় দলক সন্মুখৰ পৰা নেতৃত্ব দি সমগ্র অসমবাসীক গৌৰৱান্বিত কৰাৰ কথাও গৌৰৱেৰে উল্লেখ কৰে। অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ভৱিষ্যতে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ৰাজ্যৰ যুৱপ্ৰজন্মক উৎসাহিত আৰু প্ৰশিক্ষিত কৰাৰ স্বাৰ্থত এক গুৰুত্বপূৰ্ণ প্রস্তাৱ আগবঢ়ায়। তেওঁ সদৰী কৰে যে চৰকাৰে আই টি বি পি কর্তৃপক্ষৰ সৈতে আলোচনা কৰিব আৰু যদি তেওঁলোক মান্তি হয়, তেন্তে ৰূপামণি গড়ক অসম আৰক্ষীত উপ-পৰিদৰ্শক হিচাপে নিযুক্তি প্রদান কৰা হ’ব, যাতে তেওঁৰ জৰিয়তে অসমৰ আৰু দহগৰাকী যুৱক-যুৱতী পৰ্বতাৰোহণৰ বাবে অনুপ্রাণিত হ’ব পাৰে। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ আদি বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, ৰঙাপৰা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব কৃষ্ণকমল তাঁতী, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সচিব কে জে হিলালীৰ লগতে পৰ্বতাৰোহণৰ লগত জড়িত বহুসংখ্যক যুৱক-যুৱতী আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।
