বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব বানপীড়িতৰ কাষত

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব বানপীড়িতৰ কাষত:: শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ বানাক্ৰান্ত ডেৰ হাজাৰ পৰিয়াললৈ সাহায্য বিতৰণ 

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ অন্যতম সাংবাদিক সংগঠন বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত, জাতি-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড় যুৱ সমাজ আৰু মিলনজ্যোতি সংঘৰ সহযোগত শেহতীয়াকৈ শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউ জিলাৰ বিধ্বংসী বানত সৰ্বস্বান্ত হোৱা অসংখ্য পৰিয়ালৰ সহায়ৰ উদ্দেশ্যে এক ব্যাপক বান সাহায্য কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ডিব্ৰুগড়বাসীৰ আন্তৰিক সহযোগিতাত সংগ্ৰহ কৰা বিভিন্ন খাদ্য সামগ্ৰী, অত্যাৱশ্যকীয় সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য বস্তু শিৱসাগৰৰ বেতবাৰী,তামুলী পুখুৰী, নদুৱা,গড়আলি,বেতবাৰী চাংমাই গাওঁআদিত বানপীড়িত পৰিয়ালসমূহৰ মাজত বিতৰণ কৰা হয়। সাহায্য সামগ্ৰীৰ ভিতৰত আছিল— চাউল, মিঠাতেল, ডাইল, আলু, নিমখ, ছয়াবিন, হালধি, ছিৰা, গুৰ, মমবাতি, গা-ধোৱা চাবোন, বিস্কুট, ব্লিচিং পাউডাৰ, চেনিটাৰী নেপকিন, মহখেদা ধূপ, আমূল গাখীৰৰ পেকেট, দিয়াচলাই, খোৱা পানী, শিশু খাদ্য, নতুন কাপোৰ আৰু পুৰণি কাপোৰ।এই সাহায্য সামগ্ৰীসমূহ শিৱসাগৰ জিলাৰ বেটবাৰী আৰু গেলেকী অঞ্চলৰ কেইবাখনো বানপীড়িত গাঁৱৰ প্ৰায় ১,৫০০টা পৰিয়ালৰ মাজত বিতৰণ কৰা হয়। ডিব্ৰুগড় পৰা ৰাওনা হোৱাৰ পূৰ্বে এই যাত্ৰা শুভাৰম্ভ কৰে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু মিলনজ্যোতি সংঘৰ সম্পাদক নিৰোদ দত্তই। এই কাৰ্যসূচীত উপস্থিত থাকে বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, জাতি-জনগোষ্ঠীয় ঐক্য মঞ্চৰ উপদেষ্টা তথা সাংবাদিক চন্দন ফুকন, সভাপতি ৰাণা ৰঞ্জন গগৈ, কাৰ্যকৰী সভাপতি মিন্টু দত্ত, ডিব্ৰুগড় যুৱ সমাজৰ খগেন দত্ত আৰু টমাছ বুঢ়াগোহাঁই, লগতে মিলনজ্যোতি সংঘৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল।আয়োজক সকলে কয় যে, দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিয়াটো সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ নৈতিক দায়িত্ব। সেই উদ্দেশ্য আগত ৰাখিয়েই  সমন্বিত প্ৰচেষ্টাত আৰু ডিব্ৰুগড়বাসীৰ উদাৰ সহায়-সহযোগিতাত এই সাহায্য অভিযান সফলতাৰে সম্পন্ন কৰা হৈছে।উল্লেখযোগ্য যে, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে প্ৰতিবছৰে বান, ভূমিস্খলন, অগ্নিকাণ্ড আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সাংবাদিকতাৰ লগতে অসহায় আৰু ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে এনে মানৱীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। সংগঠনটোৰ এই সামাজিক দায়বদ্ধতা আৰু মানৱসেৱামূলক প্ৰচেষ্টাই বিভিন্ন মহলৰ প্ৰশংসা লাভ কৰিছে।