প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে উজনিৰ বান পৰিস্থিতি সুক্ষ্মভাবে নিৰিক্ষণ কৰি আছে:কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি অসমৰ বান পৰিস্থিতি এতিয়াও অঞ্চল বিশেষে অপৰিৱৰ্তিত ৰূপত আছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিনিধিৰ বিশেষজ্ঞৰ দল অতি শ্ৰীঘেই অসম ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে সমগ্ৰ ঘটনা-পৰিঘটনা সুক্ষ্মভাবে নিৰিক্ষণ কৰি আছে- এই কথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত এইদৰে সদৰী কৰে।তেওঁ পুনৰাই কয় যে উজনিৰ চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাৰ বহু অঞ্চলত এতিয়াও বানৰ বিভীষিকা অব্যাহত আছে। বহু মানুহৰ জীৱন অকালতে হেৰুৱাব লগীয়া হোৱা, সন্ধানহীন হোৱা,বিশাল কৃষি পথাৰ,পশু-পক্ষীৰ মৃত্যু, মৎস্য জীবিকা লোককে ধৰি আই বানত ৰাইজৰ বহু ক্ষতিসাধন হৈছে।এই প্ৰতিকূল সময়ত বানাক্ৰান্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াটো আমাৰ এক নৈতিক দায়িত্ব। সেই উদ্দেশ্যৰে অসম অলিম্পিক সন্থাৰ উদ্যোগত খাদ্য, বস্ত্ৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী লৈ নাজিৰা, চৰাইদেউ আৰু শিৱসাগৰৰ বানপীড়িত অঞ্চলসমূহলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হৈছে বুলি ডিব্ৰুগড়ৰ জালান আউটড’ৰ ষ্টেডিয়ামৰপৰা এই সাহায্য অভিযানৰ শুভাৰম্ভ কৰা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্যক্ত কৰে। এই সাহায্য কেইবাটাও ভাগত বিতৰণ কৰা হ’ব বুলি ঘোষণা কৰা হ’ব বুলিও উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উজনিৰ বানক লৈ কেন্দ্ৰীয় চৰকাৰৰ স’তে প্ৰত্যক্ষভাবে তথা ক্ষীপ্ৰ যোগাযোগ অব্যাহত ৰাখিছে।আনহাতেদি সাহায্য সামগ্ৰী প্ৰেৰণ কৰাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালেে পুনৰাই কয় যে ঐক্যবদ্ধ প্ৰচেষ্টা আৰু সামূহিক সহযোগিতাৰ জৰিয়তে এই সংকট অতিক্ৰম কৰিব পাৰিম বুলি বিশ্বাস ৰাখিছোঁ। বানপীড়িত পৰিয়ালসমূহৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথ প্ৰচেষ্টাত তৎপৰতাৰে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। এই সাহাৰ্য বিতৰণৰ সময়ছোৱাত উপস্থিত থাকে বিজেপি অসম প্ৰদেশৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় তৰংগ গগৈ আৰু দীপ্লু ৰঞ্জন শৰ্মা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ সভাপতি ৰাকেশ দাস, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া প্ৰমুখ্যে অনান্য বিষয়ববীয়া সকল।
