নাগালেণ্ডৰ অতিৰিক্ত বৰষুণে উজনি অসমত ক্ষতি কৰিলে
ৰঙিলী বাৰ্ত্তাসেৱা- বান পৰিস্থিতিৰ মোকাবিলা আৰু চলি থকা উদ্ধাৰ-সাহায্য কাৰ্যৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিষয়ৰ ওপৰত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰীয়ে কয়, শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত প্রায় ৫০ হাজাৰ অৰ্থাৎ ৩০ শতাংশ আৰু শিৱসাগৰৰ ৩০ হাজাৰ অৰ্থাৎ ২০শতাংশ লোকৰ সৈতে এতিয়াও সম্পর্ক স্থাপন কৰিব পৰা নাই প্রশাসনে। অৱশ্যে চৰাইদেউৰ ১০০ শতাংশ স্থানত সাহায্য প্রদান কৰা হৈছে যদিও শিৱসাগৰ আৰু নাজিৰাৰ পৰিৱেশ ইমানেই ভয়াৱহ যে পানী কমাৰ পিছতো অব্যাহত আছে বিভীষিকা। ৪ফুটপর্যন্ত পলস আৰু বোকাই পুতি পেলাইছে ঘৰ, পথ আৰু পথাৰ। এনে জটিল পৰিস্থিতিৰ কথা অৱগত কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ২০ জুলাইৰ পিছত উজনি অসমৰ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাত যি পৰিস্থিতিৰ সৃষ্টি হ’ল, ইয়াৰ আঁৰত আছে নাগালেণ্ডত হোৱা অভাৱনীয় বৰষুণ। ডাৱৰ বিস্ফোৰণৰ ফলত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে নে তাক এতিয়াও ঠিৰাং কৰা হোৱা নাই যদিও পাহাৰীয়া ৰাজ্যখনত পৰিমাণতকৈ অধিক হাৰত হোৱা বৰষুণে অসমত যে দুর্যোগসদৃশ পৰিৱেশ সৃষ্টি কৰিলে সেয়া স্পষ্ট হৈছে। এই সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়- ১৮ আৰু ২০ জুলাইৰ মাজত অসম, মণিপুৰ আৰু মেঘালয়ত যথেষ্ট পৰিমাণৰ বৰষুণ হয়। কিন্তু নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ ১৮০ শতাংশ বৰষুণ হয়।বিশেষকৈ নাগালেণ্ডৰ মুককচুঙত ৪৯৩ শতাংশ, ৱ’খাত ১০৮ শতাংশ আৰু মন জিলাত ৪৫ শতাংশ বেছি বৰষুণ হয় । চৰাইদেউত সাধাৰণ বৰষুণতকৈ ৪৩৬ শতাংশ বেছি বৰষুণ হৈছিল । ইফালে শিৱসাগৰত ১৩৪ শতাংশ বেছি বৰষুণ হয় । প্ৰৱল বৃষ্টিপাতৰ ফলত জিলা কেইখন জলমগ্ন হৈ পৰে । ইফালে ব্ৰহ্মপুত্ৰৰ জলস্তৰো বৃদ্ধি পায় । চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানী ওলাই যাব পৰা নাছিল ব্ৰহ্মপুত্ৰলৈ । চৰাইদেউত ৪৩৬ শতাংশ আৰু শিৱসাগৰত ১৩৪শতাংশ অতিৰিক্ত বৰষুণ হোৱাৰ ফলত এই পানীৰ বোজা ব্ৰহ্মপুত্ৰই ল’ব নোৱাৰাত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হয়। ২০ জুলাইৰ দিনা চৰাইদেউত ৩১.৭ মিলিলিটাৰৰ ঠাইত ১৭১ মিলিলিটাৰ বৰষুণ হয় আৰু শিৱসাগৰত এই সময়ছোৱাত সাধাৰণতে হোৱা ৩৯.৯ মিলিলিটাৰ বৰষুণৰ পৰিৱৰ্তে ৯৩.২ মিলিলিটাৰ বৰষুণ হৈছে। সেয়াই নহয়, নাগালেণ্ডৰ মন জিলাত এই সময়ছোৱাত সাধাৰণতে হোৱা ৩৫.৪ মিলিলিটাৰ বৰষুণৰ সলনি ৫১.৩ মিলিলিটাৰ, মুককচাঙত ৪০.৩ শতাংশৰ সলনি ২৩৮ মিলিলিটাৰ বৰষুণ হৈছে। একেদৰে ৱাখাত এই সময়ছোৱাত হোৱা ৩৮ মিলিলিটাৰ বৰষুণৰ সলনি ৬৬.৫ মিলিলিটাৰ বৰষুণ হৈছিল। বানৰ দুৰ্দশাৰ অৱস্থা বিৱৰি মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে চৰাইদেউ জিলাৰ প্ৰতিখন গাঁৱলৈ বা প্রতিটো অঞ্চললৈকে সাহায্য প্ৰেৰণ কৰা হৈছে কিন্তু শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ ৩৩ শতাংশ অঞ্চলত এতিয়াও আমি যাব পৰা নাই। তাৰ মূল কাৰণটো হ’ল- যদিও পানী শুকাইছে, সমগ্র পথছোৱা বোকা আৰু পলসে পুতি পেলাইছে। প্রশাসনে কোনোপ্রকাৰে এই গাঁৱলৈ যাৱ পৰা নাই আৰু সেই গাঁৱৰ লোকসকল এতিয়াও আনৰ সৈতে যোগাযোগহীন হৈ আছে। যদিও পানী হ্রাস পাইছে, গাঁওবাসীয়ে এতিয়াও গাঁৱৰ পৰা ওলাই আহিব পৰা নাই। আনহাতে শিৱসাগৰ বিধানসভা সমষ্টিত ২০ শতাংশ লোকৰ মাজলৈ এতিয়ালৈকে আমি যাব পৰা নাই। নাজিৰা আৰু শিৱসাগৰৰ এই অঞ্চলসমূহ প্রশাসনে চুব নোৱাৰাটো যথেষ্ট চিন্তাৰ কাৰণ হৈছে। অৱশ্যে প্রচেষ্টা অব্যহত আছে, সেনা বাহিনীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰা হৈছে। ইয়াৰ বিপৰীতে মাহমৰা, সোণাৰি আৰু ডিমৌ সমষ্টিৰ প্ৰায় সকলোবিলাক গাঁৱলৈ প্রশাসন যাবলৈ সক্ষম হৈছে। মুখ্যমন্ত্রীয়ে কয়- পৰিস্থিতি এতিয়াও জটিল হৈ আছে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী বিমল বড়া, সুশান্ত বৰগোহাঁয়ে এতিয়াও উদ্ধাৰ অভিযানত লাগি আছে। কেশৱ মহন্তয়ো পুনৰ শিৱসাগৰ জিলাত উপস্থিত হৈ এই অভিযানত যোগ দিব। ইফালে শিৱসাগৰ আৰু চৰাইদেউ জিলাত পর্যাপ্ত খাদ্য নথকাৰ বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰ জিলাৰ পৰা সাহায্য প্ৰেৰণ কৰি থকা হৈছে। মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে এই বানত যথেষ্ট পৰিমাণে মানুহৰ ঘৰৰ ক্ষতি হৈছে, পশুধন-হাঁহ, কুকুৰা, ছাগলী, গৰুৰ ক্ষতি হৈছে তথা মৃত্যুমুখত পৰিছে। আনকি পুখুৰীসমূহৰো বিস্তৰ ক্ষতি হৈছে। কৃষিৰো বিস্তৰ ক্ষতি হৈছে। গাঁওবাসীয়ে কঠীয়া পৰাৰ সময়তে অহা এই বানৰ ফলত কঠীয়াসমূহ উটি গৈছে। আনকি স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ কিতাপ-পত্ৰৰ লগতে তেওঁলোকৰ প্ৰমাণ-পত্ৰসমূহ, ঘৰৰ লাগতিয়াল নথি-পত্রসমূহ নষ্ট হৈছে আৰু ঘৰৰ বাচন-বৰ্তনৰ পৰা সাজ-পোছাকলৈ নষ্ট হৈছে যাৰ বাবে বানাক্ৰান্তই অবর্ণনীয় কষ্টৰ সন্মুখীন হৈছে। মুখ্যমন্ত্ৰীয়ে কয়- বানাক্রান্ত অঞ্চলত উদ্ধাৰ আৰু সাহায্য অভিযান চলি আছে। এতিয়াও ক্ষয়-ক্ষতিৰ পৰিমাণ উদ্ধাৰ হোৱা নাই। অহা তিনিদিনৰ পিছত ৰাজ্যৰ কৃষি, পশুপালন আৰু স্বাস্থ্যমন্ত্ৰীয়ে বিভাগীয় দল এই জিলাকেইখনলৈ যাব আৰু ক্ষয়-ক্ষতিৰ বুজ ল’ব। মুখ্যমন্ত্ৰীয়ে পুনৰ কয় যে দুৰ্যোগৰ এই সময়ত বহুজনে সাহায্য প্রদানৰ বাবে যোগাযোগত থকাৰ লগতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও বৰঙণি আগবঢ়াইছে। আনকি বহু লোকে বানাক্ৰান্তৰ অঞ্চললৈ গৈও ৰাইজক সহায়ৰ হাত আগবঢ়াইছে। বহু ব্যক্তিয়ে মোৰ সৈতে যোগাযোগ কৰি বানাক্রান্ত অঞ্চলত কি সামগ্ৰীৰ প্ৰয়োজন আছে তাক জানিব বিচাৰি আছে। আজিৰ সময়ত আটাইতকৈ প্রয়োজনীয় সামগ্ৰী হৈছে কাপোৰ-কানিৰ। বানাক্ৰান্তৰ কাপোৰ নষ্ট হোৱাৰ ফলত যথেষ্ট অসুবিধা হৈছে। চৰকাৰে বানপীড়িতক কাপোৰ সাহায্য প্রদান নকৰে। ইয়াৰ পৰিৱৰ্তে পুঁজিহে যোগান ধৰে। সেয়েহে খাদ্য সামগ্ৰীৰ লগতে কাপোৰেৰে সহায়ৰ হাত আগবঢ়াব পাৰে বহুজনে।
