বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ বাংলাদেশৰ ৰাজনীতিত তোলপাৰ লাগিছে ৷ কাৰ্যকাল শেষ হোৱাৰ দুবছৰ পূৰ্বে শুকুৰবাৰে বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে পদত্যাগ কৰে ৷ স্বাস্থ্যজনিত কাৰণৰ বাবেই মহম্মদ ছাহাবুদ্দিনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ এই কথা তেওঁ নিজেই সদৰী কৰে ৷ ৰাষ্ট্ৰপতিৰ পদ শূন্য হোৱাৰ পিছত দেশখনৰ সংবিধান অনুসৰি নতুন ৰাষ্ট্ৰপতিয়ে দায়িত্ব গ্রহণ নকৰাপৰ্যন্ত অধ্যক্ষই সেই দায়িত্ব পালন কৰিব।বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মিত্ৰ আছিল মহম্মদ ছাহাবুদ্দিন । জানিব পৰা মতে, যোৱা মে’ মাহত ছাহাবুদ্দিনে লণ্ডন ভ্রমণলৈ গৈছিল। সেই সময়তে শ্বেখ হাছিনাৰ সৈতে টেলিফোনত তেওঁৰ কথা-বতৰা হয়। ধাৰণা কৰা হৈছে যে ইয়াৰ ফলতেই তেওঁ পদত্যাগ কৰিবলগীয়া হ’ল। বাংলাদেশৰ সংবিধান অনুসৰি ৰাষ্ট্ৰপতিয়ে অধ্যক্ষৰ ওচৰত পদত্যাগ-পত্র জমা দিব পাৰে। অহা ৯০ দিনৰ ভিতৰত জাতীয় সংসদে নতুন ৰাষ্ট্ৰপতি নিৰ্বাচন কৰিব লাগিব।উল্লেখ্য যে শুকুৰবাৰে স্বাস্থ্যজনিত কাৰণ দর্শাই বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে পদত্যাগ কৰে। প্রধানমন্ত্রী শ্বেখ হাছিনাৰ ঘনিষ্ঠ সহযোগী ছাহাবুদ্দিনে ২০২৩ চনৰ এপ্ৰিলৰ পৰা বাংলাদেশৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ আছিল। বিএনপিৰ এগৰাকী নেতাৰ মতে অহা ডিচেম্বৰত শ্বেখ হাছিনা দেশখনলৈ উভতি আহিলে যাতে পৰিস্থিতিৰ অৱনতি নঘটে, তাৰ বাবে সতর্ক থাকিবলৈ এই ব্যৱস্থা গ্রহণ কৰিছে তাৰিক ৰহমান চৰকাৰে। ৰাষ্ট্ৰপতি হোৱা ছহাবুদ্দিনৰ কাৰ্যকাল ২০২৮ চনৰ এপ্ৰিললৈকে আছিল।
