২৬ দিনৰ অন্তত অনশন ভংগ সোণম ৱাংচুকৰ

Pc NDTV

২৬ দিনৰ অন্তত অনশন ভংগ সোণম ৱাংচুকৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত নিজৰ অনশন ভংগ কৰিলে জলবায়ু কৰ্মী তথা বিজ্ঞানী সোণম ৱাংচুকে ৷  চিকিৎসাধীন অৱস্থাত থকা ৱাংচুকক কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই নিজ হাতেৰে খাদ্য খুৱাই দি এই অধ্যায়টোৰ যৱনিকা পেলালে। সেই সময়ত উপস্থিত আছিল আন এজন কেন্দ্রীয় মন্ত্রী জিতেন্দ্ৰ সিং আৰু ৱাংচুকৰ পত্নী গীতাঞ্জলি আংমোৰ লগতে লাডাখ স্বায়ত্তশাসিত পৰিষদৰ শীর্ষ নেতাসকল। ৱাংচুকে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা মূলতঃ তিনিটা বিষয়ত আশ্বাস পোৱাৰ বাবেই তেওঁ আমৰণ অনশন প্রত্যাহাৰ কৰে। এই বিষয়কেইটা হ’ল-যন্তৰ-মন্তৰত শান্তিপূর্ণ প্ৰতিবাদত অংশগ্ৰহণকাৰী আন্দোলনকাৰীৰ বিৰুদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু নহ’ব বুলি প্রতিশ্রুতি দিয়া হৈছে। দ্বিতীয়তে, ২০ জুলাইৰ সংসদ অভিযানত চামিল হোৱা আন্দোলনকাৰীৰ বিৰুদ্ধে আইনী পদক্ষেপ গ্রহণ কৰা নহয়। সমান্তৰালভাৱে দেশৰ পৰীক্ষা ব্যৱস্থাৰ ত্রুটিসমূহক লৈ সংসদত বিতৰ্ক কৰা হ’ব। লগতে কেন্দ্ৰীয় চৰকাৰে তেওঁক জনাইছে যে নীটৰ প্ৰশ্নকাকত ফাদিলৰ পিছত যিসকল শিক্ষার্থীয়ে আত্মহত্যা কৰিছে, তেওঁলোকৰ পৰিয়ালক ‘পর্যাপ্ত’ ক্ষতিপূৰণ দিয়াৰ বিষয়টো ইতিবাচকভাৱে কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব। উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিল কাণ্ডৰ তদন্ত তথা দেশৰ শিক্ষা ব্যৱস্থাত পৰিৱৰ্তন অনাৰ দাবীত যোৱা ২৬ জুনত দিল্লীৰ যন্ত্ৰৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰিছিল ৱাংচুকে। ইয়াৰ পূৰ্বৰে পৰা কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগকে ধৰি আন কেতবোৰ দাবীৰ সমৰ্থনত প্রতিবাদমুখী হৈ পৰিছিল ক’কৰোচ জনতা পার্টী (চিজেপি)। এই প্রতিবাদ ক্রমশঃ ৰাজধানী দিল্লীত উত্তাল বিদ্ৰোহৰ ৰূপ ধাৰণ কৰে। ইয়াৰ মাজতে সোণমৰ শাৰীৰিক পৰিস্থিতিৰ অৱনতি ঘটাত তেওঁক প্রথমে এখন চৰকাৰী চিকিৎসালয়ত ভর্তি কৰোৱা হয়। কিন্তু তাত তেওঁ চিকিৎসা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি নিজৰ আমৰণ অনশন অব্যাহত ৰাখে। পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশত ৱাংচুকক বেদান্ত হাস্পতাললৈ স্থানান্তৰ কৰা হয়। তাৰ পৰাও দৃঢ় কণ্ঠেৰে ৱাংচুকে স্পষ্ট কৰি দিয়ে যে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নিৰ্যাতন বন্ধ নকৰাপৰ্যন্ত নিজৰ আমৰণ অনশন ভংগ নকৰে। ইয়াৰ পিছতে বৃহস্পতিবাৰে মাজনিশা এক ভিডিঅ’ বার্তা প্রকাশ কৰে প্রধানমন্ত্রী মোদীয়ে। য’ত তেওঁ শিক্ষা ব্যৱস্থাত দুর্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে। প্রধানমন্ত্রী মোদীয়ে কয় যে আমাৰ বাবে শিক্ষার্থীসকলতকৈ একোৱেই গুৰুত্বপূৰ্ণ নহয়। চৰকাৰে তেওঁলোকৰ ভৱিষ্যতক লৈ আপোচ নকৰে। দেশৰ যুৱ সমাজৰ উজ্জ্বল ভৱিষ্যৎ সুনিশ্চিত কৰাটোৱেই আমাৰ লক্ষ্য। ফাষ্টট্রেক আদালত সংক্রান্ত্রীয় বিষয়ত সংশ্লিষ্ট দপ্তৰসমূহক নিৰ্দেশ দিয়া হৈছে। তেওঁলোকৰ নিৰলস প্ৰচেষ্টাৰ ফলতেই গভীৰ নিশা মোৰ হাতত পৰিছে ইয়াৰ খচৰা। ফাষ্টট্রেক আদালত আৰু কঠোৰ শাস্তিৰ বিধানসম্বলিত এই খচৰা কাইলৈ মন্ত্রীসভাৰ বৈঠকত আলোচনাৰ বাবে উত্থাপন কৰা হ’ব। মন্ত্রীসভাৰ সদস্যসকলৰ মতামত আৰু পৰামৰ্শ অন্তর্ভুক্ত কৰাৰ পাছত ইয়াক দিয়া হ’ব চূড়ান্ত ৰূপ। সোমবাৰৰ পৰা সংসদৰ অধিৱেশনৰ দ্বিতীয় সপ্তাহৰ কাৰ্যক্ৰমণিকা আৰম্ভ হ’ব। সেই সময়ছোৱাতেই এই বিধেয়কখন সংসদত গৃহীত কৰাৰ বাবে সর্বাত্মক প্রচেষ্টা চলাব বুলিও ভিডিঅ’ বার্তাটোত উল্লেখ কৰে মোদীয়ে। একে সময়তে তেওঁ আন এক গুৰুত্বপূৰ্ণ মন্তব্য কৰি কয় যে প্রশ্নকাকত ফাদিল কোনো সাধাৰণ বিষয় নহয়। লাখ লাখ শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বাবে ই অতি কষ্টদায়ক। প্রধানমন্ত্রী মোদীয়ে সদৰী কৰা অনুসৰি প্ৰশ্নকাকত ফাদিল কেলেংকাৰিৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা বহু পদক্ষেপ গ্রহণ কৰা হৈছে। দোষীসকলক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ। শিক্ষার্থীসকলৰ যাতে এটা বছৰ অবাবতে নষ্ট নহয়, তাৰ বাবে দ্বিতীয়বাৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ পদক্ষেপো গ্রহণ কৰা হৈছে। লক্ষণীয়ভাৱে নিজৰ এক্স হেন্ডেলযোগে প্রকাশ কৰা এই ভিডিঅ’ বার্তাটোৰ কেপচনত লিখা আছিল এইদৰে ‘প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে কাইলৈ মন্ত্রীসভাত কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব। ইফালে আমৰণ অনশন ভংগ কৰাৰ পিছত এক্স হেণ্ডেলত বিশিষ্ট পৰিৱেশকর্মী ৱাংচুকে কয় যে কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা, জিতেন্দ্ৰ সিং আৰু লাডাখ স্বায়ত্ত পৰিষদৰ শীর্ষ নেতাসকলৰ উপস্থিতিত আমৰণ অনশন প্রত্যাহাৰ কৰিলোঁ। ইয়াৰ পূর্বে বিভিন্ন ৰাজনৈতিক দলৰ ৬৫জন সাংসদে মোক সাক্ষাৎ কৰি অথবা পত্রযোগে অনশন প্রত্যাহাৰৰ অনুৰোধ জনাইছিল। হিংসা যাতে বিয়পি নপৰে, সেই কথা চিন্তা কৰিয়েই তথা একাধিক চর্তক লৈ দীর্ঘ আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা বুলি বাংচুকে মন্তব্য কৰে। লগতে শীঘ্রে এটা পৃথক ভিডিঅ’যোগে চৰ্তসমূহ বিশদভাৱে ৰাজহুৱা কৰিব বুলিও সদৰী কৰে ৱাংচুকে। ৱাংচুকে আমৰণ অনশন ভংগ কৰাৰ পাছতে প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে বাংচুকে যাতে চিকিৎসকৰ পৰামৰ্শ মানি চলে। তেওঁ দ্রুতভাবে স্বাভাৱিক ওজন ঘূৰাই পাওক।