প্রশ্নকাকত ফাদিল হ’লেই ১০ বছৰৰ কাৰাদণ্ড

Pc The Samikhsya

প্রশ্নকাকত ফাদিল হ’লেই ১০ বছৰৰ কাৰাদণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা- নীট কাণ্ডক কেন্দ্ৰ কৰি সমগ্র দেশ উত্তাল হৈ থকাৰ মাজতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে মাজনিশা তৰুণ প্ৰজন্মৰ ভৱিষ্যতক লৈ হেতালি খেলাসকলক ৰেহাই নিদিয়াৰ স্পষ্ট বাৰ্তা দিয়াৰ পিছতেই কঠোৰ পদক্ষেপ গ্রহণ কৰিছে কেন্দ্রই। শুকুৰবাৰে  অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে ‘ৰাজহুৱা পৰীক্ষা (অসৎ উপায় প্ৰতিৰোধ) আইন-২০২৪ সংশোধনী বিধেয়ক’ত অনুমোদন জনায়। য’ত প্রশ্নকাকত ফাদিলকে ধৰি পৰীক্ষাত অৱলম্বন কৰা বিভিন্ন অসৎ উপায় প্রতিৰোধকল্পে অভিযুক্তসকলৰ ক্ষেত্ৰত কঠোৰ শাস্তিৰ বিধান ৰখা হৈছে। এই সংশোধনী বিধেয়কখন সংসদত উত্থাপনৰ সম্ভাৱনা আছে চলিত বর্ষাকালীন অধিৱেশনৰ সময়ছোৱাতে। সংসদত সংশোধনী বিধেয়কখন গৃহীত তথা আইনলৈ পৰিণত হোৱাৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ লগে লগে দেশৰ পৰীক্ষা ব্যৱস্থা যথেষ্ট কঠোৰ হৈ পৰিব। বিশেষকৈ প্রশ্নকাকত ফাদিলৰ ঘটনাত অভিযুক্তসকলে অধিক কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব। সমান্তৰালভাৱে সম্ভৱ হৈ পৰিব এই সংক্রান্তীয় ঘটনাৰ দ্রুত বিচাৰো। সংশোধনী বিধেয়কখনত উল্লেখ থকা অনুসৰি দোষীয়ে ৩ৰ পৰা ৫ বছৰৰ কাৰাদণ্ডৰ সম্মুখীন হ’ব লাগিব। আদায় দিব লাগিব সর্বোচ্চ ১০ লাখ টকাপর্যন্ত জৰিমনা। তদুপৰি পৰীক্ষা পৰিচালনাৰ দায়িত্বত যিবোৰ সংস্থা থাকিব, তেওঁলোক প্ৰশ্নকাকত ফাদিলৰ ঘটনাত দোষী সাব্যস্ত হ’লে সংশ্লিষ্ট সংস্থাটোৰ বিষয়াই ৫ৰ পৰা ১০ বছৰ কাৰাবাস খটাৰ সমান্তৰালভাৱে ১-১০ কোটি টকাপর্যন্ত জৰিমনা আদায় দিবলগীয়া হ’ব পাৰে।উল্লেখ্য যে যোৱা ৩ মে’ত অনুষ্ঠিত হৈছিল চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা ‘নীট-ইউজি’। কিন্তু পৰীক্ষাৰ এসপ্তাহৰ ভিতৰতে পোহৰলৈ আহে প্ৰশ্নকাকত ফাদিলৰ ঘটনা। দেশজুৰি ইয়াক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত দায়িত্বত থকা সংস্থা নেচনেল টেষ্টিং এজেঞ্চীয়ে পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হয়। ইতিমধ্যে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰি ফলাফল ঘোষণা কৰিলেও হতাশাত ভুগি দেশৰ ভিন্ন প্ৰান্তৰ বহুকেইজন পৰীক্ষাৰ্থীয়ে আত্মহননৰ পথ গ্রহণ কৰে। এনে অৱস্থাত সমগ্র দেশজুৰি কেন্দ্ৰীয় শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উঠে। বিশেষকৈ ক’কৰোচ জনতা পার্টী (চিজেপি)-এ ৰাজধানী নতুন দিল্লীকে ধৰি প্রান্তে প্রান্তে প্রতিবাদ তীব্ৰতৰ কৰি তুলিছে। বিগত ৩৯দিন ধৰি এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে চিজেপিয়ে। ইয়াৰ সমান্তৰালভাৱে যন্তৰ মন্তৰত আমৰণ অনশন আৰম্ভ কৰে বিশিষ্ট পৰিৱেশকর্মী সোণম বাংচুকে।