ডিব্ৰুগড়ত গল্পকাৰ মিলন সভা সম্পন্ন- ‘গল্পবৈভৱ” উন্মোচন
এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া ভাষা সাহিত্যৰ বিশাল পথাৰখনক সৃষ্টিশীল সাহিত্যৰে অনন্যা মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ কেইগৰাকীমান বিশিষ্ট সাহিত্যিকে – ২০২৪ চনত প্ৰতিষ্ঠা লাভ কৰিছিল “গল্পকাৰ মিলন সভা”। দুবছৰীয়া এই অনুষ্ঠানটিয়ে বিগত বৰ্ষত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰি অহা অংশ হিচাপে শ্ৰীশ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃত সাহিত্য বিষয়ত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত কৰা হয়। গল্পকাৰ মিলন সভাৰ সভাপতি গন্ধেশ্বৰ শইকীয়াই সভাপতিত্ব কৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি গল্প বিষয়ক এখনি আলোচনা সত্ৰও অনুষ্ঠিত কৰা হয়।সভাৰ আৰম্ভণিতে গল্পকাৰ মিলন সভাৰ সভাপতি গন্ধেশ্বৰ শইকীয়াই বন্তি প্রজ্বলন কৰা সভাত গল্পকাৰ মিলন সভাৰ কাৰ্যকৰী সভাপতি জ্যোতি বৰগোহাঁইয়ে উদ্বোধন কৰা সভাত আদৰণি ভাষণ আগবঢ়ায় কাৰ্যকৰী সভাপতি কুসুম্বৰ টাইৰাই গগৈয়ে। গল্পকাৰ তথা মানকটা শতদল শাখা সাহিত্য সভাৰ সভাপতি কুসুম সোনোৱাল শইকীয়াই আঁতধৰা সভাত সমল ব্যক্তি হিচাপে বিশিষ্ট গল্পকাৰ টুনুজ্যোতি গগৈয়ে গল্পৰ ইতিহাস, গল্প লিখাৰ কৌশল আদিৰ সম্পৰ্কত এক মনোগ্রাহী আৰু সাৰগৰ্ভ ভাষণ আগবঢ়ায়। অনুষ্ঠানত বিশিষ্ট গল্পকাৰ অৱসৰপ্ৰাপ্ত শিক্ষক-কিৰণ চন্দ্ৰ মেছে সম্পাদনা কৰি প্ৰকাশ কৰা আৰু প্ৰথমবাৰৰ বাবে চাৰিশ চল্লিছ পৃষ্ঠা জোৰা আৰু ১৭৮ জন গল্পকাৰে লিখা অসমৰ প্ৰথমখন গল্পসংকলন ‘”গল্পবৈভৱ'” গ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ উপ সভাপতি পদুম ৰাজখোৱাই। ‘গল্পকাৰ মিলন সভা’ অনুষ্ঠানটিয়ে- অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে আৰু জনমুখী সাহিত্য-যাত্ৰাৰে আয়োজিত অনুষ্ঠাত ডিব্ৰুগড় জিলাৰ অন্তৰ্গত নাহৰকটীয়া- দুলিয়াজান- নামৰূপ- মৰাণ, ডিব্ৰুগড়-চাচনি- লাহোৱাল- বকুল- লেজাই,জামিৰাকে ধৰি অন্যান্য প্ৰান্তৰ বহু সংখ্যক গল্পকাৰ উপস্থিত থাকি অনুষ্ঠানটি প্ৰাণৱন্ত কৰি তোলে।
