ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘোষণা

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘোষণা: বানাক্ৰান্ত শিক্ষাৰ্থীৰ বাবে অনলাইন নামভৰ্তি আৰু দ্ৰুতগতিত নথিপত্ৰ পুনৰ প্ৰদানৰ ব্যৱস্থা

এম হাছিম আলী,ৰঙিলী বাৰ্ত্তাসেৱা-  উজনি অসমৰ বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলসমূহৰ ভয়াৱহ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিক্ষাৰ্থীসকলৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে কেইবাটাও বিশেষ সহায়ক ব্যৱস্থা ঘোষণা কৰিছে। এই ব্যৱস্থা অনুসৰি শিক্ষাৰ্থীসকলে অনলাইনযোগে নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব আৰু বান পানীত হেৰোৱা শৈক্ষিক নথিপত্ৰসমূহ অগ্ৰাধিকাৰ ভিত্তিত পুনৰ লাভ কৰিব পাৰিব। উপাচাৰ্য ড০ জিতেন হাজৰিকাই প্ৰকাশ কৰা এক অধিসূচনা অনুসৰি, যিসকল বানাক্ৰান্ত শিক্ষাৰ্থী নামভৰ্তিৰ আনুষ্ঠানিকতাৰ বাবে ব্যক্তিগতভাৱে বিশ্ববিদ্যালয়লৈ আহিবলৈ অপাৰগ, তেওঁলোকক অফলাইনত চলি থকা বাকী থকা সকলো পাঠ্যক্ৰমৰ নামভৰ্তি অনলাইনযোগে কৰাৰ সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ ভিতৰত ‘কমন ইউনিভাৰ্ছিটি এণ্ট্ৰেন্স টেষ্ট’ (CUET) শ্ৰেণীৰ অধীনৰ পাঁচবছৰীয়া সংহত কাৰ্যসূচীৰ (FYIPGP) নামভৰ্তিও অন্তৰ্ভুক্ত। বানাক্ৰান্ত শিক্ষাৰ্থীসকলক এই অনলাইন প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট নামভৰ্তি কোষ (Admission Cell) বা বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লগতে স্বীকাৰ কৰে যে বানপানীৰ ফলত কেইবাটাও দুৰ্দশাগ্রস্ত পৰিয়ালৰ শৈক্ষিক প্ৰমাণপত্ৰ, মাৰ্কশ্বীট আৰু অন্যান্য নথি-পত্ৰ প্ৰলয়ংকৰী পানীত উটি গৈছে বা নষ্ট হৈছে। যিসকল বৰ্তমানৰ বা প্ৰাক্তন শিক্ষাৰ্থীয়ে এনে নথি-পত্ৰ হেৰুৱাইছে, তেওঁলোকে স্বাভাৱিক সত্যতা নিৰূপণ প্ৰক্ৰিয়াৰ অধীনত, নথি হেৰোৱাৰ সন্দৰ্ভত এখন লিখিত আবেদন আৰু শপতনামা (affidavit) সহ পৰীক্ষা নিয়ন্ত্ৰক বা সংশ্লিষ্ট শাখাত যোগাযোগ কৰি অগ্ৰাধিকাৰ ভিত্তিত দ্ৰুতগতিত নথিসমূহ পুনৰ সংগ্ৰহ কৰিব পাৰিব। অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা তিনি মাহৰ ভিতৰত এই নথি পুনৰ প্ৰদানৰ আবেদন দাখিল কৰিব লাগিব। বিষয়া পৰ্যায়ৰ সূত্ৰই জনোৱা মতে, বানাক্ৰান্ত জিলাসমূহৰ শিক্ষাৰ্থী আৰু অভিভাৱৰ পৰা লাভ কৰা কেইবাখনো স্মাৰকপত্ৰৰ পাছতে বিশ্ববিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে। পানীৰে উপচি পৰা পথ আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে তেওঁলোকে বিশ্ববিদ্যালয়লৈ যাতায়াত কৰাত অসুবিধাৰ সন্মুখীন হৈছিল।বিশ্ববিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে যে বানপীড়িত শিক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে বিশ্ববিদ্যালয় সদায় সংহতিৰে থিয় দিছে আৰু শিক্ষাৰ্থীৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সহায়ৰ প্ৰয়োজন হোৱা শিক্ষাৰ্থীসকলক প্ৰক্ৰিয়াটোৰ পৰৱৰ্তী তথ্যৰ বাবে নিজ নিজ বিভাগ আৰু নামভৰ্তি কোষৰ সৈতে সম্পৰ্ক ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে।