টেলিফোনযোগে মুখ্যমন্ত্ৰীৰ পৰা অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বান পৰিস্থিতিয়ে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ আদি জিলাৰ শ শ গাঁও এতিয়াও পানীৰ তলত আছে । ৰাজ্যখনৰ এনে ৰ বান পৰিস্থিতিক লৈ চৰকাৰো উদ্বিগ্ন হৈ পৰিছে । তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰেও ৰাজ্য চৰকাৰৰ সৈতে বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰিছে ।কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে টেলিফোনযোগে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা ৰাজ্যৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লয় । বাৰ্তালাপৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে প্ৰকাশ কৰা এক বিজ্ঞপ্তি অনুসৰি অহা ২৫ জুলাইৰ পৰা কেন্দ্ৰীয় আন্তঃ মন্ত্ৰালয়ৰ দলে অসমত বানৰ ক্ষয়ক্ষতিৰ পৰ্যালোচনা কৰিব। দলটোৱে পৰিদৰ্শন কৰিব ৰাজ্যখনৰ বন্যাক্রান্ত এলেকা। উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা ৭ জুলাইৰ পৰা ১০ জুলাইলৈ আন্তঃ মন্ত্রালয় দলে পৰিদৰ্শন কৰিছে অসমৰ বন্যাক্রান্ত এলেকা। আজি টেলিফোনিক বাৰ্তালাপৰ সময়ছোৱাতে ভয়ংকৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰাৰ বাবে শীঘ্রে অসমলৈ এটা আন্তঃমন্ত্ৰালয় দল প্ৰেৰণ কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে মুখ্যমন্ত্রী ড° শৰ্মাক জানিবলৈ দিছিল। সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি মুখ্যমন্ত্রী ড° শর্মাই ইতিপূর্বে কয় যে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে টেলিফোনযোগে মোৰ পৰা অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লৈছে। অসমত উদ্ভৱ হোৱা অভূতপূর্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেওঁ জনাইছে-ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনর্বাসন তথা পুনঃনির্মাণ প্রক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পর্কে পর্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ বিষয়াৰ দ্বাৰা গঠিত এটা দল অসমত আহি উপস্থিত হ’ব। ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত সংঘটিত আকস্মিক বানে আমাৰ বহু লোকৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
